ETV Bharat / state

Assam Public Works filed FIR: ঝাৰখণ্ডৰ বিধায়ক কিনা-বেচা সন্দৰ্ভত গীতানগৰ থানাত গোচৰ - Himanta Biswa Sarma in Jharkhand MLA FIR

ঝাৰখণ্ডৰ চৰকাৰৰ পতন ঘটাবলৈ ৰাজ্যখনৰ কংগ্ৰেছ বিধায়ক সকলক ভেটি দিয়া সন্দৰ্ভত প্ৰকাশিত বাতৰি, কংগ্ৰেছ নেতাৰ টুইট আৰু ঝাৰখণ্ডৰ বিধায়ক কুমাৰ জয়মংগলে আৰক্ষীক দাখিল কৰা অভিযোগৰ ভিত্তিত অসম পাব্লিক ৱৰ্কছে গোচৰ ৰুজু কৰিছে (ঝাৰখণ্ডৰ বিধায়ক কিনা বেচা সন্দৰ্ভত গীতানগৰ আৰক্ষী থানাত গোচৰ (Assam Public Works filed FIR )।

Assam Public Works filed FIR
ঝাৰখণ্ডৰ বিধায়ক কিনা-বেচা সন্দৰ্ভত গীতানগৰ আৰক্ষী থানাত গোচৰ
author img

By

Published : Aug 7, 2022, 7:50 PM IST

গুৱাহাটী, ৭ আগষ্ট: ঝাৰখণ্ড জে এম এম আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰখন পতন ঘটাবলৈ বিধায়ক ক্ৰয়-বিক্ৰয় হোৱা আৰু এনে অভিসন্ধি অসমতে ৰচনা কৰা হৈছিল বুলি উত্থাপিত অভিযোগকলৈ অসম পাব্লিক ৱৰ্কছে শনিবাৰে মহানগৰীৰ গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ঝাৰখণ্ডৰ বিধায়ক ক্ৰয়-বিক্ৰয়ৰ ঘটনাটোৰ প্ৰকৃত সত্য উন্মোচনৰ বাবে এটা গোচৰ ৰুজু কৰা বুলি অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে কয় ।

এজাহাৰখনত উল্লেখ কৰা মতে, ঝাৰখণ্ডৰ চৰকাৰৰ পতন ঘটাবলৈ ৰাজ্যখনৰ কংগ্ৰেছ বিধায়ক সকলক ভেটি দিয়া সন্দৰ্ভত প্ৰকাশিত বাতৰি, কংগ্ৰেছ নেতাৰ টুইট আৰু ঝাৰখণ্ডৰ বিধায়ক কুমাৰ জয়মংগলে আৰক্ষীক দাখিল কৰা অভিযোগৰ ভিত্তিতে অসম পাব্লিক ৱৰ্কছে গোচৰ ৰুজু কৰিছে (Assam Public Works filed FIR) । আনহাতে, সমগ্ৰ ঘটনাৱলীক অসম পাব্লিক ৱৰ্কছে অপৰাধমূলক অভিসন্ধি বুলি অভিহিত কৰিছে । অসম পাব্লিক ৱৰ্কছে লগতে এনে অভিসন্ধি অসমতে ৰচনা হোৱাক লৈ গৰিহণা দিয়ে ।

উল্লেখ্য যে, ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয় মংগল সিঙে (Jharkhand Congress MLA Kumar Jaimangal) স্থানীয় থানা এখনত দাখিল কৰা এজাহাৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে ঝাৰখণ্ডৰ বিজেপি বিৰোধী জোঁট চৰকাৰৰ পতন ঘটোৱা আৰু ৰাজ্যখনৰ বিজেপি চৰকাৰৰ গঠন কৰাৰ ষড়যন্ত্ৰ চলা বুলি উল্লেখ কৰাৰ পাছতে বিষয়টোক আৰম্ভ হোৱা চৰ্চা অব্য়াহত আছে(Himanta Biswa Sarma in Jharkhand MLA FIR)। দেশজুৰি চৰ্চা লাভ কৰা এই ঘটনা তথা ঝাৰখণ্ডৰ বিধায়কজনে দাখিল কৰা এজাহাৰ সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত এইবাৰ সৰৱ হৈছে অসম পাব্লিক ৱৰ্কছ (Assam Public Works)।

লগতে পঢ়ক: Jalha community of Assam : জলহা জনগোষ্ঠীৰ লোকপিয়ল আৰম্ভ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.