ETV Bharat / state

বিস্ময়ঃ স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য যাত্ৰা ?

author img

By

Published : Jun 4, 2020, 7:55 PM IST

Updated : Jun 4, 2020, 10:56 PM IST

কিন্তু ক'ৰণা বিভীষিকা,দীঘলীয়া লক ডাউন এই সকলো বিলাকে এতিয়া যেন স্থবিৰ কৰি পেলাব খুজিছে অসমীয়া আলোচনী জগতত স্বৰ্ণিল অধ্যায় ৰচনা কৰা "বিস্ময়"ৰ যাত্ৰা । আজিৰ পৰা ৫২ বছৰ পূৰ্বে "বিস্ময়"ক জন্ম দিয়া শশী ফুকন আজি যেন ক্লান্ত ! ভীষণ উদ্বিগ্ন নিজে জন্ম দিয়া,নিজ সন্তানৰ দৰে লালন পালন কৰি ৫২ বছৰীয়া কৰি তোলা "বিস্ময়" ৰ ভৱিষ্যতক লৈ ।

Assam magazine Bishmoi will close
বিস্ময়

গুৱাহাটী, ৪ জুনঃ কোন অসমীয়াই শুনা নাই "বিস্ময়" ৰ নাম ? কোন অসমীয়াই এবাৰৰ বাবে হ'লেও লুটিয়াই চোৱা নাই "বিস্ময়" ৰ পৃষ্ঠা ? ১৯৬৯ চনৰ জানুৱাৰী মাহত প্ৰকাশ পাইছিল "বিস্ময়" ৰ প্ৰথমটো সংখ্যা । সেই তেতিয়াৰে পৰা আজি ৫২ টা বছৰে থমকি ৰোৱা নাই "বিস্ময়" ৰ যাত্ৰা ।

স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বিস্ময়ৰ বিস্ময়কৰ যাত্ৰা ?

কিন্তু কৰ'ণা বিভীষিকা আৰু দীঘলীয়া লক্ ডাউন এই সকলো বিলাকে এতিয়া যেন স্থবিৰ কৰি পেলাব খুজিছে অসমীয়া আলোচনী জগতত স্বৰ্ণিল অধ্যায় ৰচনা কৰা "বিস্ময়"ৰ যাত্ৰা । আজিৰ পৰা ৫২ বছৰ পূৰ্বে "বিস্ময়" ক জন্ম দিয়া শশী ফুকন আজি যেন ক্লান্ত ! ভীষণ উদ্বিগ্ন নিজে জন্ম দিয়া,নিজ সন্তানৰ দৰে লালন পালন কৰি ৫২ বছৰীয়া কৰি তোলা "বিস্ময়"ৰ ভৱিষ্যতক লৈ । যাৰ বাবে জুন মাহৰ সংখ্যাৰ সম্পাদকীয়ত গভীৰ আক্ষেপ আৰু বেদনাৰে তেওঁ লিখিছে- হয়তো এয়াই হ'ব পাৰে "বিস্ময়"ৰ অন্তিমটো সংখ্যা । প্ৰচলন কমি আহিছে,লক ডাউনৰ বাবে কমি আহিছে পাঠকৰ সংখ্যা,আলোচনী এখন চলাই ৰাখিবলৈ প্ৰয়োজন হোৱা বিজ্ঞাপনো নোপোৱা হৈছে ।

লগতে পঢ়কঃ অৰুণাচলত বিক্ৰী কৰা কলগাছিয়াৰ ৪ শ্ৰমিকক উদ্ধাৰ

সত্তৰৰ দশকৰ পৰা নব্বৈৰ দশকলৈকে অসমীয়া আলোচনী জগতত "বিস্ময়" ৰ যি আধিপত্য সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । আজি অসমীয়া সাহিত্য ক্ষেত্ৰখনত জিলিকি থকা বহুকেইগৰাকী গল্পকাৰ,লেখকৰ জন্ম হৈছিল এই "বিস্ময়"ৰ পৃষ্ঠাতেই । বৈদূৰ্য বৰুৱা,বন্দিতা ফুকন,ৰঞ্জু হাজৰিকা,মৃত্যুঞ্জয় মহন্ত, পৰিণীতা বুজৰবৰুৱা.... । কিমানৰ নাম লব ! অসমীয়া আলোচনী জগতৰ এক পাহৰিব নোৱৰা অধ্যায় সৃষ্টি কৰা "বিস্ময়" ৰ এই যাত্ৰা স্থবিৰ হৈ পৰাৰ পৰা ৰক্ষা কৰিবলৈ অসমীয়া পাঠকে, চৰকাৰে কিবা উপায় উলিয়াব নোৱাৰেনে ??

Last Updated : Jun 4, 2020, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.