গুৱাহাটী, 29 এপ্ৰিল : অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ নিজা উৎপাদন কেন্দ্ৰত খাদী কাপোৰেৰে সুলভ মূল্যত মাস্ক তৈয়াৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই বিষয়ে সংবাদমাধ্যমৰ আগত অৱগত কৰে ব'ৰ্ডৰ অধ্যক্ষ ডা৹ কমলাকান্ত কলিতাই । অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডে 50 লাখ মাস্ক তৈয়াৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । বৰ্তমানলৈ 5 লাখ মাস্ক তৈয়াৰ কৰি অসমৰ ৰাইজৰ বাবে উলিয়াই দিয়া বুলিও জানিবলৈ দিয়ে অধ্যক্ষ গৰাকীয়ে।
বৰ্তমান পৰিস্থিতিত মাস্কৰ প্ৰয়োজন সৰ্বাধিক হৈ পৰাৰ বাবে খাদী ব'ৰ্ডে থলুৱাভাৱে পৰিৱেশ অনুকূল আৰু ৰাইজ উপকৃত হ'ব পৰাকৈ মাস্ক তৈয়াৰ কৰাৰ ব্যৱস্থা কৰিছে । আনহাতে, এই মাস্কৰ বজাৰ মূল্য গুণাগুণ অনুযায়ী 25 টকা আৰু 35 টকা ধাৰ্য কৰা হৈছে । ইয়াৰ লগতে খাদী ব'ৰ্ডে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক 2000 খাদী মাস্ক বিনামূলীয়া কৈ যোগান ধৰিছে বুলিও জানিবলৈ দিলে অধ্যক্ষ গৰাকীয়ে।
আনহাতে, বৰ্তমানলৈকে বিভিন্ন চৰকাৰী আৰু বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে অসম খাদী ব'ৰ্ডৰ সৈতে পৰিবেশ অনুকূল খাদী মাস্ক বিচাৰি যোগাযোগ কৰাৰ কথা অৱগত কৰে অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ ডা৹ কমলাকান্ত কলিতাই।
লগতে পঢ়ক : ৰাজ্যত গাহৰিৰ মৃত্যু সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল