ETV Bharat / state

উৎকোচ লৈ ধৰা পৰিল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক

গৰু কঢ়িওৱা বাহনৰ নামত উৎকোচ বিচাৰি আহোতেই হাতে-লোটে ধৰা পৰে পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক(Deputy Director of veterinary department) অৰূপ জ্যোতি ভূঞা । ২০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰে বিষয়াগৰাকী ।

Assam veterinary officer arrested for taking bribe
উৎকোচ লৈ ধৰা পৰিল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক
author img

By

Published : Nov 23, 2021, 10:52 PM IST

গুৱাহাটী, ২৩ নৱেম্বৰ : গুৱাহাটী মহানগৰীত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পশু চিকিৎসা বিভাগৰ এজন উপ-সঞ্চালক (Deputy Director of veterinary department) । ৰুক্মিণীগাঁৱত হাতে-লোটে ধৰা পৰে উপ-সঞ্চালক অৰূপ জ্যোতি ভূঞা । গৰু কঢ়িওৱা বাহনৰ নামত উৎকোচ বিচাৰি আহোতেই হাতে-লোটে ধৰা পৰে পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক ভূঞা ।

২০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰে বিষয়াগৰাকী । কোকৰাঝাৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় অৰূপ জ্যোতি ভূঞাক । ৰুক্মিণীগাঁওস্থিত ললিত হাৰ্ডৱেৰ নামৰ বিপনীখনত উৎকোচৰ ধন নিবলৈ আহিছিল উপ-সঞ্চালক ভূঞা ।

জানিব পৰা মতে, এজন ব্যক্তিয়ে আলিপুৰদুৱাৰৰ পৰা তেওঁৰ ফাৰ্মলৈ ৩ টা দুগ্ধজাত গৰু অনাৰ বাবে গুৱাহাটীৰ চেনিকুঠিৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক ড৹ অৰূপ জ্যোতি ভূঞাই ২০,০০০ টকা উৎকোচ বিচাৰিছিল । উক্ত ধন আদায় দিয়াৰ সময়তে কোকৰাঝাৰ আৰক্ষীৰ এটা দলে বিষয়াজনক হাতে-লোটে ধৰা পেলায় ।

ড৹ অৰূপ জ্যোতি ভূঞাই অভিযোগকাৰীৰ পৰা অনুমতি জাৰী কৰাৰ বাবে ২০,০০০ টকা উৎকোচ হিচাপে দাবী কৰিছিল । উৎকোচ দিবলৈ অনিচ্ছুক অভিযোগকাৰীয়ে বিষয়াজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা লোৱাৰ বাবে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ কাষ চাপিছিল । সেই অনুসৰি আৰক্ষী আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ এটা যুটীয়া দলে এটি পৰিকল্পনা তৈয়াৰ কৰি অভিযোগকাৰীৰ পৰা ২০,০০০ টকাৰ উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত দিশপুৰ অঞ্চলৰ পৰা সন্ধিয়া ড৹ অৰূপ জ্যোতি ভূঞাক হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে ।

সাক্ষীৰ উপস্থিতিত ড৹ অৰূপ জ্যোতি ভূঞাৰ দখলৰ পৰা কলংকিত উৎকোচৰ ধন উদ্ধাৰ কৰা হৈছিল । ইপিনে, কোকৰাঝাৰ আৰক্ষীয়ে ২৩/১১/২০২২ গোচৰ নং ৮১৭/২০২১ দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (সংশোধিত ২০১৮ অনুসৰি) পশু চিকিৎসালয়ৰ উপ-সঞ্চালক ড° অৰূপ জ্যোতি ভূঞাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক:Akhil Gogoi: আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.