গুৱাহাটী, 30 নৱেম্বৰ : সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ বিদায় ক্ষণত লুৰিণজ্যোতি গগৈয়ে বজ্ৰকণ্ঠে জাতিৰ হকে কাম কৰি যাব বুলি প্ৰকাশ কৰিলে ৷ লগতে, তেওঁ পুনৰ কয় যে, মই আছুৰ পোছাক খুলিছো যদিওঁ মোৰ আদৰ্শ সদায় একে থাকিব । সদায় জাতিৰ বলিষ্ঠ কণ্ঠ হিচাপে জীয়াই থাকিব বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে ৷
ইফালে, অসম জাতীয় পৰিষদত যোগদানৰ প্ৰসংগত বিশেষ মন্তব্য প্ৰকাশ নকৰিলে যদিও শীঘ্ৰেই ৰাইজৰ আগত সকলো কথা স্পষ্টকৈ জনাব বুলি মন্তব্য প্ৰদান কৰিলে লুৰিনজ্যোতি গগৈয়ে ।
লগতে পঢ়ক : স্থাপন হ’ল ঐতিহ্যমণ্ডিত চানডুবি মহোৎসৱৰ লাইখুঁটা