ETV Bharat / state

Assam Police VRS : অসম আৰক্ষীৰ সকলোৱে দিব লাগিব শাৰীৰিক সক্ষমতাৰ পৰীক্ষা, অনুত্তীৰ্ণক দিব স্বেচ্ছামূলক অৱসৰ - CM Himanta Biswa Sarma

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে শীঘ্ৰেই সম্পন্ন কৰিব 'বডী মাছ ইনডেক্স’ (Body Mass Index, BMI) পৰীক্ষা ৷ আইপিএছ, এপিএছ বিষয়াৰ পৰা আৰম্ভ কৰি আৰক্ষী জোৱানলৈকে সকলোৱে এই পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব (Assam Police BMI test) । ১৬ আগষ্টত সকলোতকৈ আগতে নিজেই প্ৰথমে এই শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব জি পি সিং ।

GP Singh on Assam Police VRS
GP Singh on Assam Police VRS
author img

By

Published : May 16, 2023, 1:27 PM IST

গুৱাহাটী, ১৬ মে’: শীঘ্ৰেই হয়তো অসম আৰক্ষীৰ বহুতো বিষয়া-জোৱানে ল’বলগা হ’ব পাৰে বাধ্যতামূলক অৱসৰ (Assam Police VRS) ৷ কাৰণ অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰিছে এক বিশেষ ঘোষণা (Assam Police DGP GP Singh) ৷ অসম আৰক্ষীৰ সকলো বিষয়া-জোৱানে অচিৰেই হ’ব লাগিব শাৰীৰিক পৰীক্ষাৰ সন্মুখীন ৷ মঙলবাৰে অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে এই বিষয়ে এক বিশেষ ঘোষণা কৰে ৷ ঘোষণা অনুসৰি, ৰাজ্যৰ সকলো আৰক্ষী-বিষয়া আৰু জোৱানে বিভাগীয় শাৰীৰিক পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব ৷

  • In line with directions of the Hon @CMOfficeAssam , @assampolice Hq has decided to go in for professional recording of Body Mass Index (BMI) of all Assam Police personnel including IPS/APS officers and all DEF/Bn/Organisations.
    We plan to give three months time to all Assam…

    — GP Singh (@gpsinghips) May 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে শীঘ্ৰেই সম্পূৰ্ণ বৃত্তিগতভাৱে এক 'বডী মাছ ইনডেক্স’ (Body Mass Index, BMI) পৰীক্ষা সম্পন্ন কৰিব (Assam Police to conduct BMI test) ৷ আইপিএছ, এপিএছ বিষয়াৰ পৰা আৰম্ভ কৰি আৰক্ষী সংস্থাৰ জোৱান আদি সকলোৱে এই পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব । অহা ১৫ আগষ্টলৈকে সকলোকে নিজক সক্ষম প্ৰমাণিত কৰিবৰ বাবে তিনিমাহৰ সময় দিছে অসম আৰক্ষী কৰ্তৃপক্ষই ৷ ১৬ আগষ্টৰ পৰা আৰক্ষী বিষয়া আৰু জোৱানসকলৰ এই পৰীক্ষা আৰম্ভ হ’ব ৷ পৰৱৰ্তী পোন্ধৰ দিন ধৰি ৩০ আগষ্ট পৰ্যন্ত চলিব এই BMI নিৰ্ধাৰণ প্ৰক্ৰিয়া ।

যিসকল মেদবহুল নাইবা শকত লোক BMI ৩০+ শাখাত পৰিব তেওঁলোকক অতিৰিক্ত ৩ মাহৰ সময় দিয়া হ’ব নিজৰ শৰীৰৰ সক্ষমতা বৃদ্ধি কৰিবৰ বাবে ৷ এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম নোহোৱাসকলক নৱেম্বৰ মাহৰ শেষলৈ সময় দিব অসম আৰক্ষী কৰ্তৃপক্ষই ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে টুইটাৰযোগে ঘোষণা কৰিছে এই বিশেষ ঘোষণা । নৱেম্বৰ মাহৰ শেষলৈ যিসকলে নিজৰ স্বাস্থ্য আৰক্ষীৰ বাবে নিৰ্ধাৰিত অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিব তেওঁলোকক অযোগ্য ঘোষণা কৰি বাধ্যতামূলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব ৷

অৱশ্যে থায়ৰয়েড আদিৰ দৰে যুক্তিসংগত চিকিৎসাজনিত কাৰণ থাকিলে সেই শকত মেদবহুল আৰক্ষী বিষয়া-জোৱানসকলৰ ক্ষেত্ৰত ৰেহাইৰ ব্যৱস্থা কৰা হ’ব ৷ উল্লেখযোগ্য যে যোৱা মাহত দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সযোগে আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছিল (CM Himanta Biswa Sarma) । এই বৈঠকতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এনে বিষয়া-জোৱানৰ প্ৰথমখন তালিকা দাখিল কৰিছিল ৷

তেতিয়াৰে পৰা অসম আৰক্ষীত শকত-মেদবহুল তথা শাৰীৰিকভাৱে অযোগ্য বিষয়া-জোৱানসকলক স্বেচ্ছামূলক বিদায় দিয়াৰ প্ৰসংগতো বিশেষভাৱে চৰ্চিত হৈ আহিছে ৷ উপদেশতকৈ যে আৰ্হি ভাল, সেই কথাৰ আৰ্হি দেখুৱাব আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে ৷ সেয়ে ১৬ আগষ্টত সকলোতকৈ আগতে নিজেই প্ৰথমজন আৰক্ষী হিচাবে BMI শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব জি পি সিং (GP Singh to attend BMI test) ।

লগতে পঢ়ক :SI Junmoni Rabha: শােকাৱহ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.