ETV Bharat / state

দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল ৰাজ্যিক চিৰিয়াখানা - ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ

ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যিক চিৰিয়াখানা পুনৰ দৰ্শকৰ বাবে মুকলি । চিৰিয়াখানাত পুৱাই উপস্থিত হৈ বনমন্ত্রী পৰিমল শুক্লবৈদ্যই বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰে । চিৰিয়াখানা দৰ্শনৰ বাবে দৰ্শনাৰ্থীসকলে অনলাইন মাধ্যমেৰে টিকট কাটিব পাৰিব ।

Assam state zoo reopens to visitors
দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল ৰাজ্যিক চিৰিয়াখানা
author img

By

Published : Oct 2, 2021, 4:52 PM IST

গুৱাহাটী, ২ অক্টোবৰ : শনিবাৰৰ পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে অসম ৰাজ্যিক চিৰিয়াখানা । ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল চিৰিয়াখানা । চিৰিয়াখানাখন দৰ্শনাৰ্থীৰ বাবে মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল ৰাজ্যিক চিৰিয়াখানা

ক'ভিড সংক্ৰমণৰ বাবে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা চিৰিয়াখানা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি বনমন্ত্ৰীয়ে হাতীক বিভিন্ন ধৰণৰ ফল-মূল খুৱায় । সংবাদ মাধ্যমৰ আগত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰিয়াখানাৰ দৰ্শনাৰ্থীসকলে অনলাইন মাধ্যমেৰে টিকট কাটিব পাৰিব বুলি উল্লেখ কৰে । assamstatezoo.in ৱেবচাইটৰ জৰিয়তে দৰ্শনাৰ্থীসকলে টিকট বুক কৰিব পাৰিব ৷

লগতে পঢ়ক: ৮ অক্টোবৰৰ পৰা পুনৰ মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটী ‘ৰামোজী ফিল্ম চিটী’

আনহাতে শনিবাৰৰ পৰাই আৰম্ভ হৈছে ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ । ৰাজ্যত বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত সজাগতা সৃষ্টিৰ বাবে ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ চলিব এই বন্যপ্ৰাণী সপ্তাহৰ কৰ্মসূচী । এই উপলক্ষে পুৱা অসম ৰাজ্যিক চিৰিয়াখানাত বনমন্ত্রী পৰিমল শুক্লবৈদ্যই এক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে ৷

চিৰিয়াখানাৰ পৰা জোনালীলৈ উলিওৱা এই শোভাযাত্ৰাত ৰাজ্যিক চিৰায়খানাৰ কৰ্ৰমচাৰীসকলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, চিৰিয়াখানাৰ ভিতৰত শনিবাৰে এক সংগ্ৰাহালয়ো মুকলি কৰে বনমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: অসমীয়া জাতিৰ বাবে লুৰিণ-অখিল ভয়াৱহ : জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.