গুৱাহাটী, 27 এপ্ৰিল: সোমবাৰে পুৱতি নিশা গুৱাহাটীত উপস্থিত হয় ৰাজস্থানৰ কোটাত আবদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থীসকল। পৰিবহন নিগমৰ বাছেৰে মুঠ 391গৰাকী শিক্ষাৰ্থীৰ দলটোক পোনে পোনে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হয় ।
উল্লেখ্য যে,স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে পুৱতি নিশা সমগ্ৰ দিশসমূহ তদাৰক কৰে বুলি জানিবলৈ দিয়ে । ইফালে ৰাজস্থানৰ পৰা অহা এই শিক্ষাৰ্থীসকলক 14 দিনৰ বাবে সৰুসজাইত কোৱাৰেণ্টাইন কৰি ৰখা হ’ব।
14 দিনৰ অন্তত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হ’ব । কোৱাৰেণ্টাইন চেণ্টাৰত শিক্ষাৰ্থীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ব্যৱস্থা ল'বলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে পঢ়ক : নীলাচলৰ বুকুত শিহৰণকাৰী দৃশ্য! জীৱন্ত ছাগলীক টানি নিলে বাঘে