গুৱাহাটী, ৩১ জুলাই: ৰোহিংগীয়াৰ আগ্ৰাসনে উত্তৰ-পূৰ্বাঞ্চলত সমস্যাৰ সৃষ্টি কৰাৰ সময়তে অসমৰ মাজেৰে ভাৰতৰ বিভিন্ন স্থানলৈ ৰোহিংগীয়াৰ প্ৰব্ৰজন হৈছে । ৰোহিংগীয়াক বাংলাদেশৰ পৰা ত্ৰিপুৰা সীমান্তৰে অসমৰ মাজেৰে ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ যোৱাৰ পথ প্ৰশস্ত কৰিছে একাংশ দালালে । এচ টি এফ অসমৰ শেহতীয়া অভিযানত এই কথা পোহৰলৈ আহিছে । ধনৰ বিনিময়ত ভুৱা আধাৰকাৰ্ড বনাই দালালে ৰোহিংগীয়া প্ৰৱেশ পথ প্ৰশস্ত কৰিছে । এছ টি এফ এ শেহতীয়াকৈ অভিযান চলাই ৰোহিংগীয়া প্ৰব্ৰজনৰ লগত জড়িত ১২ টাকৈ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তই সোমবাৰে সংবাদমেল সম্বোধন কৰি এচ টি এফ অসমৰ এই সাফল্যৰ কথা সদৰী কৰে ৷ সংবাদমেলত উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তই কয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বাংলাদেশী ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰা দালাল চক্ৰক উৎখাত কৰাৰ উদ্দেশ্যৰে ত্ৰিপুৰাৰ বিভিন্ন ঠাই সাঙুৰি অভিযান আৰম্ভ কৰে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ কেইবাগৰাকীও বিষয়াৰ নেতৃত্বত ৫ টা দলত বিভক্ত হৈ এছটিএফ অসমে ২৮ জুলাইৰ পৰা ৩০ জুলাইলৈ বৃহৎ তথা ব্যাপক অভিযান চলাই ৮ টা দালালক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
এই ৮ দালালে বাংলাদেশৰ পৰা ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক ত্ৰিপুৰাৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰোৱাই ভুৱা ভাৰতীয় নথি-পত্ৰৰ যোগান ধৰি ত্ৰিপুৰাৰ আৰু অসমক কৰি’ডৰ হিচাপে ব্যৱহাৰ কৰি ত্ৰিপুৰাৰ ধৰ্মনগৰ, কুমাৰঘাট, কৰিমগঞ্জৰ বদৰপুৰ পৰা ট্ৰেইনেৰে জম্মু-কাশ্মীৰ, হায়দৰাবাদ, মুম্বাই, পশ্চিমবংগ আদিকে মুখ্য কৰি ভাৰতৰ বিভিন্ন ঠাইলৈ নি সংস্থাপিত কৰাত সহায় কৰে ।
ত্ৰিপুৰাৰ বিভিন্ন ঠাইত চলোৱা দুদিনীয়া এই বৃহৎ অভিযানটোত আটক কৰা দালালকেইটা ত্ৰিপুৰা উনাকুটিৰ উত্তম পাল, পশ্চিম ত্ৰিপুৰা জিলাৰ কাজল সৰকাৰ, পশ্চিম ত্ৰিপুৰা জিলাৰ সাগৰ সৰকাৰ, ত্ৰিপুৰা ছেপাহীজেলা জিলাৰ পাৰভেজ হুছেইন, ত্ৰিপুৰাৰ বেলনীয়াৰ শিৱশংকৰ ঘোষ, পশ্চিম ত্ৰিপুৰাৰ কাৰ্তিক নমো, বাংলাদেশী বৌদ্ধ ভিক্ষু বিজয় বাৰুৱা আৰু চাহাদত ছেইখ বুলি চিনাক্ত কৰা হৈছে ।
অসম এছটিএফৰ দলে তেওঁলোকৰ পৰা বহুতো ভুৱা নথিপত্ৰ, আধাৰ কাৰ্ড, ছৌডি আৰৱীয় আৰু কোৰিয়াৰ বিদেশী মুদ্ৰা আৰু মোবাইল ফোন জব্দ কৰে । আনহাতে এছটিএফ থানাত চলিত বছৰৰ ২২ মাৰ্চত ৰুজু হৈ থকা ০১/২০২৩ নম্বৰ গোচৰৰ সংক্ৰান্তত অসম এছটিএফৰ দল এপ্ৰিল, মে’ আৰু জুনত অভিযান চলাই ৪ টা দালালক গ্ৰেপ্তাৰ কৰিছিল । সেইকেইটা ক্ৰমে অজিত সৰকাৰ, কেশৱ শীল ওৰফে আবু, দিপাঞ্জন বৈদ্য আৰু দিপক দাস বুলি চিনাক্ত কৰা হৈছে ৷
উল্লেখ্য যে, বিজয় বাৰুৱা আৰু ছাহাদত ছেইখ নামৰ আটকাধীন দালাল দুটা বাংলাদেশী নাগৰিক । ৰোহিংগীয়াৰ অবৈধ অনুপ্ৰবেশৰ বিষয়ত পঞ্জীয়নভুক্ত এছটিএফ-অসমে দেশৰ বিভিন্ন স্থানত তদন্ত অব্যাহত ৰাখিব বুলি সংবাদমেলত অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তই জানিবলৈ দিয়ে ।
লগতে পঢ়ক: