ETV Bharat / state

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ - অসম প্ৰদেশ কংগ্ৰেছ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে আদি কৰি বহু কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে ।

protest againts price hike
মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Jul 17, 2021, 10:38 PM IST

গুৱাহাটী, ১৭ জুলাই: দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভাৱনীয় হাৰত হোৱা মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে নিখিল ভাৰত কংগ্ৰেছ কমিটি(AICC)ৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷

protest againts price hike
মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত ৰাজীৱ ভৱনৰ সন্মুখত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে আদি কৰি বহু কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে ৷ কংগ্ৰেছৰ এই প্ৰতিবাদক বাধা দিবলৈ সষ্টম হৈ পৰে চিআৰপিএফৰ লগতে অসম আৰক্ষী । প্ৰতিবাদকাৰীক বাধা দিবলৈ ৰাজীৱ ভৱনৰ সন্মুখত স্থাপন কৰা হয় বেৰিকেড । কিন্তু, আৰক্ষীৰ বেৰিকেড অতিক্ৰম কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৷

ইয়াৰ ফলত বাধ্য হৈ আৰক্ষীয়ে প্ৰতিবাদকাৰী দলটোক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰাৰ পাচতে কাহিলীপাৰাৰ চতুৰ্থ আৰক্ষী বেটেলিয়ানৰ চৌহদলৈ লৈ যায় দলটোক আৰু তাতে বহু সময় ধৰি আটক কৰি ৰাখে । অৱশ্যে পাচত প্ৰতিবাদকাৰী দলটোক মুকলি কৰি দিয়া হয় ।

লগতে পঢ়ক: Jeans, T-shirt পৰিধান কৰিব নোৱাৰিব সচিবালয়ৰ কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.