ETV Bharat / state

এইবাৰো জীয়াতু ভুগিব লাগিব ৰাজ্যবাসীয়ে, মেৰামতি ন'হল ৬৪ টা মথাউৰি

বিগত বৰ্ষত ভগা ৬৪ টা মথাউৰি মেৰামতিৰ বাবে নিবিদা আহ্বান কৰা নহ'ল। পূৰ্বৰ ১৯০ খন আঁচনিৰ ২৫ শতাংশ কাম এতিয়াও বাকী থাকিল। দুৰ্বল মথাউৰি সবল কৰাৰ আঁচনিয়ে গ্ৰহণ কৰা নাই । এইবাৰো বানত হাহাকাৰ কৰিব লাগিব অসমবাসীয়ে ৷

এইবাৰো জীয়াতু ভুগিব লাগিব অসমবাসীয়ে, মেৰামতি ন'হল ৬৪ টা মথাউৰি

author img

By

Published : May 25, 2021, 6:16 PM IST

গুৱাহাটী, ২5 মে' : ক'ভিডৰ ভয়াৱহতাৰ মাজতে আগন্তুক বানক লৈ সৃষ্টি হৈছে শংকাৰ । কাৰণ বিগত বৰ্ষত বলিয়া বানে ভাঙি থৈ যোৱা মথাউৰিসমূহ সময়মতে মেৰামতি নকৰাৰ বাবেই এইবাৰো বানপানীয়ে ৰাজ্যত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই দেখা দিছে। নতুন চৰকাৰখনে সম্ভাব্য বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ইতিমধ্যে বিশেষ তৎপৰতা অৱলম্বন কৰিছে যদিও কিমান দূৰ সফল হ'ব সেয়া সময়েহে ক'ব।

কাৰণ বিগত বৰ্ষত কালৰূপী বানৰ কোবাল সোঁতে ভাঙি থৈ যোৱা প্ৰায় ৬৪ টা মথাউৰিৰ মেৰামতিৰ বাবে নিবিদা আহ্বান কৰা নহ'ল। নিয়ম মতে বিগত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহতে মথাউৰিসমূহ মেৰামতি কৰাৰ বাবে নিবিদা আহ্বান কৰিব লাগিছিল আৰু এপ্ৰিল-মে' মাহতে কাম সম্পূৰ্ণ হ'ব লাগিছিল। কিন্তু বিভাগীয় গাফিলতিৰ বাবে সেয়া হৈ নুঠিল। যাৰ পৰিণাম স্বাভাৱিকতে এইবাৰ ৰাজ্যবাসীয়ে ভুগিব লাগিব।

উল্লেখ যে, বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি আৰু ক'ভিড পৰিস্থিতিৰ দোহাই দি বিভাগটোৰ আমোলা-বিষয়াসকলে নিজকে দোষমুক্ত কৰিব বিচাৰিছে যদিও বছৰ বছৰ ধৰি তেওঁলোকে এনে মানসিকতাৰেই কাম কৰি আহিছে। পূৰ্বৰ চৰকাৰৰ দিনটো বহু বাৰ সময় বান্ধি দিয়া হৈছিল যদিও কাৰ্যতঃ কোনো ফল ধৰা নাছিল। বিগত বৰ্ষতো বিভাগটোৱে ভগা মথাউৰি মেৰামতিৰ কাম সময়মতে নকৰাৰ বাবে বানপীড়িত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছিল।

এইবাৰো জীয়াতু ভুগিব লাগিব অসমবাসীয়ে, মেৰামতি ন'হল ৬৪ টা মথাউৰি

বিগত বৰ্ষত মেৰামতি কৰিবলগীয়া ৪৮ টা মথাউৰিৰ কাম আজিলৈকে এশ শতাংশ সম্পূৰ্ণ নহ'ল। এছঅ'পিডিৰ অধীনত ৪৮ খন আঁচনিৰ বাবে ৬০০ কোটি টকা মুকলি কৰি দিয়া হৈছিল। তদুপৰি ২০০ কোটি টকা ব্যয় সাপেক্ষে এছ ডি আৰ এফে হাতত লৈছিল ১০১ খন আঁচনি। আনহাতে ১০০ কোটি টকা ব্যয়সাপেক্ষে নাবাৰ্ডৰ অৰ্থ সাহাৰ্যৰে হাতত লোৱা হৈছিল ৪১ খন আঁচনি। ২০২০-২০২১ বৰ্ষৰ বাবে হাতত লোৱা মুঠ ১৯০ খন আঁচনিৰ কাম এতিয়ালৈকে এতিয়ালৈকে প্ৰায় ৭৫ শতাংশহে সম্পূৰ্ণ কৰা হ'ল ।

২৫ শতাংশ কাম এতিয়াও কৰিবলৈ বাকী থাকিল । কাম সম্পূৰ্ণ নকৰাৰ বাবে নৱ নিযুক্ত জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকাই এজন ঠিকাদাৰক জবাবদিহি কৰিছিল । ইফালে সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অলপতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । তেওঁ এমাহৰ ভিতৰত মথাউৰিৰ সংকটজনক স্থান সমূহ চিনাক্ত কৰি মেৰামতি কৰাৰ নিৰ্দেশ দিছে । লগতে মুখ্যমন্ত্রীয়ে সময়মতে কাম সম্পূৰ্ণ কৰা তথা কামৰ মান ৰক্ষাৰ বাবে এখন খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছে ।

পৰিতাপৰ বিষয় এই যে, বিভাগটোৰ একাংশ বিষয়া আৰু ঠিকাদাৰৰ হেমাহি আৰু অনিয়মৰ বাবেই প্ৰতিবছৰে বানৰ ভয়াৱহ কৱলত পৰিবলগীয়া হয় ৰাজ্যবাসী । লক্ষণীয় বিষয় যে ৰাজহ, বিত্ত আৰু জলসম্পদ বিভাগৰ সমন্বয়হীনতাৰ বাবেই প্ৰতিবছৰে বানে সংহাৰী ৰূপ ধাৰণ কৰি আহিছে। তিনিওটা বিভাগৰ খোৱা-কামোৰাৰ বাবেই প্ৰতি বছৰে ভগা মথাউৰি তথা দুৰ্বল মথাউৰি মেৰামতি, গৰাখহনীয়া ৰোধৰ কাম সময়মতে আৰম্ভ নহয় ।

আনহাতে, একাংশ বিষয়াৰ হেমাহিৰ বাবে ৰাজ্যৰ প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৫-৩০ বছৰ পুৰণি দুৰ্বল মথাউৰিক সবল কৰাৰ আঁচনি গ্ৰহণ কৰিব পৰা নাই চৰকাৰে। প্ৰকৃততে বান নিয়ন্ত্রণ আঁচনি একাংশ বিষয়া আৰু ঠিকাদাৰৰ বাবে সম্পত্তিৰ পাহাৰ গঢ়াৰ উৎস হৈ পৰিছে। প্ৰতি বছৰে বান নিয়ন্ত্ৰণৰ নামত শ শ কোটি টকা ব্যয় কৰা হয় যদিও বাস্তৱত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। এইবাৰ নতুন চৰকাৰখনে এইক্ষেত্রত বিশেষ তৎপৰতা অৱলম্বন কৰিছে আৰু কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক'ভিড পৰিস্থিতিৰ মাজতো নিজেই বান পৰিস্থিতি নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰিছে। সময় কম যদিও অধিক ক্ষিপ্ৰতাৰে বান নিয়ন্ত্ৰণৰ কাম নকৰিলে এইবাৰ বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক: অখিল গগৈক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত বিবৃতিযোগে প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.