ETV Bharat / state

Assam Lawyers Association Press Meet : ষ্টাম্প পেপাৰৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী - অধিবক্তা

কৰ্ণাটকৰ লেখীয়াকৈ অসমতো ষ্টাম্প পেপাৰ(Stump Paper)ৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী জনাইছে অসম উকিল সন্থা(Assam Lawyers Association)ই ৷ মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি চৰকাৰক এই দাবী জনোৱাৰ লগতে ক’ভিড(Covid)ত মৃত্যু হোৱা অধিবক্তাৰ পৰিয়ালক সহায় কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদো জনায় উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে ৷

Assam Lawyers Association Press Meet
অসম উকিল সন্থাৰ সংবাদমেল
author img

By

Published : Nov 17, 2021, 10:23 AM IST

গুৱাহাটী, 17 নৱেম্বৰ : শেহতীয়াকৈ বৃদ্ধি পোৱা ষ্টাম্প ডিউটি(Stump Duty)ৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীৰে মঙলবাৰে গুৱাহাটী মহানগৰীত অসম উকিল সন্থা(Assam Lawyers Association)ৰ সংবাদমেল সম্বোধন ৷ গুৱাহাটীৰ উকিল সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই সংবাদমেলখন ৷

সংবাদমেলযোগে অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে কয় যে, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়ত ষ্টাম্প পেপাৰ(Stump Paper)ৰ মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিছে । কৰ্ণাটক চৰকাৰৰ লেখীয়াকৈ অসম চৰকাৰেও(Assam Govt) ষ্টাম্প ডিউটিৰ দাম বৃদ্ধি হ্ৰাস কৰাৰ ব্যৱস্থা কৰি কল্যাণকামী চৰকাৰৰ নিদৰ্শন দাঙি ধৰাৰ বাবে তেওঁ ৰাজ্য চৰকাৰক আহ্বান জনায় ।

ৰাজ্য চৰকাৰে শেহতীয়াকৈ অধিবক্তাসকলৰ বাবে ক‘ৰ্পাছ ফাণ্ড(Corpus Fund)লৈ 5 কোটি টকা ধাৰ্য কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে সাধাৰণ সম্পাদকগৰাকীয়ে । ইফালে ক’ভিড(Covid)ত মৃত্যু হোৱা অধিবক্তাসকলৰ পৰিয়াললৈ প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে আৰ্থিক সহায় আগবঢ়াইছে ৰাজ্য চৰকাৰে ৷

এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক পত্ৰযোগে নিৰ্দেশ দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে ৷

লগতে পঢ়ক : Income Tax Raid : লোহিয়া গ্ৰুপৰ বিৰুদ্ধে আয়কৰ বিভাগৰ 200 জনীয়া দলৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.