ETV Bharat / state

মহানগৰীত ব্ৰহ্মপুত্ৰত সলিল সমাধি এজন যুৱকৰ

গুৱাহাটীৰ সোণাৰাম খেলপথাৰত ক্ৰিকেট খেলি সুমিত সিঙে গা ধুবলৈ বুলি ব্ৰহ্মপুত্ৰলৈ গৈছিল । কিন্তু ব্ৰহ্মপুত্ৰৰ সোঁতে উটুৱাই নিয়ে যুৱকজনক । ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱাৰ পাছতেই স্থানীয় ৰাইজে খবৰ দিয়ে ভৰলুমুখ আৰক্ষীক ।

author img

By

Published : May 19, 2019, 6:49 PM IST

Updated : May 19, 2019, 7:02 PM IST

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ এজন যুৱক

গুৱাহাটী, ১৯ মেঃ গুৱাহাটীৰ ভৰলুমুখত অঘটন । ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ ৷ মৃত যুৱকজনৰ নাম সুমিত সিং ৷

উল্লখ্য যে গুৱাহাটীৰ সোণাৰাম খেলপথাৰত ক্ৰিকেট খেলি সুমিত সিঙে গা ধুবলৈ বুলি ব্ৰহ্মপুত্ৰলৈ গৈছিল । কিন্তু ব্ৰহ্মপুত্ৰৰ সোঁতে উটুৱাই নিয়ে যুৱকজনক । ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱাৰ পাছতেই স্থানীয় ৰাইজে খবৰ দিয়ে ভৰলুমুখ আৰক্ষীক । ঘটনাস্থলীত SDRF আৰু আৰক্ষীৰ লোক উপস্থিত হৈ সন্ধানহীন যুৱকজনক উদ্ধাৰৰ বাবে অভিযান চলায় । অভিযানত উদ্ধাৰ কৰে সুমিত সিঙৰ মৃতদেহ ৷ সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ।

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ এজন যুৱক

লগতে আন এটা বাতৰি - নগাঁৱৰ প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ-মঞ্চ অভিনেতা প্ৰাণজিৎ ৰাজবংশীৰ অকাল মৃত্যু

গুৱাহাটীৰ ভৰলুমুখত অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ। মৃত যুৱকজন বিষ্ণুপুৰৰ সুমিত সিংহ বুলি জানিব পৰা গৈছে। সোণাৰাম খেলপথাৰত ক্ৰিকেট খেলি গা ধুবলৈ গৈছিল সুমিত। গা ধুই থকা অৱস্থাত ভৰা লুইতত উটি গৈছিল যুৱকজন। ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱাৰ পিছতেই স্থানীয় ৰাইজে খবৰ দিয়ে ভৰলুমুখ আৰক্ষীক। SDRF আৰু অগ্নিনিৰ্বাপকবাহিনীয়ে লুইতৰ বুকুত অভিযানত উদ্ধাৰ কৰে সুমিত সিঙৰ মৃতদেহ। সম্প্ৰতি মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। ইফালে যুৱকজনৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোতে। 

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
Last Updated : May 19, 2019, 7:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.