দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি-
1. অসম জাতীয় পৰিষদে ৰাজ্যত কোনো প্ৰভাৱ নেপেলায় !
আমগুৰি সমষ্টিৰ অন্তৰ্গত চাৰি বৰতলত অনুষ্ঠিত অগপৰ এখন বিশেষ সভাত বিস্ফোৰক মন্তব্য আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাই আগন্তুক দিনত অসমীয়া জাতি তথা সমাজৰ কাৰণে অশনি সংকেট কঢ়িয়াই আনিব বুলি মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে ৷
2. অৰুণাচলত ভূমিস্খলন: বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে দুজনৰ
অৰুণাচলৰ লেপৰাদা জিলাত হোৱা ভূমিস্খলনৰ ফলত বাঢ়ি অহা নদীৰ বাঢ়নী পানীয়ে প্ৰাণ ল’লে দুজনৰ ৷ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য ৷
3. ৰঙাপৰাত পথ দুৰ্ঘটনাত নিহত এজনঃ উত্তপ্ত পৰিস্থিতি
ৰঙাপৰাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন লোক ৷ ইয়াৰ পাছতে অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্ঘটনা সংঘটিত কৰা যুৱকজনক আটক কৰাৰ দাবীত স্থানীয় ৰাইজে অঞ্চলটোৰ গড়কাপ্তানী পথচোৱা অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷
4. পৰিৱৰ্তনৰ ঢৌৱে চুব পৰা নাই দুৰ্ভগীয়া টেম্পুক
টিংখাঙৰ টেম্পু গোৱালা নামৰ লোকজনে এতিয়াও চৰকাৰী বাসগৃহৰ পৰা বঞ্চিত হৈ আছে ৷ এটি ভগা জুপুৰিত দুৰ্বিসহ জীৱন কটাইছে টেম্পুৱে ৷
5. কাছাৰৰ এম.ভি.আই চেক পইণ্টত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ
দুদিন পূৰ্বে কাছাৰৰ লাইলাপুল এম.ভি.আই চেক পইণ্টত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত 5 জন যুবকক আটক কৰিছিল আৰক্ষীয়ে ৷ দীৰ্ঘদিন ধৰি একাংশ স্থানীয় যুৱকে ট্ৰাক চালকসকলৰ পৰা বলপূৰ্বকভাৱে 2000ৰ পৰা 5000 টকা আদায় কৰা বুলি আৰক্ষীয়ে অভিযোগ লাভ কৰিছিল ৷ অৱশ্যে শুকুৰবাৰে দুপৰীয়া আটকাধীন 5 জন যুৱকে ব্যক্তিগত জামিন লাভ কৰে ৷
6. গোলাঘাটত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ ৰূপঃ আতংকিত গঞা
ব্ৰহ্মপুত্ৰৰ পানী ওফন্দি উঠি দুখন গাঁৱৰ মাজেৰে পানী সোমাই অহাত গাঁওবাসীৰ মাজত সৃষ্টি হয় আতংকময় পৰিৱেশৰ ৷ বানপানীৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে নমাটি, শগুণপাৰা, এবানি, ঘূৰীয়া, দলীয়াজলীয়াকে ধৰি চৰাই চাপৰিৰ বহু অঞ্চলৰ ৷
7. বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং কাঠসহ কাঠ ফলা মেচিন
শুকুৰবাৰে নিশা বিলাসীপাৰাৰ গৰুমাৰা গাঁৱত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এটা কাঠ ফলা মেচিন ৷ অৱশ্যে বৰ্তমানো এজনো চোৰাং কাঠ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷
8. বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং কাঠসহ কাঠ ফলা মেচিন
শুকুৰবাৰে নিশা বিলাসীপাৰাৰ গৰুমাৰা গাঁৱত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এটা কাঠ ফলা মেচিন ৷ অৱশ্যে বৰ্তমানো এজনো চোৰাং কাঠ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷
9. ধুবুৰীত পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতিৰ অভিযোগ
বিভিন্ন ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে যেন এতিয়া দুৰ্নীতি বন্ধ কৰিবলৈ একপ্ৰকাৰ ব্যৰ্থ হৈছে । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলা খনত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হৈ আহিছে বিয়াগোম দুৰ্নীতি । ধুবুৰী জিলা গড়কপ্তানি পথ সংমণ্ডলৰ এটা কোটি টকীয়া পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যপক অনিয়ম দুৰ্নীতিৰ সংঘটিত হৈ অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ ৰাইজে ।
10. বাঘজানৰ ক্ষতিপূৰণৰ প্রাপ্য অধিকাৰ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক
ক্ষতিপূৰণৰ প্রাপ্য অধিকাৰক লৈ শুকুৰবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত নৱ নিযুক্ত জিলা উপায়ুক্ত, অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়া সৈতে বাঘজানবাসী ৰাইজৰ ত্ৰিপাক্ষিক বৈঠক ৷