ETV Bharat / state

Reliance Zoo Jamnagar: আম্বানিৰ চিৰিয়াখানাত বন্দী হ'ব অসমৰ জাতীয় স্বাভিমান গঁড় - Reliance Zoo of Gujrat

কোনো মুহূৰ্ততে আম্বানিৰ চিৰিয়াখানালৈ যাব অসম ৰাজ্যিক চিৰিয়াখানাৰ দুটাকৈ গঁড় । ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাই (Assam Rhino to Ambani Zoo) । গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্সৰ ব্যক্তিগত চিৰিয়াখানা Greens Zoological Rescue and Rehabilitation Centre-লৈ নিয়া হ'ব তিনি বছৰীয়া বিশ্বনাথ আৰু সুকানি নামৰ গঁড় দুটা ।

Assam State Zoo
Assam State Zoo
author img

By

Published : Nov 18, 2022, 7:45 PM IST

Updated : Nov 18, 2022, 8:10 PM IST

গুৱাহাটী, ১৮ নৱেম্বৰ : যিকোনো মুহূৰ্ততে আম্বানিৰ চিৰিয়াখানালৈ যাব অসম ৰাজ্যিক চিৰিয়াখানাৰ দুটাকৈ গঁড় । ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাই (Assam Rhino to Ambani Zoo) । গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্সৰ ব্যক্তিগত চিৰিয়াখানা Greens Zoological Rescue and Rehabilitation Centre-লৈ নিয়া হ'ব তিনি বছৰীয়া বিশ্বনাথ আৰু সুকানি নামৰ গঁড় দুটা ।

তাৰ বিনিময়ত অৱশ্যে অসম ৰাজ্যিক চিৰিয়াখানাই একো জন্তু নাপাব (Assam State Zoo and Botanical Garden) । ইফালে এই কাৰ্যক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ । আনহাতে, কেন্দ্ৰীয় চিৰিয়াখানা কর্তৃপক্ষৰ অনুমতি সাপেক্ষে আম্বানিৰ চিৰিয়াখানালৈ গঁড় দুটা প্ৰেৰণ কৰা হ'ব বুলি মন্তব্য কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ (DFO) অশ্বিনী কুমাৰে (DFO of Assam State Zoo) ।

আম্বানিৰ চিৰিয়াখানাত বন্দী হ'ব অসমৰ জাতীয় স্বাভিমান গঁড়

আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰাৰ পৰা বিৰত থাকি অনানুষ্ঠানিকভাৱে তেওঁ কয় যে অসম ৰাজ্যিক চিৰিয়াখানাত সম্প্ৰতি ১১ টা গঁড় আছে । তাৰ মাজৰ দুটা গঁড় ৰিলায়েন্স চিৰিয়াখানালৈ পঠোৱা হ'ব । ইতিমধ্যে গঁড় দুটা আনবোৰ গঁড়ৰ পৰা পৃথক কৰি ৰখা হৈছে । কিন্তু তাৰ বিনিময়ত উক্ত চিৰিয়াখানাৰ পৰা কোনো জন্তু নাপাব অসম ৰাজ্যিক চিৰিয়াখানাই (Reliance Zoo Jamnagar) ।

এখন নতুন চিৰিয়াখানা বাবে উক্ত চিৰিয়াখানাৰ পৰা কোনো জীৱ-জন্তু নাহে বুলি মন্তব্য কৰে ডিএফঅ'জনে (Reliance Zoo of Gujrat) । আনহাতে, কোনবোৰ চিৰিয়াখানাৰ পৰা জীৱ-জন্তুৰ বিনিময়ত কি জন্তু আনিব সেয়াহে প্ৰকাশ কৰে । তেওঁ প্ৰকাশ কৰা অনুসৰি, মহীশূৰৰ পৰা দুটা জেব্ৰা আহিব অসম ৰাজ্যিক চিৰিয়াখানালৈ ৷ ইয়াৰ বিপৰীতে এটা হলৌ বান্দৰ যাব মহীশূৰ চিৰিয়াখানালৈ । আনহাতে, এটা মাইকী জিৰাফ আহিব পাটনাৰ সঞ্জয় গান্ধী চিৰিয়াখানাৰ পৰা ৷

তাৰ বিনিময়ত এটা মাইকী গঁড় দিয়া হ'ব সঞ্জয় গান্ধী চিৰিয়াখানাক ৷ ইফালে ভুৱনেশ্বৰৰ নন্দন কানন চিৰিয়াখানাৰ পৰা দুটা চিম্পাঞ্জী অনা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে ৷ উল্লেখ্য যে বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত অসম ৰাজ্যিক চিৰিয়াখানাই কেন্দ্ৰীয় চিৰিয়াখানা কর্তৃপক্ষৰ অনুমতি সাপেক্ষে গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্সৰ ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণ কৰিছিল এহাল ঘোং ।

অৱশ্যে এই ঘোঙৰ বিনিয়মত ৰিলায়েন্সে ইজৰাইলৰ পৰা দুটা জেব্রা অসম ৰাজ্যিক চিৰিয়াখানাক দিয়াৰ চুক্তি হৈছিল । কিন্তু কোভিড মহামাৰীৰ বাবে জেব্রা সৰবৰাহ কৰাৰ অনুমতি লাভ নকৰাৰ অজুহাতত অসম ৰাজ্যিক চিৰিয়াখানাক আজিলৈকে নিদিলে জেব্রা । কিন্তু ইয়াৰ পাছতো পুনৰ অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই ৰিয়ালেন্সৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰিবলৈ লৈছে দুটাকৈ গঁড় ।

আশ্চৰ্যজনক কথাটো হৈছে, ৰিলায়েন্সে অসমৰ জন্তুৰ বিনিময়ত চুক্তিমতে জেব্রা দিব লাগিছিল যদিও ইয়াৰ বিপৰীতে দিয়ে ইছুজু কোম্পানীৰ দুখন বিলাসী গাড়ীহে । এক কথাত ক'বলৈ গ'লে অসম চৰকাৰৰ বন বিভাগ তথা ৰাজ্যিক চিৰিয়াখানাই দুষ্প্রাপ্য বন্যপ্রাণী ৰিলায়েন্সক বিক্ৰী কৰি ক্ৰয় কৰিলে ইছুজু বাহন ।'

উল্লেখ্য, ৰিলায়েন্স ফাউণ্ডেচন (Reliance Foundation) ল'গ' লগোৱা বাহনকেইখন বৰ্তমান অসম ৰাজ্যিক চিৰিয়াখানাই ব্যৱহাৰ কৰি আছে । মন কৰিবলগীয়া যে সংবাদ মাধ্যমৰ আগত অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’অশ্বিনী কুমাৰে বিষয় সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক :Migratory Birds at Moribil: পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ মৰিগাঁৱৰ মৰিবিল

Last Updated : Nov 18, 2022, 8:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.