ETV Bharat / state

পহিলা জানুৱাৰীৰ পৰা মুকলি অসম ৰাজ্যিক চিৰিয়াখানা

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ দ্বাৰ ৷ 1 জানুৱাৰীৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব চিৰিয়াখানাখন ৷ দৰ্শনাৰ্থীসকলে মানি চলিব লাগিব কোভিড প্ৰট’কল ৷

assam state zoo re open from 1st january guwahati assam etv bharat news
পহিলা জানুৱাৰীৰ পৰা মুকলি অসম ৰাজ্যিক চিৰিয়াখানা
author img

By

Published : Dec 31, 2020, 1:31 PM IST

গুৱাহাটী,31 ডিচেম্বৰ: নতুন বছৰৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ উপহাৰ আগবঢ়াইছে অসম চৰকাৰে ৷ দৰ্শনাৰ্থীৰ বাবে 1 জানুৱাৰীৰ পৰা মুকলি কৰা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা ৷ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে চিৰিয়াখানা মুকলি অনুষ্ঠানত উপস্থিত থাকি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই ঘোষণা কৰে ৷ অৱশ্যে কিছু চৰকাৰী নীতি-নিয়মৰ মাজেৰে চিৰিয়াখানা দৰ্শন কৰিব লাগিব দৰ্শনাৰ্থীসকলে ৷ মহামাৰী কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে সামাজিক দূৰত্ব মানি চিৰিয়াখানালৈ আহিব পাৰিব 1000 দৰ্শনাৰ্থী ৷

দৰ্শনাৰ্থীসকলে অনলাইনৰ জৰিয়তে ক্ৰয় কৰিব লাগিব টিকট ৷ তাৰ বাবে কৰিব লাগিব আগতীয়াকৈ অনলাইন বুকিং ৷ চিৰিয়াখানাৰ প্ৰৱেশদ্বাৰত উপলব্ধ নহ’ব কোনোধৰণৰ টিকট ৷ উল্লেখ্য যে, বিগত মাৰ্চ মাহৰ পৰা কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে বন্ধ হৈ আছিল অসম ৰাজ্যিক চিৰিয়াখানা ৷ মূলতঃ জীৱ-জন্তুবোৰৰ সুৰক্ষাৰ স্বাৰ্থত দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছিল ৰাজ্যৰ একমাত্ৰ চিৰিয়াখানাখন ৷ সম্প্ৰতি চিৰিয়াখানাখনলৈ আগমন ঘটিছে নতুন আলহীৰ ৷

দৰ্শনাৰ্থীসকলে এইবাৰ চিৰিয়াখানত প্ৰত্যক্ষ কৰিব পাৰিব কেতবোৰ নতুন জন্তু ৷ এই কথা বৃহস্পতিবাৰে চিৰিয়াখানা মুকলি অনুষ্ঠানৰ জৰিয়তে সদৰী কৰে চিৰিয়াখানা কৰ্তৃপক্ষই ৷ কৰ’ণাৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পুনৰ সাধাৰণ লোকৰ বাবে চিৰিয়াখানাখন পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে চাওকঃ গামোচাত অংকণ কৰিলে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.