ETV Bharat / state

No to Child marriage: কেৱল স্বামীয়েই নহয়, বাল্যবিবাহ আয়োজনৰ ক্ষেত্রত জড়িত সকলো সমানে দোষী - anti child marriage drive

বাল্যবিবাহ ৰোধৰ ক্ষেত্রত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ (Assam State Commission for Protection of Child Rights)। বাল্যবিবাহৰ ক্ষেত্ৰত আৰক্ষী আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতিয়ে । বাল্যবিবাহ প্ৰতিৰোধ আইন অনুসৰি ৰভা দিয়া লোকজনৰ পৰা বিয়া খাবলৈ যোৱা তথা বিয়াত উপস্থিত থকা সকলো সমানে দোষী বুলি তেওঁ উল্লেখ কৰে ।

drive against Child marriage
বাল্যবিবাহ আয়োজনৰ ক্ষেত্রত জড়িত সকলো সমানে দোষী
author img

By

Published : Feb 7, 2023, 6:15 PM IST

ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সংবাদমেল

গুৱাহাটী, 7 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি অব্যাহত আছে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান । বাল্যবিবাহৰ গোচৰত সমগ্ৰ ৰাজ্যত ইতিমধ্যে দুই সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে । চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযানকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে (Massive drive against Child marriage)।

মঙলবাৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ (Assam State Commission for Protection of Child Rights) অধ্যক্ষা সুনীতা চাংকাকতিয়ে এখন সংবাদমেল সম্বোধন কৰি বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় । আয়োগৰ গুৱাহাটীস্থ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, বাল্যবিবাহে প্ৰত্যক্ষভাৱে শিশুৰ অধিকাৰ খৰ্ব কৰে । বাল্যবিবাহ হোৱা মানে সেই নাবালিকাগৰাকী শিক্ষাকে ধৰি সকলো দিশৰ পৰা বঞ্চিত হয় । মানসিকভাৱেও বাধাপ্ৰাপ্ত হয় । যাৰ বাবে বাল্যবিবাহ ৰোধ কৰাৰ অতি প্ৰয়োজন আছে (Demerits of Child marriage) ।

তেওঁ কয় যে, ৰাজ্যত দীৰ্ঘদিন ধৰি ভংগ হৈ আহিছে শিশুৰ অধিকাৰ । ভিন্নজনে শিশু অধিকাৰ আইন নজনাকৈয়ে ভিন্ন মত প্ৰকাশ কৰিছে । ২০০৬ চনৰ আইনৰ অনুসৰি যদি কোনো ব্যক্তি বাল্যবিবাহৰ লগত জড়িত থাকে, তেন্তে শাস্তিৰ সন্মুখীন হ'ব পাৰে । ২ বছৰৰ ক‍ৰাগাৰ আৰু ১ লাখ টকাৰ জৰিমনা ভৰিব লাগিব পাৰে সেই লোকজনে । আনহাতে, বাল্যবিবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা সকলো আইনৰ দৃষ্টিত দোষী (Laws on Child marriage in India)।

লগতে পঢ়ক: CM On Child Marriage : বাল্য বিবাহৰ ক্ষেত্ৰত আপোচ নকৰো: হিমন্ত বিশ্ব শৰ্মা

বাল্যবিবাহৰ ক্ষেত্ৰত থকা আইনখন যথেষ্ট কঠোৰ বুলি উল্লেখ কৰি তেওঁ কয় যে, আইন সম্পৰ্কে নজনা আৰু বহুতো ভ্ৰান্ত ধ‍ৰণাৰ বাবে আমাৰ সমাজত বাল্যবিবাহ হৈ আহিছে । আইন অনুসৰি ৰভা দিয়া লোকজনৰ পৰা ধৰি বিয়া খাবলৈ যোৱা তথা বিয়াত উপস্থিত থকা সকলো সমানে দোষী । তেওঁ লগতে কয় যে, বাল্যবিবাহৰ বাবেই নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ অসমত বেছি । বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত আৰক্ষীৰ সহযোগিতা পুতৌজনক বুলিও সদৰী কৰে চাংকাকতিয়ে (Underage marriage in Assam) ৷

তেওঁ কয় যে, বাল্যবিবাহৰ ক্ষেত্ৰত থানাত সঠিক মতে গোচৰ ৰুজু নহয় । আনহাতে, সংশ্লিষ্ট বিভাগ সমূহৰ মাজত সামঞ্জস্য নাই । সেইদৰে বিভিন্ন সময়ত খবৰ পাই সেই স্থানত উপস্থিত নোহোৱাৰ বাবে বাল্যবিবাহ সম্পন্ন হয় ৷ শিক্ষা বিভাগো বাল্যবিবাহৰ বাবে বহু সময়ত জগৰীয়া বুলি তেওঁ সদৰি কৰে । ছোৱালী এজনী বিদ্যালয়লৈ নাহিলে বিদ্যালয়সমূহে কিয় নাহিল তাৰ তদন্ত কৰি ব্যৱস্থা নলয় বুলি তেওঁ গুৰুতৰ অভিযোগ তোলে (Assam govt against Child marriage) ।

আনহাতে, ডিচিপিঅ' সকলো সমানে জগৰীয়া বুলি তেওঁ কয় । বাল্যবিবাহৰ দায়িত্ববাহী বিষয়া একো একোজন ডিচিপিঅ' । বহু সময়ত উপায়ুক্তসকলেও গুৰুত্ব নিদিয়াত সমস্যা বাঢ়ে বুলি সদৰি কৰি তেওঁ কয় যে, বহু সময়ত আয়োগে উপায়ন্তৰ হৈ মুখ্য সচিবলৈ পত্ৰ লিখিব লগীয়া হৈছে । সংবাদমেলত আয়োগৰ সদস্যা ৰূপা হাজৰিকাকে ধৰি আন কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক: Crackdown Against Child Marriage : বাল্যবিবাহ ইমানদিনে কেনেকৈ বৈধভাৱে চলি আছিল ? নেকিবুৰ জামানৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.