ETV Bharat / state

Ankushita-Lovlina Success Story: বছৰৰ শেষতো অসমীয়াক গৌৰৱান্বিত কৰিলে লাভলীনা-অংকুশিতাই

author img

By

Published : Dec 27, 2022, 5:08 PM IST

2022 বৰ্ষটো অসমৰ ক্ৰীড়াজগতৰ বাবে সোণালী বৰ্ষৰূপে চিহ্নিত হৈ ৰ’ল ৷ ৰেকৰ্ড ভংগ কৰি একেটা বৰ্ষতে অসমীয়া খেলুৱৈয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দখল কৰিলে বহু পদক ৷ বছৰটোৰ অন্তিম সময়তো দুই অসমকন্যাই লাভ কৰিলে সোণ আৰু ৰূপৰ পদক (Assamese sports person success story)৷

Assamese sports person success story
দুই অসমকন্যাই লাভ কৰিলে সোণ আৰু ৰূপৰ পদক

নিউজ ডেস্ক, 27 ডিচেম্বৰ : বছৰটোৱে বাগৰ সলাবলৈ যো-জা কৰি থকাৰ সময়তে আকৌ এবাৰ সোণে-ৰূপে জিলিকি উঠিল অসমৰ ক্ৰীড়াংগন ৷ ২০২২ এ এঙামুৰি দি ২০২৩ মুৱা হও কি নহও কৰি থাকোতেই সোমবাৰে নিশা আহিল আৰু এটা ভাল লগা খবৰ (Assamese sports person success story)৷ মহিলা বক্সিং ৰিঙৰ নতুন ধুমুহা, দুই অসমকন্যা লাভলীনা বৰগোহাঁই(Boxer Lovlina Borgohain) আৰু অংকুশিতা বড়োৱে(Boxer Ankushita Boro) একলগে আজুৰি আনিলে সোণ আৰু ৰূপৰ পদক ৷ লাভলীনাই সোণ আৰু অংকুশিতাই ৰূপ ৷

মধ্য প্ৰদেশৰ ভূপালত ১৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল ষষ্ঠ এলিট মহিলাৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ (Womens National Boxing Championships 2022)৷ ২৬ ডিচেম্বৰ অৰ্থাৎ কালি এই প্ৰতিযোগিতাৰ সামৰণি পৰে৷ এই প্ৰতিযোগিতাত লাভলীনা বৰগোহাঁয়ে ৭৫ কেজি শাখাৰ ফাইনেলত অৰ্জন কৰে স্বৰ্ণ পদক ৷ লাভলীনাৰ প্ৰতিদ্বন্দ্বী আছিল ছাৰ্ভিচেছ স্পৰ্টছ কন্ট্ৰল ব'ৰ্ডৰ (এছ এছ চি বি) অৰুন্ধতী চৌধুৰী ৷ প্ৰতিপক্ষক অনায়াসে পৰাভূত কৰি অসমকন্যা লাভলীনাই আকৌ এবাৰৰ বাবে পিন্ধিবলৈ সক্ষম হয় সোণৰ মুকুট ৷ অৰুন্ধতী চৌধুৰী ২০২১ ৰ যুৱ বিশ্ব চেম্পিয়নৰ স্বৰ্ণজয়ী ৷

কিন্তু সোমবাৰে এইগৰাকী চেম্পিয়ন ৫-০ ৰ ব্যৱধানত পৰাজিত হ'বলগীয়া হয় লাভলীনাৰ হাতত ৷ আনহাতে এই একেখন ফাইনেলতে ৬৬ কেজি শাখাত ৰূপৰ পদক লাভ কৰে বক্সিং ৰিঙৰ আন এক চাঞ্চল্য অংকুশিতা বড়োৱে ৷ অংকুশিতায়ো স্বৰ্ণৰ লক্ষ্য আগত ৰাখিয়েই ৰিঙত নামিছিল যদিও তেওঁৰ সেই স্বপ্ন পূৰণ হ'বলৈ নিদিলে মধ্য প্ৰদেশৰ বক্সাৰ মঞ্জু বেম্বৰিয়াই ৷ যাৰ বাবে ফাইনেল ৰাউণ্ডত মঞ্জুৰ হাতত পৰাস্ত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হ'ল অংকুশিতা ৷

অসম আৰু অসমীয়াৰ বাবে ভাল লগা কথা যে যাও যাওকৈ থকা ২০২২ বৰ্ষটোত অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ আহিছে একেলগে বহুকেইটা সুখবৰ ৷ ২০২২ৰ বাৰ্মিংহাম কমনৱেলথ গেমছত অসমৰ লন বল খেলুৱৈ ৩৪ বছৰীয়া নয়নমণি শইকীয়াই(Lawn bowler Nayanmoni Saikia) তিনি সতীৰ্থৰ সৈতে স্বৰ্ণ পদক লাভ কৰিছিল ৷ পৰৱৰ্তী সময়ত নয়নমণিয়ে লাভ কৰিছিল অৰ্জুন বঁটা ।

যোৰহাটৰ ২৪ বছৰীয়া অম্লান বৰগোহাঁইয়ে(Athletics Amlan Borgohain) ২০২২ত উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত অনুষ্ঠিত আন্তঃৰেলৱে’ এথলেটিকছ চেম্পিয়নশ্বীপৰ পুৰুষৰ ১০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে ৷ তেওঁ ১০.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ৰ্ণ কৰি ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল । ৰাষ্ট্ৰীয় ক্ৰীড়া- 2022তো তেওঁ 100 মিটাৰ আৰু 200 মিটাৰ দুয়োটা শাখাতে স্বৰ্ণজয় কৰিছিল ।

ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাৰ ২০ বছৰীয়া ৰছিনা গোৱালাই(Rasina Gowala) পশ্চিম বংগত অনুষ্ঠিত ১১ সংখ্যক দক্ষিণ এছিয়াৰ কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰে । ৰছিনা ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাৰ এগৰাকী সাধাৰণ কৰ্মী ৷ কাজাখস্তানৰ ৰাজধানী নুৰ-চুলতানত অনুষ্ঠিত এলৰ্ডা কাপত অসমৰ যমুনা বড়োৱে ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে ।

মালয়েছিয়ায় অনুষ্ঠিত এছিয়ান আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপ-২০২২ত জ্যেষ্ঠ পুৰুষৰ ৬৩ কিলোগ্ৰাম শাখাত স্বৰ্ণজয় কৰে ডিব্ৰুগড়ৰ মনোজ দেবনাথে (Arm wrestler Manoj Debnath) । চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপ-২০২২ত স্বৰ্ণ পদক জয় কৰি দ্বিতীয়বাৰৰ বাবে মহিলাৰ ১০০ মিটাৰ দৌৰত ব্যক্তিগত শ্ৰেষ্ঠতা অৰ্জন কৰে অসম সন্তান হিমা দাসে ।

সৌ সিদিনা জৰ্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় বক্সাৰ শিৱ থাপা (Indian boxer in Asian Boxing Championship)৷ অৱশ্যে ফাইনেল খেলখনৰ মাজতেই শিৱ আঘাতপ্ৰাপ্ত হোৱাত খেলখন আধাতেই প্ৰত্যাহাৰ কৰিবলগীয়া হয় ।

ইয়াৰো আন কেইবাগৰাকীও ভাৰতীয় ক্ৰীড়াবিদে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম কৰিবলৈ সক্ষম হ’ল 2022 বৰ্ষত ৷ যোৱা নৱেম্বৰ মাহত কেৰেলাত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত অসম সন্তান হৃদয় হাজৰিকাই(Shooter Hriday Hazarika) লাভ কৰিলে ৰূপৰ পদক । ইফালে অন্ধ্ৰপ্ৰদেশৰ ৰাজামুণ্ডিত অনুষ্ঠিত ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত শিৱসাগৰৰ চানিয়া গামে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

এইদৰে বহু ভালখবৰৰ মাজৰে বছৰৰ বিয়লিত উপনীত হৈছে অসমবাসী৷ প্ৰতিজন অসমীয়াই আশা কৰিছে সমাগত নতুন বৰ্ষটোৱেও লৈ আনক এনে বহু ইতিবাচক খবৰ ৷

লগতে পঢ়ক: Athlete Parmita Das wins medal: বাক্সাৰ এথলীট পাৰমিতা দাসৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.