গুৱাহাটী, 4 জুন: বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা সফলতাৰে আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম পৰ্ৱতাৰোহণ সন্থাৰ দলটোক ৰাজ্যৰ বিভিন্ন স্থানত উষ্ম আদৰণি জনোৱা হয় ৷ 54 দিনীয়া অভিযান সামৰি 7 জনীয়া অভিযানকাৰী দলটো শনিবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাচতেই বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায় ৷
উল্লেখযোগ্য যে, ৰে’লেৰে অসমলৈ ঘূৰি অহা দলটো 2 জুনত কোকৰাঝাৰত উপস্থিত হয় ৷ দলটোক তাতেই জিলা প্ৰশাসন, আছুকে ধৰি বিভিন্ন দল-সংগঠনে আদৰণি জনায় (Assamese Mountaineers) ৷
আনহাতে, কোকৰাঝাৰৰ পৰা দলটো স্থলপথেৰে গুৱাহাটী অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে শনিবাৰে পুৱা কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ (চি আই টি) শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ গুৱাহাটী অভিমুখী দলটোক বঙাইগাঁও, পাঠশালা আদি একাধিক স্থানত জিলা প্ৰশাসন, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিভিন্ন দুঃসাহসিক ক্ৰীড়া সংগঠন, প্ৰেছ ক্লাৱ আদিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে (Mount Kanchenjunga) ৷
আনহাতে, সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা দলটোক উজানবজাৰস্থিত শ্বহীদ ন্যাসত আছুৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উষ্ম আদৰণি জনোৱা হয় ৷ অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি কেন্দ্ৰীয় সমিতি আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বহুকেইজন নেতা-কৰ্মী উপস্থিত থাকে ৷ অসম পৰ্বতাৰোহণ সন্থাৰ উপদেষ্টা সত্যেন শৰ্মা, সভাপতি দেৱেন্দ্ৰ নাথ মহন্ত, প্ৰৱীণ পৰ্বতাৰোহী পাৰ্ৱতী প্ৰসাদ গৌতম, ৰাজেন্দ্ৰ প্ৰসাদ গৌতমকে ধৰি সন্থাৰ বহুসংখ্যক নৱীন-প্ৰৱীণ সতীৰ্থয়ো দলটোক উষ্ম আদৰণি জনায় (Assam Mountaineering Association) ৷
এই অনুষ্ঠানতে গুৱাহাটীৰ নৰ্থ ইষ্ট এডভেন্সাৰ ফাউণ্ডেশ্যন, বগামাটিৰ গ্ৰীণ ট্ৰেক এডভেন্সাৰ, গোৰেশ্বৰৰ শিখৰ এডভেন্সাৰকে ধৰি কেইবাটাও দল-সংগঠনেও মাউণ্ট কাঞ্চনজংঘাত সফলতাৰে আৰোহণ কৰা অসমৰ দলটোক আদৰণি জনায় ৷ প্ৰণিধানযোগ্য যে, অসম পৰ্বতাৰোহণ সন্থাৰ সদস্যদ্বয় ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে 25 মে’ৰ পুৱা প্ৰায় 7.15 বজাত 8,586 মিটাৰ উচ্ছতাৰ মাউণ্ট কাঞ্চনজংঘা শৃংগৰ শিখৰত সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছিল ৷
আৰোহণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম কঠিন শৃংগ হিচাপে পৰিচিত মাউণ্ট কাঞ্চনজংঘালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰপৰা এইটোৱেই আছিল কোনো সংগঠনে এককভাৱে চলোৱা আৰু সফলতাৰে শিখৰ আৰোহণ কৰাৰ প্ৰথমটো বৃহৎ অভিযান (Mountaineers Successfully Climb Mt Kanchenjunga) ৷
এই অভিযানৰ বাবে অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে বিত্তীয় সাহাৰ্য আগবঢ়াইছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা এই অভিযানৰ চীফ-দ্য-মিছন আছিল ৷ উল্লেখযোগ্য যে, দলটোৰ চাৰিজন সদস্য ক্ৰমে ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, কৌশিক দাস আৰু শেখৰ বৰদলৈয়ে 18 মে’ত প্ৰথম শিখৰ আৰোহণৰ লক্ষ্যৰে অভিযান চলাইছিল ৷ দলটোৱে মাউণ্ট কাঞ্চনজংঘাৰ 8,416 মিটাৰ পৰ্যন্ত আৰোহণ কৰাৰ পাচতো কাৰিকৰী কাৰণত শিখৰলৈ মাত্ৰ 170 মিটাৰ বাকী থকা অৱস্থাত সেইদিনা অভিযান পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল (Mount Kanchenjunga Expedition) ৷
ইয়াৰ ছদিন পাচত দলটোৰ দুই সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে দ্বিতীয়বাৰৰ বাবে ছামিট কেম্পৰপৰা শিখৰ আৰোহণৰ প্ৰয়াস কৰিছিল আৰু এইবাৰ সফলতাৰে শিখৰ আৰোহণ কৰি ৰাজ্যলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ কাঞ্চনজংঘা অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰে 2015 আৰু 2016 বৰ্ষত অসমৰপৰা উলিওৱা এভাৰেষ্ট অভিযান দুটাৰ নেতৃত্ব বহন কৰা ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহী মানস বৰুৱাই ৷
উপ-দলপতিৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছিল ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী ৷ যুটীয়া উপ-দলপতিৰ দায়িত্বত আছিল অভিজ্ঞ পৰ্ৱতাৰোহী উপেন চক্ৰৱৰ্তী (Assam mountaineers scale Mt Kanchenjunga) ৷
উল্লেখযোগ্য যে, অসম পৰ্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান-2023ৰ 7 জনীয়া দলটো যোৱা 11 এপ্ৰিলত গুৱাহাটীৰপৰা ৰাওনা হৈছিল ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে 7 এপ্ৰিলত কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অভিযানৰ ফ্লেগ অফ কৰাৰ লগতে অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ এক্স আৰু অভিযানৰ পতাকা অৰ্পন কৰিছিল ৷