ETV Bharat / state

Assam Govt Memorandum : অসমৰ বাহিৰলৈ গ'লে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব শীৰ্ষ বিষয়াই - IAS Ghanshyam Dass

ৰাজ্যৰ বিভিন্ন বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলো প্ৰায়েই উপস্থিত নাথাকে কাৰ্যালয়ত ৷ আনহে নালাগে চৰকাৰী সভাতো নাথাকে উপস্থিত ৷ যাৰবাবে মুখ্যমন্ত্ৰীৰ অনুমতি লৈহে কাৰ্যালয় তথা অসমৰ বাহিৰলৈ যাবলৈ বাধ্য কৰোৱা হৈছে নিৰ্দেশনাৰ জৰিয়তে (Assam Govt memorandum to officers) ৷

Assam Govt Memorandum
অসমৰ বাহিৰলৈ গ'লে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব শীৰ্ষ বিষয়াই
author img

By

Published : Jan 16, 2023, 9:19 PM IST

গুৱাহাটী, ১৬ জানুৱাৰী : এতিয়াৰে পৰা মন গ’লেই কাৰ্যালয় এৰি যাব নোৱাৰিব ৷ মন গ’লেই যাব নোৱাৰিব অসমৰ বাহিৰলৈ ৷ একাংশ শীৰ্ষ বিষয়াৰ কৰ্মসংস্কৃতিৰ প্ৰতি অনীহাত ক্ষুব্ধ হৈছে চৰকাৰ ৷ যাৰবাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

কাৰ্যালয়ত অনুষ্ঠিত চৰকাৰী অনুষ্ঠানত প্ৰায়েই উপস্থিত নাথাকে শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল ৷ বিভাগৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ চৰকাৰী সভাত শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ অনুপস্থিতিৰ ফলত বহু সিদ্ধান্ত অজ্ঞাত হৈ ৰয় বিষয়াসকলৰ বাবে ৷ যাৰবাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ আয়ুক্ত সচিব, সচিবসহ শীৰ্ষ বিষয়াসকললৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে (Assam Govt memorandum to officers)৷

হিৰলৈ গ'লে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব শী
অসম চৰকাৰৰ বিশেষ স্মাৰক

যোৱা শনিবাৰে কৰ্মচাৰী বিভাগে(Assam Govt personnel department) জাৰি কৰা এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা বিভাগীয় মুখ্য কাৰ্যালয় এৰি অসমৰ বাহিৰলৈ গ'লে আগতীয়াকৈ অনুমতি ল'ব লাগিব মুখ্যমন্ত্ৰীৰ পৰা ৷ কৰ্মচাৰী বিভাগে জাৰি কৰা বিশেষ কাৰ্যালয় স্মাৰকখনত উল্লেখ কৰা হৈছে যে চৰকাৰী অনুষ্ঠান হ'লে বিভাগৰ মুখ্য কাৰ্যালয়ত উপস্থিত নাথাকে বহু জ্যেষ্ঠ বিষয়া ৷

বহু গুৰুত্বপূৰ্ণ বৈঠকতো জ্যেষ্ঠ বিষয়া উপস্থিত নাথাকে বুলি স্পষ্টকৈ উল্লেখ কৰে স্মাৰকখনত ৷ ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগৰ সচিব ঘনশ্যাম দাসৰ(IAS Ghanshyam Dass) স্বাক্ষৰিত কাৰ্যালয় স্মাৰকখনত কোৱা হৈছে, “লক্ষ্য কৰা হৈছে যে কিছুমান বিশেষ উপলক্ষ্যত অসম চৰকাৰৰ বহু জ্যেষ্ঠ বিষয়া মুখ্য কাৰ্যালয়ত উপস্থিত নাথাকে আৰু গুৰুত্বপূৰ্ণ সভা আদিতো উপস্থিত নাথাকে ৷ এতিয়াৰ পৰা উপায়ুক্ত, সচিব আৰু তাৰ ওপৰৰ পদবীধাৰীৰ লগতে অসম চৰকাৰৰ কোনো বিভাগৰ জ্যেষ্ঠ-সৰ্বাধিক সচিব পৰ্যায়ৰ সকলো বিষয়াই, ৰাজ্যৰ বাহিৰৰ যিকোনো ভ্ৰমণৰ বাবে মুখ্য কাৰ্যালয় এৰি যোৱাৰ পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পূৰ্ব অনুমতি লাভ কৰিব লাগিব ৷ এই কাৰ্যালয় স্মাৰক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বলবৎ হ’ব ।”

উল্লেখ্য যে, বহু সময়ত অভিযোগ উত্থাপিত হৈ অহা অনুসৰি ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত বিষয়াৰ অনুপস্থিতি লক্ষ্য কৰা যায় ৷ সেই ফল ভোগ কৰি আহিছে সাধাৰণ জনতায়ো ৷ বিভিন্ন কামত সাধাৰণ লোক কোনো এটা বিভাগৰ কাৰ্যালয়লৈ গ’লে বিষয়াৰ সঘন অনুপস্থিতিৰ বাবে তাঁতবাতি কৰিবলগীয়া হয় ৷

তেনে সময়তে খোদ ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই আহিল গুৰুতৰ অভিযোগ (Absence of officers in Assam) ৷ আন বিষয়াসকলৰ দৰেই শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলো কাৰ্যালয়ত প্ৰায়েই অনুপস্থিত থকাৰ লিখিত অভিযোগ দেখা গ’ল চৰকাৰী নিৰ্দেশনাত ৷ যাৰ বাবে কাৰ্যালয় এৰি অসমৰ বাহিৰলৈ যাবলগীয়া হ’লে শীৰ্ষ বিষয়াসকলে মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতি ল’বলৈ বাধ্য কৰোৱা হৈছে ৷

লগতে পঢ়ক: Lok Sabha Election 2024: লোকসভা নিৰ্বাচনলৈ কঁকালত টঙালি ৰাজ্যিক BJPৰ, ফেব্ৰুৱাৰীত নগাঁৱত BJPৰ বিশাল ৰাজহুৱা সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.