ETV Bharat / state

AFSPA in Assam: চলিত বৰ্ষৰ ভিতৰত ৰাজ্যৰ পৰা AFSPA সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব; মুখ্যমন্ত্ৰী

ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব AFSPA ৷ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বহুবিবাহৰ বিৰুদ্ধে অনা হ’ব কঠোৰ আইন ৷ ড্ৰাগছমুক্ত কৰা হ’ব অসমক ৷

AFSPA in Assam
AFSPA in Assam
author img

By

Published : Aug 15, 2023, 8:25 PM IST

নিউজ ডেস্ক, 15 আগষ্ট: খানাপাৰা খেলপথাৰত স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বছৰৰ শেষৰ ফালে ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহাৰ কৰাৰ পৰিল্পনাৰ কথা ঘোষণা কৰে ৷ ৰাইজক সম্বোধন কৰি শৰ্মাই উল্লেখ কৰে যে তেওঁৰ চৰকাৰে ক্ষমতা গ্ৰহণৰ পিচত বৰ্তমান ৰাজ্যখনৰ আঠখন জিলাত AFSPA কাৰ্যকৰী হৈ আছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁ শাসনলৈ অহাৰ পূৰ্বে কেন্দ্ৰক 62 বাৰ AFSPA ৰ ম্যাদ সম্প্ৰসাৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ৷ কিয়নো সেই সময়ত নিৰাপত্তা পৰিৱেশ অতি প্ৰত্যাহ্বানপূৰ্ণ আছিল ৷ অৱশ্যে, তেওঁ কয় যে এতিয়া পৰিস্থিতি যথেষ্ট উন্নত আৰু সলনি হৈছে ৷

তেওঁৰ কাৰ্যকালত মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱেৰে উল্লেখ কৰে যে বিভিন্ন বিদ্ৰোহী গোটৰ সৈতে চাৰিখন শান্তি চুক্তি সফলতাৰে স্বাক্ষৰিত হৈছে । এই প্ৰচেষ্টাৰ ফলত প্ৰায় 8000 উগ্ৰপন্থীক মূলসুঁতিৰ ৰাজনীতিত একত্ৰিত কৰা হৈছে ৷ যাৰ ফলত স্থিৰতা আৰু সম্প্ৰীতিয়ে ৰাজ্যৰ অগ্ৰগতিত অৰিহণা যোগাইছে ৷

তদুপৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ নেতৃত্বত চৰকাৰে ড্ৰাগছ আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী প্ৰতিশ্ৰুতি লৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমক ‘‘ড্ৰাগছ মুক্ত’’ আৰু ‘‘দুৰ্নীতিমুক্ত’’ ৰাজ্য হিচাবে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে । তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে ‘‘শূন্য সহনশীলতা’’ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি প্ৰকাশ কৰে যে আৰক্ষীয়ে যোৱা দুবছৰৰ ভিতৰত 127 জন চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ অভিযোগত আটক কৰিছে ৷

ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বহুবিবাহৰ কথা উল্লেখ কৰি এই প্ৰথাৰ সমাপ্ত কৰাৰ বাবে আগন্তুক দিনত এখন শক্তিশালী আইন প্ৰৱৰ্তন কৰা হ’ব বুলি ঘোষণা কৰে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ লালকিল্লাৰ পৰা একেৰাহে দশমবাৰৰ বাবে স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক: 77th Independence Day : স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতি আৰু বিকাশৰ জয়গান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.