ETV Bharat / state

Assam Weather Forecast : পশ্চিম অসমৰ কেইবাখনো জিলাত সতৰ্কতা জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:53 PM IST

আগন্তুক কেইদিনমানত অসমৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই-এঠাইত প্রবল বৰষুণ আৰু প্ৰবলৰ পৰা প্ৰবলতম বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

Assam Weather Forecast
Assam Weather Forecast

গুৱাহাটী, ৫ অক্টোবৰ : গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে সদৰী কৰা তথ্য মতে, ৰাজ্যত অহা ৭ অক্টোবৰলৈ বৰষুণ অব্যাহত থাকিব । অহা কেইদিনমানত অসমৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই-এঠাইত প্রবল বৰষুণ আৰু প্ৰবলৰ পৰা প্ৰবলতম বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

ইপিনে গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কেইবাখনো ঠাইত সৰ্তক জাৰি কৰিছে । সৰ্তকতা জাৰি কৰা জিলাকেইখন হৈছে কোকৰাঝাৰ, বাক্সা, চিৰাং, দক্ষিণ শালমাৰা আৰু ধুবুৰী জিলা । অহা ২৩ ছেপ্টেম্বৰত কোকৰাঝাৰ, চিৰাং, দক্ষিণ শালমাৰা, গোৱালপাৰা আৰু ধুবুৰী জিলাত ২৪ ঘণ্টাত ১২-২০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ‌ সম্ভৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে, বিগত ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলো ঠাইতে বিজুলী-ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই-এঠাইত প্রবল বৰষুণ হোৱা পৰিলক্ষিত হৈছিল । ৰাজ্যখনৰ আজিৰ সর্বনিম্ন তাপমাত্রা যোৰহাটত ২৩.৫ ডিগ্রী চেলচিয়াছ আৰু বুধবাৰে সর্বোচ্চ তাপমাত্রা শিলচৰত ৩৩.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড হৈছিল ৷ বিগত ২৪ ঘণ্টাত অসমৰ প্ৰৱল বৰষুণ হোৱা ঠাইসমূহ হৈছে কোকৰাঝাৰ, চন্দ্ৰপুৰ । আগন্তুক ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলো ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত ঠায়ে ঠায়ে বজ্রপাতৰ লগতে বৰষুণৰ সৈতে নামনি অসমৰ দুই-এঠাইত অতি প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে । এই তথ্যপ্ৰদান কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

লগতে পঢ়ক :Police wife cheated husband: যাৰ যহত শাক-সেন্দুৰ, তাকে পাতে ভোকোৰা এন্দুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.