গুৱাহাটী, 24 আগষ্ট : বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ অসমতে বতৰৰ আগজাননী সতর্কতা জাৰি কৰিছে । বৃহস্পতিবাৰে সন্ধিয়া বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে অহা ২৮ আগষ্টলৈ অসমৰ প্ৰায়বোৰ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে ।

আকৌ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৬ আগষ্টলৈ নামনি অসমৰ কেবাখনো জিলাত অৰেঞ্জ সৰ্তকতা জাৰি কৰিছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা মতে ২৪ আগষ্টত অসমৰ সকলোবোৰ ঠাইতে বিজুলী ঢেৰেকণি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত বজ্ৰপাতৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে ।

আকৌ অহা ২৫ আগষ্টত প্ৰায় সকলোবোৰ ঠাইতে বিজুলী ঢেৰেকণি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত বজ্ৰপাতৰ সৈতে প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণৰ সম্ভাৱনা সদৰী কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আনহাতে অহা ২৬ আগষ্টত অসমৰ প্ৰায় সকলোবোৰ ঠাইতে বিজুলী ঢেৰেকণি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত বজ্ৰপাতৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে ৷

ইপিনে অহা ২৭ আগষ্টত অসমৰ প্ৰায় সকলোবোৰ ঠাইতে বিজুলী ঢেৰেকণি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে । আকৌ অহা ২৮ আগষ্টত অসমৰ প্ৰায়বোৰ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে ।
লগতে পঢ়ক : JJM water pipe bursts: বৰষুণ নোহোৱাকৈয়ে নগাঁৱৰ ৰাস্তা বুৰিল পানীত