ETV Bharat / state

মুৰ্গী ব্যৱসায়েৰে স্বনিয়োজনৰ বাট বুলিছে এজন গীতিকাৰে - আৰ্থিক সংকট

জোনবাই, মাইহাং, দেহামণি, হিয়ামণি আদি জনপ্ৰিয় অসমীয়া ভিচিডিৰ গীত আপুনি শুনিছে আৰু গুণগুণাইছে। আপোনালোকে এই ভিচিডি সমূহৰ গীত সমূহত কণ্ঠদান কৰা শিল্পী সকলকে হওক বা অভিনয় কৰা শিল্পী সকলকে হওক চিনি পায়। কিন্তু এই জনপ্ৰিয় ভিচিডি সমূহৰ গীতিকাৰ মাজুলী সোণোৱাল আপোনালোকে চিনি পায় নে ? আজি আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছো গীতিকাৰ মাজুলী সোণোৱালক এক অন্য ৰূপত।

Assamese lyricist
Assamese lyricist
author img

By

Published : Jun 10, 2020, 5:07 AM IST

গুৱাহাটী, 9 জুন : মহানগৰী গুৱাহাটীৰ অনিল নগৰত পথৰ কাষত মুৰ্গী বিক্ৰী কৰা এজন যুৱকে ৷ যুৱকজন আন কোনো নহয়, তেওঁ হৈছে মাজুলী সোণোৱাল ৷ জোনবাই, মাইহাঙকে আদিকে কৰি কেইবাখনো জনপ্ৰিয় অসমীয়া ভিচিডিৰ গীতিকাৰ মাজুলী সোণোৱাল। বিশ্বব্যাপী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ হোৱাত সমগ্ৰ বিশ্বৰ অৰ্থনীতি নিম্নগামী হোৱাৰ ফলত কৰ্মহীন হৈ পৰিছে লাখ লাখ যুৱক-যুৱতী। এই ক্ষেত্ৰত দেখা গৈছে বহু যুৱকে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ বিকল্প কৰ্ম হাতত লৈছে । বহু শিক্ষিত যুৱক জড়িত হৈ পৰিছে মাছ-মাংসৰ ব্যৱসায়ৰ লগত ।

Assamese lyricist
গীতিকাৰ মাজুলী সোণোৱাল

অসমীয়া ছবি জগতৰো বহু লোকে আঁকোৱালি লৈছে বিকল্প কৰ্ম। বিকল্প কৰ্ম হাতত লোৱা ছবি জগতৰ তেনে এক শিল্পী হৈছে মাজুলী সোণোৱাল। লক্ ডাউনৰ আৰম্ভণিতে কৰ্মহীন হৈ আৰ্থিক সংকটত পৰা মাজুলী সোণোৱাল ৰৈ থকা নাছিল চৰকাৰী সাহাৰ্যলৈ, চৰকাৰী সাহাৰ্যৰ পৰিৱৰ্তে নিজেই হাতে-কামে লাগি অনিল নগৰৰ পথৰ কাষত আৰম্ভ কৰিছিল এইখন দোকানত মুৰ্গীৰ ব্যৱসায় । এই মুৰ্গীৰ ব্যৱসায়েৰে মাজুলী সোণোৱালে অতি সুন্দৰকৈ চলাই গৈছে নিজৰ পৰিয়াল। প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ মুৰ্গীৰ ব্যৱসায়ত ব্যস্ত থাকি ঘৰলৈ উভতি মাজুলী সোণোৱাল পুনৰ ব্যস্ত হৈ পৰে নতুন গীত ৰচনাত।

মুৰ্গী ব্যৱসায়েৰে স্বনিয়োজনৰ বাট বুলিছে এজন গীতিকাৰে

কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ ফলত বহিঃৰাজ্যৰ পৰা কাম এৰি অসমলৈ উভতি অহা লোকসকললৈ মাজুলী সোণোৱালৰ আহ্বান, চৰকাৰলৈ বাট নাচাই নিজে বিচাৰি লওক নিজৰ কৰ্মসংস্থাপন। বিপথে পৰিচালিত হোৱাৰ কোনো প্ৰয়োজন নাই, সৎ পথত থাকি অলপ কষ্ট কৰিলেই আমি সুন্দৰকৈ গঢ়িব পাৰো আমাৰ ভৱিষ্যত ।

লগতে পঢ়ক : ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিশিষ্ট উদ্ভাৱক চোনম ৱাংচুক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.