ETV Bharat / state

শক্তিমন্ত্ৰী বিমল বৰাৰ কথাৰ বিপৰীতে কাম কৰিলে খোদ বিদ্যুৎ বিভাগে - শক্তি বিভাগ

শেহতীয়াকৈ ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই কাঠ-বাঁহৰ খুটা আৰু মকৰাৰ জাল সদৃশ বিদ্যুৎ পৰিবাহী তাঁৰ সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ মন্তব্য কৰিছিল ৷ এনে সময়তে পোহৰলৈ আহিছে, ৰঙিয়াৰ এটা অঞ্চলত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বাঁহৰ খুটাৰে বিদ্যুৎ পৰিবাহী তাঁৰ ব্যৱহাৰ কৰিব লগীয়া হোৱা ঘটনা ।

assam-state-electricity-boards-negligence-lead-it-to-take-contradictory-step-against-power-ministers-statemen
শক্তিমন্ত্ৰী বিমল বৰাৰ কথাৰ বিপৰীতে কাম কৰিলে খোদ বিদ্যুৎ বিভাগে
author img

By

Published : Jul 12, 2021, 11:03 PM IST

ৰঙিয়া, 12 জুলাই : সমগ্ৰ ৰাজ্যৰ লগতে, ৰঙিয়াত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ হৈছে বিদ্যুৎ বিভাগ(electricity department) । কিন্তু, একেটা বিদ্যুৎ বিভাগে বিপদজনকভাৱে ৰঙিয়াৰ তৰণিৰ হাচানটুকত যোগান ধৰিছে বিদ্যুৎ পৰিবাহী তাঁৰ । বিদ্যুৎ বিভাগৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে অঞ্চলবাসীয়ে ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে ।

উল্লেখযোগ্য যে, বিদ্যুৎ বিভাগে গাঁওখনত ব্যাপক ব্যৱধানত বিদ্যুৎৰ পকী খুঁটা সংযোগ কৰিছিল । বিভাগটোৰ এনে দায়বদ্ধতা হীন কামৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰ হাতেৰে লগ পোৱাকৈ ওলমি পৰিছিল । পৰিস্থিতিৰ ভয়াৱহতা অনুধাৱন কৰি ৰাইজে কেইবাবাৰো বিদ্যুৎ বিভাগক এটি পকী খুঁটা স্থাপন কৰিবলৈ আবেদন নিবেদন কৰে ।

কিন্তু, ইয়াৰ পিছতো ৰাইজৰ অনুৰোধৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বিদ্যুৎ বিভাগে । ইয়াৰ পৰিপেক্ষিতত উপায়ন্তৰ হৈ ৰাইজে নিজেই সেই ঠাইত স্থাপন কৰিলে এটি বাঁহৰ খুঁটা ।

শক্তিমন্ত্ৰী বিমল বৰাৰ কথাৰ বিপৰীতে কাম কৰিলে খোদ বিদ্যুৎ বিভাগে

বাৰিষাৰ আগমনৰ লগে লগে এতিয়া এনেধৰণৰ বাঁহৰ খুঁটাকলৈ ৰাইজ চিন্তিত হৈ পৰিছে ৷ যিকোনো সময়তে হ’ব পৰা দুৰ্ঘটনাৰ বাবে সচেতন হৈ ৰাইজে এতিয়া অতি শীঘ্ৰে ওখকৈ পকী খুঁটাত তাঁৰবোৰ টনাৰ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক । বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই অঞ্চলটোত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

এই ক্ষেত্ৰত ৰাজ্যৰ শক্তিমন্ত্ৰী গৰাকীক উপযুক্ত ব্যৱস্থা লৈ ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰো দাবী জনাইছে ৰাইজে । ৰাজ্যৰ শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰা(power minister Bimal Bora)ই শেহতীয়াকৈ উল্লেখ কৰিছিল যে , তেওঁৰ দিনত ৰাজ্যত বিদ্যুৎ পৰিবহনৰ বাবে ব্যৱহাৰ কৰা কাঠ-বাঁহৰ খুটা আৰু মকৰা জালৰ দৰে বিয়পি পৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷ কিন্তু, এইদৰে বাঁহৰ খুঁটাৰে বিদ্যুতৰ তাঁৰ পৰিবহণ কৰাৰ ঘটনাকলৈ অনাগত সময়ত তেওঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: কেনেদৰে চলে মানৱ দেহৰ অংগৰ বেহা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.