ETV Bharat / state

THESPO Drama Festival : অসমকন্যা হিয়া অনুপম জিলিকিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত

author img

By

Published : Dec 5, 2022, 10:28 PM IST

ৰাষ্ট্ৰীয় প্ৰক্ষাপটত জিলিকিছে আন এগৰাকী অসমকন্যা ৷ দেশৰ নাট্যজগতত নাম জিলিকাবলৈ সক্ষম হৈছে হিয়া অনুপমে (Rising director Hiya Anupam)৷ নাট্যকাৰ অনুপ হাজৰিকা আৰু অভিনেত্ৰী পাকিজা বেগমৰ কন্যা হিয়াৰ সফলতাই গৌৰৱান্বিত কৰিছে অসমীয়াক ৷

THESPO Drama Festival
অসমকন্যা হিয়া অনুপম জিলিকিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত

নিউজ ডেস্ক, ডিচেম্বৰ : অসমৰ বাবে এটা সুখবৰ‌৷ উদীয়মান নাট্যকাৰ, পৰিচালক হিয়া অনুপমৰ ৰচনা আৰু পৰিচালনাৰ 'ASMR' নাটক নিৰ্বাচিত হৈছে দেশৰ অন্যতম অপেছাদাৰী নাটকৰ অনুষ্ঠান 'THESPO'ৰ প্ৰাক্ ৰূপালী জয়ন্তী বৰ্ষৰ নাট মহোৎসৱৰ বাবে (THESPO silver jubilee)।

ৰূপায়ী জয়ন্তী বৰ্ষৰ দিশে গতি কৰা 'THESPO'য়ে প্ৰাক ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজন কৰিছে এক বিশাল নাট্য মহোৎসৱ ৷ য'ত প্ৰদৰ্শন কৰা হ’ব দেশৰ ভিন্ন প্ৰান্তৰ 25 বছৰ অনুৰ্ধৰ উদীয়মান নাট্যকাৰ, পৰিচালকৰ নাটক ৷ 'THESPO' প্ৰাক ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে অনুষ্ঠিত হ’বলগীয়া এই নাট মহোৎসৱৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ ১১৭ খন নাটক পঞ্জীয়ন কৰা হৈছিল ৷ উক্ত 117 খন নাটকৰ মাজৰ পৰা নিৰ্বাচিত ৫ খন নাটক ইতিমধ্যে নিৰ্বাচিত কৰা হৈছে ৷ নিৰ্বাচিত নাটক 5 খন ৬ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ প্ৰদৰ্শন কৰা হ’ব ।

দেশৰ ভিন্ন প্ৰান্তৰ 25 বছৰ অনুৰ্ধৰ নাট্যকাৰ-পৰিচালকৰ নিৰ্বাচিত 5 খন নাটৰ ভিতৰত স্থান লাভ কৰিছে অসমকন্যা হিয়া অনুপমৰ ৰচনা আৰু পৰিচালনাৰে 'ASMR' নাটকে (ASMR drama by Hiya Anupam)৷ উল্লেখ্য যে, হিয়া অনুপম প্ৰসিদ্ধ নাট্যকাৰ অনুপ হাজৰিকা আৰু অভিনেত্ৰী পাকিজা বেগমৰ কন্যা (Assamese actress Pakeeza Begum)৷

হিয়া অনুপমৰ ৰচনা আৰু পৰিচালনাৰ 'ASMR' নাটকখন ৮ ডিচেম্বৰত সন্ধিয়া ৬ বজাত আৰু নিশা ৯ বজাত পৃথ্বী থিয়েটাৰত মঞ্চস্থ হ’ব ৷ ইতিমধ্য Bookmyshowৰ জৰিয়তে নাটকখনৰ দৰ্শনীৰ টিকট দৰ্শকৰ বাবে মুকলি কৰা হৈছে ৷ ৰাষ্ট্ৰীয় প্ৰক্ষাপটত অসম কন্যা তথা দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী হিয়া অনুপমৰ এই প্ৰাপ্তিয়ে অসমীয়া নাটকৰ জগতখনক আনন্দিত কৰি তুলিছে (Rising director Hiya Anupam)৷

উল্লেখ্য যে, থেস্পো(THESPO) হৈছে ১৯৯৯ চনত মুম্বাইৰ পৰা আৰম্ভ হোৱা এক যুৱ নাট্য আন্দোলন ৷ থেস্পোৰ লক্ষ্য হৈছে দেশৰ ভিন্ন প্ৰান্তৰ ২৫ বছৰ অথবা অনুৰ্ধৰ নাট্যকাৰ-পৰিচালকৰ নাটকৰ মাজৰ পৰা শ্ৰেষ্ঠ নাটকসমূহ বাচনি কৰি ৰাষ্ট্ৰীয় প্ৰক্ষাপটত প্ৰদৰ্শন কৰা ৷

লগতে পঢ়ক : সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰথমটো মিউজিক এলবাম 'Sukoon'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.