ETV Bharat / state

Bharat Jodo Abhiyaan : RSS ৰাষ্ট্ৰদ্ৰোহ আইনৰ আওঁতালৈ আহিব লাগে; যোগেন্দ্ৰ যাদৱ - বিজেপি চৰকাৰ

অসম নাগৰিক সমাজৰ উদ্যোগত দেওবাৰে মাছখোৱাৰ ITA প্ৰকল্পত ভাৰত জোৰো অভিযানৰ অসম ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয় ৷ অভিৱৰ্তনত বিশিষ্ট সামাজিক কৰ্মী যোগেন্দ্ৰ যাদৱ উপস্থিত থাকি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

Assam State Convention of Bharat Jodo Abhiyaan
মাছখোৱাৰ ITA প্ৰকল্পত ভাৰত জোৰো অভিযানৰ অসম ৰাজ্যিক অভিৱৰ্তন
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 8:03 PM IST

ভাৰত জোৰো অভিযানৰ অসম ৰাজ্যিক অভিৱৰ্তন

গুৱাহাটী,২৪ ছেপ্টেম্বৰ : অসম নাগৰিক সমাজৰ উদ্যোগত দেওবাৰে ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয় ৷ নাগৰিক সমাজৰ সভাপতি তথা সাংসদ অজিত ভূঞাৰ সভাপতিত্বত, মাছখোৱাৰ ITA প্ৰকল্পত অনুষ্ঠিত অভিৱৰ্তনত বিশিষ্ট সামাজিক কৰ্মী যোগেন্দ্ৰ যাদৱ উপস্থিত থাকি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

তেওঁ কয় যে, RSS ৰাষ্ট্রদ্রোহী ৷ ৰাষ্ট্ৰদ্ৰোহ আইনৰ আওঁতালৈ যদি কোনোবা আহিব লাগে তেন্তে RSS আহিব লাগে ৷ স্বাধীনতা সংগ্ৰামীৰ ত্যাগলৈ আজি প্ৰত্যাহ্বান আহিছে ৷ সমগ্ৰ দেশৰ ব্যৱস্থালৈ প্ৰত্যাহ্বান আহিছে ৷ সাংবিধানিক প্রতিষ্ঠান সমূহক ধ্বংস কৰা হৈছে ৷ তেওঁ কয় 2024 ত কেৱল লোকসভাৰ নিৰ্বাচন নহয়, 2024 ত হ’ব সংবিধান ৰক্ষাৰ নিৰ্বাচন ৷ 2024 ত যদি ভুল বাটত দেশ যায়, তেন্তে আগন্তুক 25 বছৰলৈ ৰেহাই নাপাব বুলি কয় তেওঁ ৷

সমাজ কৰ্মীজনে পুনৰ কয় যে, 2024 ত দেশক সঠিক দিশ যদি আমি নিব নোৱাৰো তেন্তে আমি নতুন প্রজন্মক উত্তৰ দিব লাগিব ৷ 2024 ৰ নিৰ্বাচনত যদি বিজেপি জয়ী হয়, তেন্তে সংবিধান সলনি হ’ব বুলি মন্তব্য কৰে তেওঁ ৷ আনহাতে তেওঁ কয় যে, বিজেপিয়ে এতিয়া এক দেশ, এক নিৰ্বাচন, এক ভাষা কৰিব বিচাৰিছে ৷ মণিপুৰত হৈ থকা সংঘাতকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মণিপুৰত সংঘাত নহয়, গৃহযুদ্ধ চলিছে ৷ কিন্তু ৰাষ্ট্ৰবাদী বুলি কোৱা প্ৰধানমন্ত্ৰীৰ কোনো চিন্তা নাই বুলি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে তেওঁ ৷

তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মা উত্তৰ পূৱৰ অমিত শ্বাহ বুলি আখ্যা দিয়ে ৷ অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁই উপস্থিত থাকি কয় যে, দেশত অভাৱনীয় হাৰত বৃদ্ধি হৈছে সামগ্ৰীৰ দাম ৷ নিবনুৱা বৃদ্ধি, কৃষকৰ আত্মহত্যা ব্যাপক হাৰত বৃদ্ধি হৈছে ৷ সাধাৰণ ৰাইজৰ আয় বৃদ্ধি হোৱা নাই, কিন্তু দেশৰ মুষ্টিমেয় পুঁজিপতি লোকৰহে হিচাপ ৰাখিব নোৱৰাকৈ আয় বাঢ়িছে ৷ নাগৰিকৰ বিচাৰ শক্তি নোহোৱা কৰি ভোট লৈ আছে বিজেপিয়ে ৷ পূৰ্ব পুৰুষে গঢ় দিয়া ভাৰতখন ধ্বংস কৰিছে বিজেপিয়ে ৷

তেওঁ আৰু কয় যে, ত্যাগৰ বিনিময়ত পোৱা স্বাধীন ভাৰতৰ নাগৰিকৰ জীৱন বিপথে নিয়া কাম আৰম্ভ কৰিছে বিজেপিয়ে ৷ ধৰ্মৰ কানি খুৱাই জনতাক বিভ্ৰান্ত কৰিছে ৷ সাম্প্ৰদায়িক সংঘাত আনি মানুহৰ মাজত বিভেদ আনিছে ৷ দলিত ছাত্র-ছাত্ৰীৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈছে ৷ হিন্দু-মুছলমানৰ যুজঁ লগাই অত্যাচাৰ আৰম্ভ হৈছে ৷ আগন্তুক নিৰ্বাচন দেশ ৰক্ষাৰ অন্যতম সংগ্ৰাম হ’ব ৷ আমি টোপনিত থাকিলে নহ’ব ৷ দানৱৰ কবলৰ পৰা দেশ উদ্ধাৰ কৰিব লাগিব ৷ বিষাক্ত প্ৰচাৰৰ পৰা দেশক উদ্ধাৰ কৰিব লাগিব বুলি মন্তব্য কৰে বিশিষ্ট চিন্তাবিদ গৰাকীয়ে ৷

অনুষ্ঠানত কৃষক আন্দোলনৰ নেতা, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অভিক সাহা, শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্য, সমাজকর্মী তথা অসম নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকাৰ, বাওঁপন্থী নেতা অৱনী বৰঠাকুৰ, বিশিষ্ট অধিবক্তা হাফিজ আহমেদ চৌধুৰী, শিক্ষাবিদ আব্দুল মান্নান, নাৰীবাদী নেত্ৰী ৰশ্মি গোস্বামী, অধিবক্তা শান্তনু বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, আব্দুক খালেক, দেৱব্ৰত শইকীয়া, TMC ৰ ৰিপুন বৰাকে ধৰি ৰাইজৰ দল, CPIM আদি ভিন্ন দলৰ নেতাকে ধৰি সচেতন নাগৰিক উপস্থিত থাকে ৷

লগতে পঢ়ক : Rahul Gandhi on upcoming election : 'নিৰ্বাচনমুখী ৰাজ্যবোৰত বিজেপি সফল হ'ব নোৱাৰে'-ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.