ETV Bharat / state

ৰাজ্যত অধিক কঠোৰ কৰা হ’ব লক ডাউন আইনঃ অসম আৰক্ষী

20 এপ্ৰিললৈ ৰাজ্যৰ আৰক্ষী প্ৰশাসন অধিক কঠোৰ হ’ব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ 20 তাৰিখৰ পিছত পৰিস্থিতি প্ৰত্যক্ষ কৰি লক ডাউন শিথিল কৰাৰ ওপৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

Assam police meeting on Lock down
লক ডাউন সন্দৰ্ভত অসম আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Apr 15, 2020, 12:33 PM IST

গুৱাহাটী,15 এপ্ৰিলঃ বুধবাৰে অসম আৰক্ষীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয় ৷ উক্ত বৈঠকত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং,আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা ৷ বুধবাৰৰ পৰা ৰাজ্যত অধিক কঠোৰ কৰা হ’ব লক ডাউন আইন ৷ কেৱল আৰক্ষীৰ অনুমতিপ্ৰাপ্ত বাহনসমূহহে চলাচল কৰিব পাৰিব ৷ লগতে সামাজিক স্থানসমূহতো সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হ’ব ৷

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ভাষ্য

আনহাতে, 20 এপ্ৰিললৈ আৰক্ষী প্ৰশাসন অধিক কঠোৰ হ’ব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ 20 তাৰিখৰ পিছত পৰিস্থিতি প্ৰত্যক্ষ কৰিহে লক ডাউন শিথিল কৰাৰ ওপৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ ইয়াৰ বিপৰীতে,জ্যেষ্ঠ নাগৰিকসকলক ঔষধৰ লগতে জৰুৰী সামগ্ৰীসমূহ যোগান ধৰাৰ বাবে পৰিবহন বিভাগৰ সহায়ত ‘মিনি টেক্সি চাৰ্ভিছ’ ব্য়ৱহাৰ কৰা হ’ব ৷ ইয়াৰ বিপৰীতে লক ডাউন নমনা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

লগতে পঢ়ক-নগাঁৱৰ সূতাৰ গাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণক লৈ উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.