ETV Bharat / state

ৰাজ্যৰ তিনিগৰাকী সাংবাদিকলৈ আপ্কুৰ ৰাজ্যিক সাংবাদিকতা বঁটা - চক্ৰপাণি পৰাশৰ

‘দৈনিক জনমভূমি’ৰ কেশৱ গগৈ , ‘আমাৰ অসম’ৰ হেমন্ত শইকীয়া আৰু ‘নিউজ 18 অসম’ৰ চক্ৰপাণি পৰাশৰলৈ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ্ ইউনিয়নৰ এইবৰ্ষৰ সাংবাদিকতা বঁটা ৷

ৰাজ্যৰ তিনিগৰাকী সাংবাদিকলৈ আপ্কুৰ ৰাজ্যিক সাংবাদিকতা বঁটা
author img

By

Published : Apr 23, 2019, 1:36 AM IST

নিউজ ডেস্ক,23 এপ্ৰিলঃ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ্ ইউনিয়ন চমুকৈ আপ্কুৱে 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ তিনিগৰাকী সাংবাদিকলৈ আগবঢ়াইছে এই বৰ্ষৰ ৰাজ্যিক সাংবাদিকতা বঁটা ৷ সাংবাদিকতাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা সাংবাদিক সকললৈ প্ৰদান কৰি অহা এই বঁটা আগবঢ়াইছে আপ্কুৰ ডিব্ৰুগড় জিলা সমিতি আৰু বিশ্বনাথ জিলা সমিতিয়ে ৷ আপ্কুৰ প্ৰতিষ্ঠা কালৰ সৈতে জড়িত ডিব্ৰুগড় জিলাৰ টেঙাখাট অঞ্চলৰ প্ৰয়াত সাংবাদিক উচ্চকমল চেতিয়াৰ সোঁৱৰণত ডিব্ৰুগড় জিলা আপ্কুৱে প্ৰৱৰ্তন কৰি অহা ‘‘উচ্চকমল চেতিয়া সোঁৱৰণী ৰাজ্যিক সাংবাদিকতা বঁটা’’ এইবাৰ যুটীয়াভাৱে আগবঢ়োৱা হৈছে চৰাইদেউ জিলাৰ সাপেখাঁতীৰ ‘দৈনিক জনমভূমি’ কাকতৰ সাংবাদিক কেশৱ গগৈ আৰু গোলাঘাট জিলাৰ মৰঙিৰ ‘আমাৰ অসম’ কাকতৰ সাংবাদিক তথা নুমলীগড়ৰ ‘প্ৰতিদিন টাইম’ৰ সাংবাদিক হেমন্ত শইকীয়ালৈ ৷

আনহাতে আপ্কুৰ প্ৰতিষ্ঠাকালৰ সৈতে জড়িত বিশ্বনাথ জিলাৰ প্ৰয়াত সাংবাদিক বুধিন্দ্ৰনাথ হাজৰিকাৰ সোঁৱৰণত বিশ্বনাথ জিলা আপ্কুৱে আগবঢ়াই অহা ‘‘ বুধিন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সদৌ অসম ইলেক্ট্ৰনিক মিডিয়া সাংবাদিকতা বঁটা ’’ এইবাৰ ‘নিউজ 18 অসম/নৰ্থ-ইষ্ট’ৰ সাংবাদিক চক্ৰপাণি পৰাশৰলৈ এককভাৱে আগবঢ়োৱা হৈছে ৷ উল্লেখ্য যে, অহা 30 এপ্ৰিলত গোলাঘাট জিলাৰ দেৰগাঁৱত অনুষ্ঠিত হ’বলগা আপ্কুৰ 26 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত তিনিওগৰাকী সাংবাদিকক এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে আপ্কুৰ কেন্দ্ৰীয় নেতৃত্বই ৷

Intro:Body:

ৰাজ্যৰ তিনিগৰাকী সাংবাদিকলৈ আপ্কুৰ ৰাজ্যিক সাংবাদিকতা বঁটা 

‘দৈনিক জনমভূমি’ৰ কেশৱ গগৈ , ‘আমাৰ অসম’ৰ হেমন্ত শইকীয়া আৰু ‘নিউজ 18 অসম’ৰ চক্ৰপাণি পৰাশৰলৈ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ্ ইউনিয়নৰ এইবৰ্ষৰ সাংবাদিকতা বঁটা ৷ 

আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ্ ইউনিয়ন চমুকৈ আপ্কুৱে 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ তিনিগৰাকী সাংবাদিকলৈ আগবঢ়াইছে এই বৰ্ষৰ ৰাজ্যিক সাংবাদিকতা বঁটা ৷ সাংবাদিকতাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা সাংবাদিক সকললৈ প্ৰদান কৰি অহা এই বঁটা আগবঢ়াইছে আপ্কুৰ ডিব্ৰুগড় জিলা সমিতি আৰু বিশ্বনাথ জিলা সমিতিয়ে ৷ আপ্কুৰ প্ৰতিষ্ঠা কালৰ সৈতে জড়িত ডিব্ৰুগড় জিলাৰ টেঙাখাট অঞ্চলৰ প্ৰয়াত সাংবাদিক উচ্চকমল চেতিয়াৰ সোঁৱৰণত ডিব্ৰুগড় জিলা আপ্কুৱে প্ৰৱৰ্তন কৰি অহা ‘‘উচ্চকমল চেতিয়া সোঁৱৰণী ৰাজ্যিক সাংবাদিকতা বঁটা’’ এইবাৰ যুটীয়াভাৱে আগবঢ়োৱা হৈছে চৰাইদেউ জিলাৰ সাপেখাঁতীৰ ‘দৈনিক জনমভূমি’ কাকতৰ সাংবাদিক কেশৱ গগৈ আৰু গোলাঘাট জিলাৰ মৰঙিৰ ‘আমাৰ অসম’ কাকতৰ সাংবাদিক তথা নুমলীগড়ৰ ‘প্ৰতিদিন টাইম’ৰ সাংবাদিক হেমন্ত শইকীয়ালৈ ৷  

আনহাতে আপ্কুৰ প্ৰতিষ্ঠাকালৰ সৈতে জড়িত বিশ্বনাথ জিলাৰ প্ৰয়াত সাংবাদিক বুধিন্দ্ৰনাথ হাজৰিকাৰ সোঁৱৰণত বিশ্বনাথ জিলা আপ্কুৱে আগবঢ়াই অহা ‘‘ বুধিন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সদৌ অসম ইলেক্ট্ৰনিক মিডিয়া সাংবাদিকতা বঁটা ’’ এইবাৰ ‘নিউজ 18 অসম/নৰ্থ-ইষ্ট’ৰ সাংবাদিক চক্ৰপাণি পৰাশৰলৈ এককভাৱে আগবঢ়োৱা হৈছে ৷ উল্লেখ্য যে, অহা 30 এপ্ৰিলত গোলাঘাট জিলাৰ দেৰগাঁৱত অনুষ্ঠিত হ’বলগা আপ্কুৰ 26 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত তিনিওগৰাকী সাংবাদিকক এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে আপ্কুৰ কেন্দ্ৰীয় নেতৃত্বই ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.