ETV Bharat / state

Atmanirbharshil Asom Abhiyan: ৰাজ্যৰ দুই লাখ নিবনুৱালৈ আগবঢ়োৱা হ'ব দুই লাখ টকাৰ আৰ্থিক অনুদান - নিবনুৱা

শীঘ্ৰেই আৰম্ভ হ'ব নতুন আঁচনি 'মুখমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান' । দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি ৰাজ্যৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক ।

Mukhyamantrir Atmanirbharshil Asom Abhiyan
মুখমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 1:28 PM IST

ৰাজ্যৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : ৰাজ্যখনত শীঘ্ৰেই আৰম্ভ হ'ব 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান' নামৰ এখন নতুন আঁচনিৰ ৷ এই সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি ৰাজ্যৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ কেইবাখনো ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ অসম ভৱনৰ পৰা এই বৈঠক সম্বোধন কৰে ৷

বৈঠকত নতুন আঁচনিখনৰ সফল ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয় ৷ আঁচনিখনৰ যোগেদি দুই লাখ যুৱক-যুৱতীক অত্মনিৰ্ভৰশীল কৰাৰ বাবে দুই লাখ টকাৰ বিত্তীয় সাহাৰ্য প্ৰদান কৰা হ'ব ৷ এই নতুন আঁচনিখনৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ২৩ অথবা ২৪ ছেপ্টেম্বৰত আৰম্ভ হ'ব ৷ প্ৰায় ৪০ মিনিট ধৰি চলি থকা এই বৈঠকত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড৹ ৰবি কোটা আৰু আৱাসিক আয়ুক্ত এম এছ মণিভন্নন উপস্থিত আছিল ৷

বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান'ৰ বিষয়ে অৱগত কৰে ৷ মুখ্যমন্ত্রীয়ে কয় যে আত্মনিৰ্ভৰশীল আঁচনিৰে ৰাজ্যৰ ২ লাখ নিবনুৱালৈ ২ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব ৷ ইয়াৰ বাবে ২৩ বা ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন ৷ আজিৰ বৈঠকত ইয়াৰ চূড়ান্ত ৰূপ সন্দৰ্ভত আলোচনা কৰা হয় ৷

উল্লেখ্য যে, ইখনৰ পাছত সিখন আঁচনিৰে চমক সৃষ্টি কৰা ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শেহতীয়াকৈ ঘোষণা কৰা এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ দুই লাখ নিবনুৱা যুৱক-যুৱতীক অত্মনিৰ্ভৰশীল কৰাৰ বাবে দুই লাখ টকাৰ বিত্তীয় সাহাৰ্য প্ৰদান কৰিব ৷

লগতে পঢ়ক : Development of Lakhimpur: লখিমপুৰত হেজাৰ কোটি টকাৰে ৰূপায়ণ কেইবাখনো আঁচনি; বিজেপি চৰকাৰৰ সফলতা বুলি দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.