ETV Bharat / state

Jal jeevan scheme: কেন্দ্ৰৰ অভিলাষী 'জলজীৱন' আঁচনি ৰূপায়ণত পিছ পৰিছে অসম - মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

বৰ্তমান সময়ত অসমৰ গ্ৰামাঞ্চলৰ ৫০ শতাংশ পৰিয়ালেহে লাভ কৰিছে পাইপযোগে খোৱাপানী (Jal jeevan scheme in Assam)। চুবুৰীয়া ৰাজ্য মিজোৰামৰ ৮৫.৫৭ শতাংশ, ছিকিমৰ ৮৩.৯৫ শতাংশ, অৰুণাচল প্ৰদেশৰ ৭৭.৫৩ শতাংশ, মণিপুৰৰ ৭৪.৫৮ শতাংশ, নাগালেণ্ডৰ ৬৭.২৯ শতাংশ আৰু ত্ৰিপুৰাৰ ৬২.৭০ শতাংশ পৰিয়ালে এতিয়ালৈ লাভ কৰিছে খোৱাপানী। ২০২৪ চনৰ ভিতৰত অসমৰ গ্ৰামাঞ্চলৰ ৬৭ লাখ ৮১ হেজাৰ ৯৭৭টা পৰিয়ালক পাইপযোগে পানী যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে (Implementing Jal jeevan scheme in Assam) ৷

Implementing Jaljivan scheme in Assam
কেন্দ্ৰৰ অভিলাষী 'জলজীৱন' আঁচনি ৰূপায়ণত পিছ পৰিছে অসম
author img

By

Published : Jun 3, 2023, 3:35 PM IST

কেন্দ্ৰৰ অভিলাষী 'জলজীৱন' আঁচনি ৰূপায়ণত পিছ পৰিছে অসম

গুৱাহাটী,৩ জুন: উন্নয়নৰ ঢাক-ঢোল বজোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দেশৰ আন ৰাজ্যত তুলনাত অসমত জলজীৱন মিছনৰ কাম-কাজ বহু পিছ পৰি আছে (Jal jeevan scheme in Assam)। কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷ বৰ্তমান সময়ত অসমৰ গ্ৰামাঞ্চলৰ ৫০ শতাংশ পৰিয়ালেহে লাভ কৰিছে পাইপযোগে খোৱাপানী। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদন অনুসৰি জলজীৱন মিছনৰ অধীনত দেশৰ ৫ খন ৰাজ্য ক্ৰমে গোৱা, তেলেংগানা, হাৰিয়ানা, গুজৰাট আৰু পাঞ্জাৱৰ গ্রামাঞ্চলৰ এশ শতাংশ পৰিয়ালে পাইপযোগে খোৱাপানী লাভ কৰিছে। আনকি বিহাৰতো গ্রামাঞ্চলৰ ৯৬.০৫ শতাংশ পৰিয়ালক পাইপযোগে খোৱাপানী যোগান ধৰা হৈছে (Implementing Jaljivan scheme in Assam) ।

আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো যথেষ্ট সংখ্যক পৰিয়ালক পাইপযোগে খোৱাপানী যোগান ধৰিছে সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰসমূহে। মিজোৰামৰ ৮৫.৫৭ শতাংশ, ছিকিমৰ ৮৩.৯৫ শতাংশ, অৰুণাচল প্ৰদেশৰ ৭৭.৫৩ শতাংশ, মণিপুৰৰ ৭৪.৫৮ শতাংশ, নাগালেণ্ডৰ ৬৭.২৯ শতাংশ আৰু ত্ৰিপুৰাৰ ৬২.৭০ শতাংশ পৰিয়ালে এতিয়ালৈ লাভ কৰিছে খোৱাপানী। তাৰ বিপৰীতে অসমৰ গ্রামাঞ্চলৰ ৫০ শতাংশ পৰিয়ালেহে পাইপযোগে খোৱাপানী লাভ কৰাটো বিশেষভাৱে লক্ষণীয় হৈপৰিছে। আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা বাবেই কাৰ্যতঃ অসমত জলজীৱন মিছনৰ কাম-কাজ লেহেমীয়া হোৱা বুলি অভিযোগ উঠি আহিছে।

উল্লেখ্য যে, ২০২৪ চনৰ ভিতৰত অসমৰ গ্ৰামাঞ্চলৰ ৬৭ লাখ ৮১ হেজাৰ ৯৭৭টা পৰিয়ালক পাইপযোগে পানী যোগানৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছিল। অসমৰ বাবে কেন্দ্ৰই জলজীৱন মিছনৰ অধীনত ১৪,০২২.২৩ কোটি টকা ধার্য কৰি ১৪ মার্চলৈ ৮,২৫৩.৮০ কোটি টকা মোকলাই দিছে। ইয়াৰে ৮৪.১৪ শতাংশ ধন ইতিমধ্যে ব্যয় কৰাৰ পিচতো অসমৰ গ্রামাঞ্চলৰ ৫০ শতাংশ পৰিয়াল এতিয়াও খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে। ৰাজ্যৰ বহু জিলাত জলজীৱন মিছনৰ কাম অতি লেহেম গতিত চলি আছে।

ইফালে অন্য ৰাজ্যৰ তুলনাত অসমত জলজীৱন মিছনৰ কাম বহু পিছ পৰি আছে যদিও চৰকাৰখনে সেই কথা মানি ল'ব নিবিচাৰে। বৰং ৫০ শতাংশ হোৱা কামৰ কৃতিত্বহে ল'ব বিচাৰে। লক্ষণীয় বিষয় যে অসমত দুদিন পূৰ্বে জলজীৱন মিছনৰ অধীনত গ্ৰামাঞ্চলৰ ৫০ শতাংশ লোকক পাইপযোগে খোৱাপানী যোগান ধৰাৰ কাম সম্পূৰ্ণ হৈছে। তাকে লৈ চৰকাৰখনে কৃতিত্ব ল'ব বিচাৰে।

চৰকাৰী তথ্য মতে ৰাজ্যখনত বৰ্তমানলৈ ৩৩,০১,০৯৭ টা পৰিয়াললৈ পাইপযোগে খোৱাপানীযোগান ধৰা হৈছে। উল্লেখ্য যে ২০১৯ চনৰ আগষ্ট মাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জলজীৱন অভিযান আৰম্ভ কৰিছিল। অভিলাষী আঁচনিখন অসমত কেতিয়া সম্পূৰ্ণ হৈ উঠিব সেয়া সময়েহে ক'ব।

লগতে পঢ়ক: Guwahati press club election 2023: আৰম্ভ হ’ল গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.