নিউজ ডেস্ক, 1 এপ্ৰিলঃ লক ডাউনৰ বাবে বৰ্তমান স্তব্ধপ্ৰায় হৈ পৰিছে জনজীৱন ৷ একাংশ দুখীয়া লোকে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়াও পৰিলক্ষিত হৈছে এই সময়ত ৷ যাৰ বাবে গুৱাহাটীৰ একাংশ দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে আৰক্ষীৰ লোকে ৷
কেৱল এয়াই নহয়, লক ডাউনৰ সময়তে কাশ্মীৰৰ পৰা অহা এটা 13 জনীয়া দল আবদ্ধ হৈ পৰিছিল গুৱাহাটীত ৷ আবদ্ধ হৈ পৰা লোকসকলকৰ বাবেও খাদ্য সামগ্ৰী বিতৰণ কৰে অসম আৰক্ষীয়ে ৷ টুইটাৰযোগে অসম আৰক্ষীৰ এনে মহানুভৱতাক কৃতজ্ঞতা প্ৰদান কৰে কাশ্মীৰৰ শ্বৌকত নামৰ এগৰাকী লোকে ৷
লগতে পঢ়কঃ ৰহাত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ