ETV Bharat / state

FIR Against Bachchu Kadu: বাচ্চু কাডুৰ বিৰুদ্ধে অসম তৃণমূল যুৱ কংগ্ৰেছৰ গোচৰ - Mharashtra MLA Bachchu Kadu controverial remarks

মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া অব্যাহত (Mharashtra MLA Bachchu Kadu controverial remarks) । মঙলবাৰে বাচ্চু কাডুৱে অসম তথা অসমীয়াৰ ওপৰত দিয়া বিতৰ্কিত মন্তব্যৰ বাবে অসম তৃণমূল যুৱ কংগ্ৰেছে গোচৰ ৰুজু কৰে ।

TMC
TMC
author img

By

Published : Mar 7, 2023, 9:58 PM IST

গুৱাহাটী, ৭ মাৰ্চ : অসম সম্পৰ্কত অশালীন তথা বিতৰ্কিত মন্তব্য কৰা মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক বাচ্চু কাডুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অসম তৃণমূল যুৱ কংগ্ৰেছে (Assam Youth TMC FIR against MLA Bachchu Kadu) । অসম তৃণমূল যুৱ কংগ্ৰেছৰ উপ-সভাপতি অসীম মল্ল বৰুৱাৰ নেতৃত্বত যোৱা এটি সঁজাতী দলে বাচ্চু কাডুৰ বিৰুদ্ধে হাতীগাঁও থানাত মঙলবাৰে এটা গোচৰ ৰুজু কৰে (Assam Pradesh Trinmool Congress) । দলটোত অসীম মল্ল বৰুৱাৰ লগতে অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় মেহবুব আলী আৰু পলাক্ষী দাস, মহানগৰ সমিতিৰ ৰাহুল চৌহান, অভিষেক চেটাৰ্জী আৰু অসম তৃণমূল কংগ্ৰেছৰ কোষাধ্যক্ষ ঘনকান্ত চুতীয়াও উপস্থিত থাকে ।

বাচ্চু কাডুৰ বিৰুদ্ধে তৃণমূলৰ গোচৰ
বাচ্চু কাডুৰ বিৰুদ্ধে তৃণমূলৰ গোচৰ

গোচৰ ৰুজু কৰি অসম তৃণমূল যুৱ কংগ্ৰেছৰ তৰফৰ পৰা বাচ্চু কাডুৱে মহাৰাষ্ট্ৰ বিধানসভাত ‘‘অসমত কুকুৰৰ চাহিদা আছে, অসমত একোটা কুকুৰ ৮ হাজাৰ টকাত বিক্ৰী হয় । অসম ভ্ৰমণলৈ যাওঁতে এই কথা জানিব পাৰিছিলোঁ’’ বুলি মন্তব্য কৰাটো অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোকৰ বাবে চূড়ান্ত অপমানজনক বুলি মন্তব্য কৰে (Mharashtra MLA Bachchu Kadu controverial remarks) । অসম তৃণমূল যুৱ কংগ্ৰেছে লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

উল্লেখ্য, মহাৰাষ্ট্ৰ বিধানসভাৰ মজিয়াত কুকুৰৰ সম্পৰ্কে হোৱা এক আলোচনাই সমগ্র অসমতে তোলপাৰ লগাইছে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাচ্চু কাডুৱে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি কৰা মন্তব্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Bachchu Kadu controverial remarks on Assam) । বিভিন্ন ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে, গুৱাহাটীত ৰাজ আতিথ্যত থাকি যোৱা বিধায়কগৰাকীয়ে বিধানসভাত কৈছিল, "অসমৰ মানুহে কুকুৰৰ মাংস খায় । মহাৰাষ্ট্ৰত কুকুৰৰ জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক । অসমত কুকুৰৰ মাংসৰ চাহিদা আছে ।" কাডুৰ এই মন্তব্যই সমগ্ৰ অসমবাসীৰ মনত বিৰূপ প্ৰভাৱ পেলাইছে । পশু কল্যাণৰ লগত জড়িত সমগ্র ব্যক্তিয়ে এই মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে কাডুৰ উপযুক্ত শাস্তিৰ বাবে দাবী জনাইছে । এতিয়া অসম চৰকাৰে এই বিষয়ত কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক :FIR against MLA Basu Kadu: মহাৰাষ্ট্ৰৰ বিধায়ক বাচু কাডুৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ মহিলা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.