ETV Bharat / state

Flybig service in Assam: ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোগ ফ্লাইবিগ বিমান সেৱা

অসমত নতুনকৈ সংযোগ ঘটিব ফ্লাইবিগ বিমান সেৱা ৷ শনিবাৰে ফ্লাইবিগৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে অসম পৰ্যটন উন্নয়ন নিগমে ৷ গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত প্ৰথমে আৰম্ভ হ’ব এই সেৱা (Assam govt signs MoU with flybig service) ৷

author img

By

Published : Mar 25, 2023, 7:00 PM IST

Flybig service in Assam
ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোগ ফ্লাইবিগ বিমান সেৱা

গুৱাহাটী, 25 মাৰ্চ: অসমৰ বিমান সেৱাৰ ক্ষেত্ৰখনত এক নতুন সংযোজন ঘটাই শনিবাৰে গুৱাহাটীৰ জনতা ভৱনত অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ৷ নিগমৰ সঞ্চালক প্ৰধান কুমাৰ পদ্মপাণি বৰা আৰু ফ্লাইবিগৰ সঞ্চালক সঞ্জয় নটৱৰলাল মাণ্ডাভিয়াৰ মাজত স্বাক্ষৰিত হয় এই বুজাবুজিৰ চুক্তি (Assam govt signs MoU with flybig service) ।‌

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয় ৷ অনুষ্ঠানত‌ ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই চুক্তিয়ে গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত উড়ান পথৰ অধীনত বিমান সংযোগৰ বাবে নতুন দিশ সৃষ্টি কৰিব ৷ চৰকাৰে আঞ্চলিক সংযোগ আৰু পৰ্যটনৰ সম্ভাৱনা বৃদ্ধিৰ বাবে এই দিশত সম্ভৱত সকলো সহায় তথা সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মতপোষণ কৰে (Flybig service to begin in Assam) ।

এই বিমান সেৱাৰ‌ ভাৰা অধিক নহ’ব বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মাত্ৰ 4 হাজাৰ টকাতে উপলব্ধ হ’ব এই বিমান সেৱা ৷ ইফালে, অনুষ্ঠানত ভাষণ প্ৰদান কৰি পৰ্যটন উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এই বুজাবুজিৰ চুক্তিখনে ৰাজ্যৰ বিভিন্ন সম্ভাৱনাপূর্ণ বিমানেৰে চলাচল কৰিব পৰা ঠাইসমূহৰ মাজত বিমান সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ এই বুজাবুজি চুক্তিৰ ভিত্তিত প্ৰথম অৱস্থাত ফ্লাইবিগ বিমান সেৱা গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত গেপ ফাণ্ডিং ব্যৱস্থাৰ সৈতে চলাচল কৰোৱা হ’ব (Assam government introduces FlyBig service)।

ৰাইজৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি অনাগত দিনসমূহত আন আন ঠাইলৈকেও বিমানৰ ব্যৱস্থা কৰা হ’ব বুলিও সদৰী কৰে পৰ্যটন উন্নয়ন মন্ত্ৰীগৰাকীয়ে । অসম চৰকাৰে ভিজিএফ ফাণ্ডিঙৰ জৰিয়তে ফ্লাইবিগক সহায় কৰিব আৰু দুয়োটা খণ্ডতে বিমান সেৱাৰ সাপ্তাহিক পৰিচালনাৰ ক্ষেত্ৰত দুয়োটা পক্ষই পাৰস্পৰিকভাৱে সিদ্ধান্ত ল’ব ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই চুক্তিয়ে স্থানীয় বিমান সেৱাৰ যোগাত্মক পৰিৱৰ্তন ঘটাব ৷ অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল ।

লগতে পঢ়ক: Guwahati to Tawang helicopter service: ১ এপ্ৰিলৰ পৰা গুৱাহাটী-টাৱাঙলৈ চলিব Skyone MI -172 হেলিকপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.