ETV Bharat / state

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

চাওক দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

Assam top10 news
1 বজাৰ মুখ্য দহটা বাতৰি
author img

By

Published : Aug 6, 2020, 1:01 PM IST

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি-

1. শোণিতপুৰৰ সংঘৰ্ষস্থলীত অব্যাহত সান্ধ্য আইন

ঠেলামৰা থানাৰ অন্তৰ্গত ভৰাশিমলু আৰু গৰুডুবা অঞ্চলত বুধবাৰে দুটা ফৈদৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষক কেন্দ্ৰ কৰি প্ৰশাসনে জাৰি কৰে সান্ধ্য আইন ৷ বৰ্তমানেও ঘটনাস্থলীত অব্যাহত আছে সান্ধ্য আইন ৷ জানিব পৰা মতে,বুধবাৰে সংঘটিত সংঘৰ্ষত আহত হয় দুই ফৈদৰ প্ৰায় 12 গৰাকীকৈ লোক ৷

2. নাৰায়ণপুৰত উদ্ধাৰ ৰূপৰ মুদ্ৰাসহ খাৰু

বৃহস্পতিবাৰে নাৰায়ণপুৰৰ ৰঙতি আমগুৰিত মাছ ধৰি থকা অৱস্থাত দুজন যুৱকে উদ্ধাৰ কৰে ১৪ টাকৈ ৰূপৰ মুদ্ৰাৰ লগতে দুপাত খাৰু ৷ ৰূপৰ সামগ্ৰী সমূহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

3. বাক্সাত শ্ৰমদানেৰে নিৰ্মাণ বান্ধ!

বাক্সাৰ জাৰতালুকত পাগলাদিয়া নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিলে বান্ধ । 1আগষ্টত বাক্সা জিলা উপায়ুক্তৰ তৎপৰতাত জাৰতালুকত নিৰ্মাণ কৰা ২ কৌটিৰ টকীয়া মথাউৰি জাহ গৈছিল পাগলদিয়াৰ বাঢ়নী পানীত ৷ যাৰ বাবে ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিলে এই বান্ধটো ৷

4. মহানগৰীত কৰ'ণাত আক্ৰান্ত তিনি বন বিষয়া

মহানগৰীৰ শান্তিপুৰস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত তিনিজনকৈ বিষয়া ক'ভিড পজিটিভ ৰূপে চিনাক্ত হোৱাৰ পিছতে সমগ্ৰ কাৰ্যালয়টোত সৃষ্টি হৈছে কৰ'ণাতংকৰ ৷

5. কৰিমগঞ্জত যুৱকৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম-ত্ৰিপুৰা-মিজোৰাম সীমান্তৰ মাগুৰাত উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ ৷ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা যুৱকগৰাকীৰ মৃতদেহক প্ৰত্যক্ষ কৰি এয়া পৰিকল্পিত হত্যাকাণ্ড বলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷

6. সৰ্থেবাৰীত অচিনাক্ত বৃদ্ধ উদ্ধাৰ: চিকিৎসালয়ত ভৰ্তি

সৰ্থেবাৰীত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত বৃদ্ধ ৷ উদ্ধাৰ হোৱা ব্যক্তিগৰাকীয়ে পাহৰি গৈছে নিজ পৰিচয় ৷ সৰ্থেবাৰী আৰক্ষীয়ে চিকিৎসাৰ বাবে বৃদ্ধগৰাকীক ভৰ্তি কৰিছে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

7. লোড-শ্বেডিং: মাজনিশা বিহপুৰীয়াত উত্তাল প্ৰতিবাদ

বিহপুৰীয়াৰ ভকতগাঁৱত লোড-শ্বেডিঙত অতিষ্ঠ হৈ গাঁওবাসীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মাজনিশা প্ৰতিবাদকাৰীসকলে শক্তি বিভাগক গৰিহণা দি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে বিহপুৰীয়াৰ ৰাজপথ ৷

8. ভাৰতত কৰ’ণা ভাইৰাছত এদিনতে আক্ৰান্ত সৰ্বাধিক 56,282 গৰাকী

বিগত 24 ঘণ্টাত কোভিড-19 ত আক্ৰান্ত হৈ ভাৰতত মৃত্যুক আঁকোৱালি লৈছে 904 গৰাকী ব্যক্তিয়ে ৷ এই সংখ্যাই মৃতকৰ সংখ্যা 40,699 গৰাকীলৈ বৃদ্ধি কৰে ৷ বৰ্তমান সমগ্ৰ দেশত 5,95,501 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকাৰ কথা প্ৰকাশ পাইছে, যি মুঠ আক্ৰান্তৰ প্ৰায় 30.31 শতাংশ ৷

9. বিহাৰত নাও দুৰ্ঘটনাত নিহত 15,সন্ধানহীন 10 জন

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে টুইটযোগে এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে নিহত লোকৰ নিকটাত্মীয়লৈ 4 লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ ঘোষণা কৰে ৷

10. বিকাশ ডুবে ঘটনাৰ প্ৰতিবেদন দাখিলৰ সময়সীমা অতিৰিক্ত চাৰি সপ্তাহলৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ কানপুৰ আৰক্ষীয়ে 2 জুলাই গেংষ্টাৰ বিকাশ ডুৱেৰ বাসগৃহত অভিযান চলাবলৈ যাওতে আৰক্ষী আৰু বিকাশ ডুবেৰ দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ এই ঘটনাক শীৰ্ষ বিষয়ৰ লগতে আঠজন আৰক্ষীৰ লোক নিহত হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.