গুৱাহাটী, 21 এপ্ৰিল : বৃহস্পতিবাৰে দিনৰ পৰা প্ৰায় 11.30 বজাত বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হয় অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানী(Jigensh Mevani has arrived in Assam) ৷ তাৰ পাচতে অসম আৰক্ষীয়ে সংবাদ মাধ্যমৰ চকুত ধূলি মাৰি আৰক্ষীৰ বাহনত উঠাই কোকৰাঝাৰ অভিমুখে নিয়ে মেৱানীক ।
বৰঝাৰ বিমানবন্দৰৰ বাহিৰত পুৱাৰে পৰা খাপ পিটি থকা সাংবাদিকসকলৰ চকুত ধূলি দি আৰক্ষীয়ে গোপনে জিগনেশ মেৱানীক বিমানবন্দৰৰ পৰা বাহনত উঠাই কোকৰাঝাৰলৈ নিয়ে । জিগনেশ মেৱানীয়ে যাতে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ বক্তব্য ৰাখিব নোৱাৰে তাৰ বাবে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে দলিত নেতাগৰাকীক আৰক্ষীয়ে গোপনে বিমানবন্দৰৰ পৰা নিয়াৰ ব্যৱস্থা কৰে ।
লগতে পঢ়ক : MLA Jignesh Mevani arrested : কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
উল্লেখ্য যে, বুধবাৰে নিশা প্ৰায় 11.30 বজাত গুজৰাটৰ পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক তথা দলিত নেতা মেৱানীক (Gujarat Congress MLA Jignesh Mevani arrested) ৷ কোকৰাঝাৰৰ অনুপ কুমাৰ দে’ৰ দ্বাৰা কোকৰাঝাৰ থানাত দাখিল কৰা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় মেৱানীক (MLA Jignesh Mevani arrested by Assam Police) ।
দে’-ই অভিযোগ কৰা অনুসৰি, মেৱানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কিছুদিন পূৰ্বৰে পৰা কেইবাটাও টুইট কৰিছিল ৷ যিয়ে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল ।