ETV Bharat / state

Assam Police constable: নিখোঁজ পল্টন বজাৰ থানাৰ মহিলা কনিষ্টবল গায়ত্ৰী হাজৰিকা; শৰাইঘাট দলঙত উদ্ধাৰ ছেণ্ডেল-ম’বাইল

গুৱাহাটীত অঘটন ৷ নিখোঁজ হৈ আছে পল্টন বজাৰ থানাৰ এগৰাকী মহিলা কনিষ্টবল । নাম গায়ত্ৰী হাজৰিকা ৷ ইতিমধ্যে শৰাইঘাট দলঙৰ পাৰত উদ্ধাৰ হৈছে গায়ত্ৰীৰ ম’বাইল ফোন, ছেণ্ডেল, চশচমাকে ধৰি আৰু বহু সামগ্ৰী ।

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 12:03 PM IST

Updated : Sep 5, 2023, 12:21 PM IST

Missing female junior constable
নিখোঁজ মহিলা কনিষ্ঠবল গায়ত্ৰী হাজৰিকা
নিখোঁজ পল্টন বজাৰ থানাৰ মহিলা কনিষ্টবল গায়ত্ৰী হাজৰিকা

গুৱাহাটী, ৫ ছেপ্টেম্বৰ : মঙলবাৰে পুৱাই আহিছে এক বিশেষ খবৰ ৷ জানিব পৰা মতে, পল্টন বজাৰ থানাৰ এগৰাকী মহিলা কনিষ্টবল নিখোঁজ হৈছে । সন্ধানহীন কনিষ্টবলগৰাকীৰ নাম গায়ত্ৰী হাজৰিকা । নগাঁৱৰ বঢ়মপুৰত ঘৰ নিৰুদ্দেশ হৈ থকা গায়ত্ৰীৰ হাজৰিকাৰ । ইতিমধ্যে শৰাইঘাট দলঙৰ পাৰত উদ্ধাৰ হৈছে নিখোঁজ হৈ থকা গায়ত্ৰীৰ ম’বাইল ফোন, চেণ্ডেল, চশচমাকে ধৰি আৰু বহুকেইপদ সামগ্ৰী ।

শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত হৈ আছিল মহিলা আৰক্ষী কনিষ্টবল গায়ত্ৰী হাজৰিকা । শিলসাঁকোত কৰ্তব্য নকৰো বুলি বাৰম্বাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক জনাইছিল গায়ত্ৰীয়ে । তাৰ পিচতো গায়ত্ৰীৰ কথাক কোনো গুৰুত্ব নিদি বৰং আৰক্ষীৰ শীৰ্ষ বিষয়াই শিলসাঁকোৰ উচ্ছেদত নিয়োজিত কৰিছিল তেওঁক ।

নিজ কৰ্তব্য সম্পাদন কৰাৰ পাচতো আৰক্ষীৰ শীৰ্ষ বিষয়াই গায়ত্ৰী হাজৰিকাক হেঁচা প্ৰয়োগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই ৷ আৰক্ষী কনিষ্টবল গায়ত্ৰী হাজৰিকাই ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যা কৰাৰ সন্ধেহ প্ৰকাশ কৰিছে একাংশই । গায়ত্ৰীৰ সন্ধানত ইতিমধ্যে ব্ৰহ্মপুত্ৰত অভিযান চলাইছে এন ডি আৰ আৰু এফ এচ ডি আৰ এফ বাহিনীৰ লোকে ।

ইপিনে সমগ্ৰ বিষয়তো গাপ দিয়াৰ চেষ্টা কৰিছে মহানগৰ আৰক্ষীয়ে । বাতৰি যুগুত কৰা পৰলৈকে নিৰুদ্দেশ হৈ থকা গায়ত্ৰী হাজৰিকাৰ সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো মন্তব্য প্ৰদান কৰা নাই ।

উল্লেখযোগ্য যে, বিগত চাৰিদিন ধৰি শিলসাঁকোত চলি আছিল উচ্ছেদ অভিযান । এই উচ্ছেদ অভিযানৰ সৈতে গায়ত্ৰী হাজৰিকা নিখোঁজ হৈ থকাৰ মাজত গভীৰ সম্পৰ্ক আছে বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে ৷

লগতে পঢ়ক : Silsako Beel eviction : শিলসাঁকোৰ জনতাৰ প্ৰতিবাদ নস্যাৎ কৰি তৃতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ

Last Updated : Sep 5, 2023, 12:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.