ETV Bharat / state

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

author img

By

Published : May 18, 2021, 9:14 PM IST

নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি কৰিছে। মঙলবাৰেও পুনৰ অসম আৰক্ষীত ব্যাপক ৰদ-বদল কৰা হয়।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

গুৱাহাটী, ১৮ মে': অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত দ্বিতীয় বাৰৰ বাবে পুনৰ সাল-সলনি কৰা হৈছে । এই সন্দৰ্ভত ৰাজ্যৰ গৃহ(প্ৰশাসনীয়) বিভাগে এক জাননী জাৰি কৰিছে । জাননী অনুসৰি অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ কংকন জ্যোতি শইকীয়াক গুৱাহাটীৰ চি আই ডিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

সেইদৰে শিলাদিত্য চেতিয়াক কাহিলীপাৰাস্থিত দশম অসম আৰক্ষী বাহিনীৰ অধিনায়ক, ধেমাজিৰ আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় পৰশুৰাম ঘানাৱাটক শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ মুগ্ধ জ্যোতি মহন্তক গুৱাহাটীৰ মান্দাকাটাস্থিত চিডি অ’ বেটেলিয়নৰ কামাণ্ডেণ্ট আৰু উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থকা ৰঞ্জন ভুঞাক ধেমাজিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

অমৃত ভূঞাক গৃহ বিভাগৰ পূৰ্বৰ অধিসূচনা অনুসৰি খালী থকা বঙাইগাঁৱৰ অভয়াপুৰীৰ অষ্টম অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছে ।

একেদৰে তিনিচুকীয়াৰ মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হৰেকৃষ্ণ নাথক গুৱাহাটী নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ খালী হৈ থকা উপ-আয়ুক্ত পদত নিযুক্তি দিয়া হৈছে ।

মানৱেন্দ্ৰ দেৱ ৰয়ক বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক আৰু ড৹ নন্দ সিঙক মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে।

উল্লেখ যে, সকলো আৰক্ষী বিষয়াকে ৪৮ঘণ্টাৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত নিজ নিজ নতুন পদত যোগদান কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ।

লগতে পঢ়কঃ মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.