ETV Bharat / state

পুৱাৰ 9 বজাৰ মুখ্য দহটা বাতৰি - Assam Top10 news

চাওক পুৱাৰ 9 বজাৰ মুখ্য দহটা বাতৰি

Assam Top10 news
মুখ্য দহটা বাতৰি
author img

By

Published : Aug 9, 2020, 8:59 AM IST

Updated : Aug 9, 2020, 10:53 AM IST

পুৱাৰ 9 বজাৰ মুখ্য দহটা বাতৰি-

1. কোজিকোডে বিমান দুৰ্ঘটনাৰ তদন্তৰ তথ্য ৰাজহুৱা কৰা হ'ব : হৰদ্বীপ সিং

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে, কেৰালাৰ কোজিকোডেত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ তদন্তৰ পৰা লাভ কৰা তথ্য ৰাজহুৱা কৰা হ'ব ৷ ডুবাইৰ পৰা আহি কোজিকোডেত উপস্থিত হ'বলগা বিমানখন ৰাণৱে'ৰ পৰা পিছলি পৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে শনিবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

2. জম্মু-কাশ্মীৰৰ বুদগামৰ বিজেপি কৰ্মীলৈ গুলীবৰ্ষণ

জম্মু-কাশ্মীৰৰ বুদগামত বিজেপি কৰ্মীলৈ গুলীবৰ্ষণ ৷ ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিজেপিৰ জিলা সভাপতি এবি হামিড নাজাৰ ৷

3. বিশ্বত কৰ’ণাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 19 মিলিয়ন: বিশ্ব স্বাস্থ্য সংস্থা

ভাৰতত 61,537 গৰাকী লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ লগতে মৃত্য়ু ঘটিছে 933 গৰাকী লোকৰ ৷ শনিবাৰৰ দিনটোত ভাৰতত কোভিড 19 ত আক্ৰান্তই স্পৰ্শ কৰিছে 20,88 612 ৰ সংখ্যা ৷ এই তথ্য প্ৰকাশ কৰিছে দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পাৰ সদৰী কৰা তথ্য অনুসৰি,দেশত কৰ’ণাত আক্ৰান্ত হৈ মৃত্য়ু ঘটা লোকৰ সংখ্যা 42,518 গৰাকীলৈ বৃদ্ধি পাইছে ৷

4. জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

বিগত কেইবামাহৰ পৰা জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

5. স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী আখ্যা বিধায়ক শিলাদিত্য দেৱৰ

চৈয়দ আব্দুল মালিকক চূড়ান্ত অপমান। প্ৰয়াত সাহিত্যিক গৰাকীক বৌদ্ধিক জেহাদী আখ্যা দিয়ে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে । বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছে নিজ দলৰে নেতা চৈয়দ মমিনুল আৱাল। শিলাদিত্যক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনালে মমিনুল আৱালে ।

6. কৰ'ণাৰ লগত সহবাস কৰি আমি আগুৱাই যাব লাগিব : ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ

অহা ১ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সাজু হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । ছাত্র-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতলৈ লক্ষ্য কৰি বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে শনিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ।

7. চৈয়দ আব্দুল মালিকক লৈ শিলাদিত্য দেৱে কৰা মন্তব্যত ক্ষোভ প্ৰকাশ আব্দুল খালেকৰ

বিভিন্ন সময়ত বিধায়ক শিলাদিত্যই বিতৰ্কিত মন্তব্য দি অহাৰ পাচতো মুখ্যমন্ত্ৰী সোণোৱালে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিলে বুলি প্ৰশ্ন কৰাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালে এইক্ষেত্ৰত ধৃতৰাষ্টৰ ভূমিকা পালন কৰিছে বুলি তীব্ৰ সমালোচনা কৰে সাংসদ খালেকে।

8. অহা সপ্তাহৰ পৰা পুনৰ পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা

বিশ্বজুৰি অপৰিশোধিত আৰু খুচুৰা বিক্ৰিৰ বাবে উৎপাদিত খাৰুৱা তেলৰ মূল্য বঢ়াৰ বাবে অধিক মূল্যত তেল ক্ৰয় কৰাৰ অজুহাতেৰে তৈল প্ৰতিস্থান সমূহে গ্ৰাহকৰ মূৰত মাধমাৰ মাৰি পুনৰ বৃদ্ধি কৰিব বিচাৰিছে ইন্ধনজাত তেলৰ মূল্য ।

9. সুশান্তৰ প্ৰাক্তন মেনেজাৰ দীশাই মৃত্যুৰ কিছু মুহূৰ্তৰ পূৰ্বৰ পাৰ্টীৰ ভিডিঅ’ ভাইৰেল

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ দীশা চলিয়ানৰ এক নৃত্যৰ ভিডিঅ’ ৷ মৃত্যুৰ পূৰ্বে দীশাই এক পাৰ্টীত উপস্থিত আছিল বুলি অনুমান কৰা হৈছে ৷

10. ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ
ৰাজ্যখনত বানে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে ৰাইজক ৷ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অবস্থালৈ আহিছে যদিও এতিয়াও ৰাজ্য খনৰ চাৰিখন জিলা বানৰ কৱলত আছে ৷

Last Updated : Aug 9, 2020, 10:53 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.