নিউজ ডেস্ক, 27 জুলাই : অসমে শীঘ্ৰে বন ধ্বংস আৰু বেদখলৰ পৰা আভ্যন্তৰীণ বন সংৰক্ষণ সুৰক্ষা (Inner-line Forest Reserve)ৰ বাবে উচ্চতম ন্যায়ালয় (SUPREME COURT)ৰ হস্তক্ষেপ বিচাৰিব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে শিলচৰত উপস্থিত হৈ অসম মিজোৰাম সীমান্ত(Assam Mizoram border) ত অসম আৰক্ষীৰ জোৱানৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিয়ে ৷ তেওঁ অসমে এক ইঞ্চিও ভূমি মিজোৰামক এৰি নিদিয়ে বুলি উল্লেখ কৰি চৰকাৰে সীমান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মিজোৰামৰ সীমান্তৱৰ্তী কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত তিনিটা কমাণ্ডো বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে ৷
![Assam to seek SC intervention to protect Inner-line Forest Reserve](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12590858_kl.jpg)
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সোমবাৰে সীমান্তত নিহত মৃতকৰ নিকটাত্মীলৈ ৫০ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ লগতে পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰে । ইয়াৰ লগতে অসম-মিজোৰাম সীমান্তত নিয়োজিত অসম আৰক্ষী জোৱানক অতিৰিক্ত এমাহ দৰ্মহা প্ৰদানৰ কৰা হ’ব ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মা জিলাখনত উপস্থিত হোৱাৰ পাছতে প্ৰথমে মিজোৰামৰ সীমান্তত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়(Silchar Medical College and Hospital)লৈ যায় ৷ শৰ্মাই তেওঁলোকৰ চিকিৎসাৰ বুজ ল’ব শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাক সাক্ষাৎ কৰে ।
তেওঁ প্ৰয়োজন হ'লে আহতপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী বা আন ঠাইলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷
![Assam to seek SC intervention to protect Inner-line Forest Reserve](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12590858_mm.jpg)
মুখ্যমন্ত্ৰীগৰাকীয়ে অসম-মিজোৰাম সীমান্ত(Assam Mizoram border)ত মৃত্যুবৰণ কৰা বীৰ শ্বহীদক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ পাৰ্থিৱ শৰীৰত পুষ্প অৰ্পণ কৰে ৷ তেওঁ মিজোৰাম আৰক্ষী আৰু সমৰ্থকে সীমান্তৰ সিপাৰৰ পৰা সমস্যা সৃষ্টি কৰাৰ স্পষ্ট প্ৰমাণ আছে বুলি উল্লেখ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমে বন ধ্বংস আৰু বেদখলৰ পৰা আভ্যন্তৰীণ বন সংৰক্ষণ সুৰক্ষাৰ বাবে শীঘ্ৰেই উচ্চতম ন্যায়ালয়ত হস্তক্ষেপ বিচাৰিব বুলি মন্তব্য কৰে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই অসম এখন দায়িত্বশীল ৰাজ্য বুলি উল্লেখ কৰি সীমান্তৰ সংঘৰ্ষত নিৰীহ নাগৰিকৰ জীৱন হেৰুওৱাটো কোনোপধ্যে সহ্য কৰিব নোৱাৰে বুলি মন্তব্য কৰে । অৱশ্যে তেওঁ লগতে কয় যে, ইয়াত প্ৰতিশোধৰ কোনো প্ৰশ্নই নাই, কিয়নো অসমে প্ৰতিজন ব্যক্তিৰ জীৱনক সন্মান কৰে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ইয়াৰ পাছত বৰাক উপত্যকাত বিশেষকৈ কাছাৰ জিলাৰ আইন-শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত মিলিত হয় ৷
লগতে পঢ়ক : সীমা বিবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমতে আগবাঢ়িব অসম