ETV Bharat / state

Assam BJP internal conflict : ন বিজেপিক চালানী মাছ আৰু ব্ৰইলাৰ মূৰ্গীৰ সতে তুলনা ৰিপুন বৰাৰ

author img

By

Published : Aug 21, 2023, 6:22 PM IST

ন বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাতক লৈ সংবাদমেল অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ ন বিজেপিক চালানী মাছ আৰু ব্ৰইলাৰ মূৰ্গীৰ সৈতে তুলনা ৰিপুন বৰাৰ ৷ অসমত অগপৰ সৈতে মিত্ৰতা কৰি বিজেপিয়ে দলটোক গ্ৰাস কৰিলে বুলিও কয় তেওঁ ৷

Assam TMC chief Ripun Bora Slams Assam BJP
ন -পুৰণিৰ সংঘাতক লৈ বিজেপিক সমালোচনা ৰিপুন বৰাৰ
অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল

গুৱাহাটী, 21 আগষ্ট : শেহতীয়াকৈ বিজেপিত সংঘটিত হোৱা ন বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাতক লৈ সংবাদমেল অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ সংবাদমেলত ন বিজেপিক চালানী মাছ আৰু ব্ৰইলাৰ মূৰ্গীৰ সৈতে তুলনা ৰিপুন বৰাৰ ৷

সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় যে, দিন যোৱাৰ লগে লগে বিজেপিৰ আচল স্বৰূপ ওলাই পৰিছে ৷ 2014 চনৰ পৰা মানুহে বিজেপিৰ প্ৰকৃত স্বৰূপ বুজি পোৱা নাছিল ৷ এতিয়াহে বিজেপিৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে যে, বিজেপি কি ৷ অসমৰ বেলিকা ন বিজেপি, পুৰণি বিজেপি এইবিলাক তেওঁলোকৰ নিজৰ সৃষ্টি ৷ আচলতে দলটোৰ ভিতৰত যে একতা নাই, দলটোৰ ভিতৰ যে খোৱা কামোৰা, দলটোৰ ভিতৰত যে পোৱা আৰু নোপোৱাৰ সংঘাত এই কথা বিলাক মিলাই আজি বিজেপিত এনেকুৱা হৈছে বুলি কয় তেওঁ ৷

ৰিপুন বৰাই কয় যে, ৰাইজৰ উন্নয়ন, অসমৰ উন্নয়ন এইবিলাক তেওঁলোকৰ বিষয় নহয় ৷ এইবিলাক হৈছে তেওঁলোকে কোৱা ইচ্ছ্যু ৷ হাতীৰ যেনেকৈ দুটা দাঁত, এটা খোৱা দাঁত আৰু এটা দেখুওৱা দাঁত ঠিক সেইদৰে এই বিষয় সমূহ মানুহক দেখুৱাবৰ বাবে ৷ কিন্তু বিজেপিৰ আচল এজেণ্ডাটো হৈছে লুটৰাজ ৷ এতিয়া কেৱল এচামে লুটিছে ৷ তৃণমূলৰ কৰ্মী সকলে একো সুবিধা পোৱা নাই ৷ ছিণ্ডিকেটৰ ভাগ এচামেহে পাইছে, লগতে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ এচামৰ ওপৰত আছে ৷ বাকী সকলৰ ওপৰত নাই ৷ গতিকে এই গোটেই কথা বিলাক মিলাই আজি এই সংঘাতটো হৈছে বুলি কয় তৃণমূল কংগ্ৰেছৰ নেতাজনে ৷

তেওঁ পুনৰ কয় যে, বিজেপিৰ নিজৰ চৰিত্ৰটো হ’ল যে তেওঁলোকে প্ৰথম ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক দল বিলাকৰ লগত মিত্ৰতা কৰি সেই দল বিলাকক গ্ৰাস কৰে ৷ যিবিলাক আঞ্চলিক দলে বিজেপিৰ সৈতে মিত্ৰতা কৰে সেইবিলাক দল অস্তিত্বৰ সংকটত পৰিছে ৷ অসমতো একেই অৱস্থা ৷ অসমত অগপৰ সৈতে মিত্ৰতা কৰি বিজেপিয়ে দলটোক গ্ৰাস কৰিলে ৷ বিপিএফৰ সৈতে মিত্ৰতা কৰি দলটোক দুভাগ কৰি পেলালে ৷ এই বিলাক বিজেপিৰ ডিএনএত আছে বুলি কয় তেওঁ ৷ তেওঁ লগতে কয় যে, এতিয়া এই চৰিত্ৰটো তেওঁলোকৰ নিজৰ দলত প্ৰতিফলিত হৈছে; ন বিজেপি আৰু পুৰণি বিজেপি ৷ এতিয়া ন বিজেপিয়ে আহি পুৰণি বিজেপিক গ্ৰাস কৰিছে বুলি কয় নেতাজনে ৷

ৰিপুন বৰাই কয় যে, চালানী মাছ যেনেদৰে বিভিন্ন ঠাইৰ পৰা আহে, ব্ৰইলাৰ মূৰ্গী যেনেদৰে বিভিন্ন ঠাইৰ পৰা আহে আৰু এইবিলাকে যেনেদৰে মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰে তেনেদৰে বিজেপিত বিভিন্ন ঠাইৰ পৰা মানুহ সোমাই ন-পুৰণিৰ সংঘাত সৃষ্টি কৰিছে ৷ আৰু এই সংঘাতে অসমৰ সমগ্ৰ বাতাবৰণ, উন্নয়ন ক্ষতিগ্ৰস্ত কৰিছে বুলি কয় তেওঁ ৷

লগতে পঢ়ক : MP Gaurav Gogoi PC: দুৰ্বল হৈছে বিজেপি, '২৪ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ, গৌৰৱ গগৈৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.