গুৱাহাটী, 13 জানুৱাৰীঃ সোমবাৰে তৃতীয় খেলো ইণ্ডিয়া প্ৰতিযোগিতাত অসমৰ বাবে আৰু এটা ৰূপৰ পদক লাভ কৰিলে হৃদয় হাজৰিকাই। কাহিলিপাৰাৰ শ্বুটিং ৰেঞ্জত হৃদয় হাজৰিকাৰ এই সফল্যই উৎফুল্লিত কৰি তোলে খেলখন উপভোগ কৰিবলৈ যোৱা দৰ্শক সকলক । ২১ বছৰ অনু্ৰ্ধ্বৰ ১০ মিটাৰ ৰেঞ্জৰ শ্বুটিং খেলখনৰ আৰম্ভণি অতি নিৰাশাজনক আছিল যদিও খেল অন্ত হোৱাৰ কিছু পূৰ্বে হৃদয়ে অতি উন্নত খেল দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে ৰূপৰ পদক লাভ কৰে ।
ইপিনে তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত গুজৰাটক আৰু এটা স্বৰ্ণ পদক দিলে ৰুচিৰাজ ভাগীৰথ চিন জাদেজাই । ১০ মিটাৰ ৰেঞ্জৰ শ্বুটিঙত দুৰ্দান্ত প্ৰদৰ্শনেৰে গুজৰাটৰ বাবে স্বৰ্ণ আনিলে ৰুচিৰাজে। আৰম্ভণিৰে পৰা ৰুচিৰাজ প্ৰদৰ্শন আছিল অতিকৈ দুৰ্দান্ত । ২১ বছৰ অনু্ৰ্ধ্বৰ ১০ মিটাৰ ৰেঞ্জৰ শ্বুটিং খেলখনত ৰুচিৰাজে আৰম্ভণিতে অগ্ৰগতি লাভ কৰিছিল যদিও মাজত তেওঁ কিছু সময়ৰ বাবে পিছ পৰাৰ পিছত শেষৰ ফালে তেওঁ পুনৰ অগ্ৰগতি লাভ কৰি অৱশেষত স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয়। ৰুচিৰাজে খেলখনত মুঠ ২৪৯.৪ পইণ্ট লাভ কৰে। মহাৰাষ্ট্ৰৰ শাহু তুষাৰ মানে ২২৭.২ পইণ্ট লাভ কৰি তৃতীয় স্থান দখল কৰে।