ETV Bharat / state

ৰাজ্যজুৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ AJP আৰু AJYCP ৰ

author img

By

Published : Oct 29, 2021, 9:37 PM IST

ৰাজ্যত অব্যাহত আছে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ ৷ শুকুৰবাৰে নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ লগতে জাতীয় সংগঠন অসম যুৱ ছাত্ৰ পৰিষদে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

assam wise protest of ajp and ajycp againts price hike
ৰাজ্যজুৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ AJP আৰু AJYCP ৰ

নিউজ ডেস্ক, 29 অক্টোবৰ : অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ শুকুৰবাৰে নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ লগতে জাতীয় সংগঠন অসম যুৱ ছাত্ৰ পৰিষদে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ উল্লেখ্য যে, সমগ্ৰ দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাই আছে পে'ট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷

লখিমপুৰ : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত লখিমপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰে ৷ লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ কেৱল জিলাখনৰ সদৰতে নহয় বিভিন্ন স্থানত যুৱ ছাত্ৰ পৰিষদৰ ২৪ খন আঞ্চলিক সমিতিয়ে একে সময়তে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

চৰাইদেউ : চৰাইদেউৰ সোণাৰিত শাসক বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদে ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত নতুন ৰাজনৈতিক দলটোৰ শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷ সোণাৰিৰ লাচিত উদ্যানত ৰূপায়ণ কৰা এই কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ টংকেশ্বৰ কোঁৱৰৰ লগতে জিলা সভাপতি মানিক গগৈয়ে নেতৃত্ব দিয়ে ।

বিহপুৰীয়া : অনিয়ন্ত্ৰীত মূল্যবৃদ্ধিক লৈ জাঙুৰ খাই উঠিল অসম জাতীয় পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰায়ণপুৰ-বিহপুৰীয়া আঞ্চলিক সমিতি ৷ শুকুৰবাৰে নাৰায়ণপুৰ নগৰত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত দুয়োটা সংগঠনে পৃথকে পৃথকে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । অতি শীঘ্ৰে দাম বৃদ্ধি ৰোধ কৰাৰ দাবী জনাই শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত ।

বৰপেটা: বৰপেটাতো অসম জাতীয় পৰিষদৰ বিক্ষোভ ৷ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাই অহা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ দাবী জনাই এজেপিৰ বৰপেটা জিলা সমিতিয়ে ৷ দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক গোবিন্দ গায়নে নেতৃত্বত দিয়া প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷

নলবাৰী : অসম জাতীয় পৰিষদৰ নলবাৰী সমিতিয়ে নলবাৰী চহৰৰ ভূপেন হাজৰিকা উদ্যানৰ সন্মুখত ৰূপায়ন কৰে গণ বিক্ষোভ কাৰ্যসূচী ৷ ' হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই', 'ৰাইজ আজি ৰাজপথত', 'বজাৰত লাগিছে জুই চৰকাৰ আছে শুই', আদি শ্ল'গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ কৰ্মীসকলে ৷ মূল্যবৃদ্ধিক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদ নলবাৰী সমিতিৰ সভাপতি নগেন ডেকাই ৷

তিনিচুকীয়া: মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদৰ তিনিচুকীয়া সমিতিয়ে ৷ তিনিচুকীয়া চহৰৰ থানা চাৰিআলিৰস্থিত ড৹ ভূপেন হাজৰিকা প্ৰতিমূৰ্তি উদ্যানত অসম জাতীয় পৰিষদৰ তিনিচুকীয়া সমিতিয়ে গীতৰ জৰিয়তে ৰূপায়ন কৰে গণ বিক্ষোভ কাৰ্যসূচী । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতিশীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই অসম জাতীয় পৰিষদৰ তিনিচুকীয়া সমিতিৰ সম্পাদক ৰুবুল বৰুৱাই ৷

লগতে পঢ়ক: চাৰ্ভেৰ বৃদ্ধ দম্পতী হত্যাকাণ্ড : হত্যাৰ কথা স্বীকাৰ আকাশ চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.