ETV Bharat / state

আগন্তুক নিৰ্বাচনক লৈ সাজু কামৰূপ জিলা প্ৰশাসন - কামৰূপ প্ৰশাসণ

১১ তাৰিখে ৰাজ্যৰ ৫টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব লগা ভোটদানৰ বাবে প্ৰচাৰত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল। ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু কামৰূপ প্ৰশাসন

আগন্তুক নিৰ্বাচনক লৈ সাজু কামৰূপ প্ৰশাসণ
author img

By

Published : Apr 9, 2019, 10:45 PM IST

গুৱাহাটী, 9 এপ্ৰিলঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো চলিছে নিৰ্বাচনৰ গৰম বতাহ। ৰাজ্যৰ 14 টা লোকসভা সমষ্টিত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ প্ৰতিখন জিলাৰ প্ৰশাসনৰ লগতে কামৰূপ জিলা প্ৰশাসনো সাজু হৈ উঠিছে। আগন্তুক 23 এপ্ৰিলত গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব লগা ভোট গ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু কামৰূপ জিলা প্ৰশাসন।

আগন্তুক নিৰ্বাচনক লৈ সাজু কামৰূপ প্ৰশাসণ

গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনে হাতত লৈছে বিশেষ ব্যবস্থা। ভোট গ্ৰহণৰ লগতে এইবাৰ কামৰূপ জিলাত নিয়োজিত কৰা হৈছে 9 হাজাৰ বিষয়া-কৰ্মচাৰী । এই ৯ হাজাৰ বিষয়া-কৰ্মচাৰী জিলা প্ৰশাসনে প্ৰদান কৰিছে তিনিটা পৰ্যায়ত প্ৰশিক্ষণ। কামৰূপ জিলাত 59 খন ভোট কেন্দ্ৰক ক্ৰিকেটেল ভোট কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে। লোকসভা নিৰ্বাচনকলৈ কামৰূপ আবকাৰী বিভাগো বিশেষভাৱে তৎপৰ হোৱা দেখা গৈছে । জিলা প্ৰশাসন কার্যালয়ৰ পৰা আবকাৰী বিভাগে নিৰীক্ষণ কৰিব বটলিং প্লেন আৰু ৱেব হাউচ সমূহৰ কাম কাজ । বিভিন্ন সংবাদ মাধ্যম সমূহৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব প্ৰশাসনে । প্ৰতিটো নিউজ চেনেল আৰু বাতৰি কাকতৰ নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে একোজনকৈ পৰ্যবেক্ষক।

গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে নিয়োগ কৰিছে ফ্লাইং স্কুৱাডৰ 13 টাকৈ দল। প্ৰতিটো ফ্লাইং স্কুৱাডৰ দলত তিনিজনকৈ বিষয়া নিয়োজিত হৈ থাকিব।

Intro:সমগ্ৰ দেশৰ লগতে ৰাজ্যতো গৰম নিৰ্বাচনী বতাহ। অহা ১১ তাৰিখে ৰাজ্যৰ ৫টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হ'বলগা ভোটদানৰ বাবে প্ৰচাৰত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল। ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু প্ৰশাসন।

Body:দিল্লীত এইবাৰ কোনে চৰকাৰ গঠন কৰিব, ইয়াৰ উত্তৰ অহা ২৩ মে তাৰিখে পোৱা যাব। চৰকাৰ গঠনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনত জয় লাভ কৰিবলৈ দিনে-নিশাই চলাইছে প্ৰচাৰ অভিযান। ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ প্ৰতিটো জিলাৰ প্ৰশাসনৰ লগতে কামৰূপ জিলা প্ৰশাসনো সাজু হৈ উঠিছে। অহা ২৩ এপ্ৰিলত গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত হ'বলগা ভোট গ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু কামৰূপ জিলা প্ৰশাসন। গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনে হাতত লৈছে বিশেষ ব্যবস্থা। ভোট গ্ৰহণৰ লগতে এইবাৰ কামৰূপ জিলাত নিয়োজিত কৰা হৈছে ৯ হাজাৰ বিষয়া-কৰ্মচাৰী। এই ৯ হাজাৰ বিষয়া-কৰ্মচাৰী জিলা প্ৰশাসনে প্ৰদান কৰিছে তিনিটা পৰ্যায়ত প্ৰশিক্ষণ। কামৰূপ জিলাত ৫৯ খন ভোট কেন্দ্ৰক ক্ৰিকেটেল ভোট কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে।

বাইট ১: বিশ্বজিত পেগু, উপায়ুক্ত, কামৰূপ মহানগৰ জিলা

লোকসভা নিৰ্বাচনকলৈ অৱকাৰী বিভাগেও বিশেষ তৎপৰ হোৱা দেখা গৈছে। জিলা প্ৰশাসন কার্যলয়ৰ পৰা অৱকাৰী বিভাগে নিৰীক্ষণ কৰিব বটলিং প্লেন আৰু ৱেব হাউচ সমূহৰ কাম কাজ। বিভিন্ন সংবাদ মাধ্যম সমূহৰ ওপৰতো তীক্ষ্ণ দৃষ্ঠি ৰাখিব প্ৰশাসনে। প্ৰতিটো নিউজ চেনেল আৰু বাতৰি কাকতৰ নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে একোজনকৈ পৰ্য্যাবেক্ষক।

বাইট ২: বিষয়া, অৱকাৰী বিভাগ

বাইট ৩: বিষয়া, সংবাদ মাধ্যম পৰ্য্যাবেক্ষক

Conclusion:গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে নিয়োগ কৰিছে ফ্লাইং স্কুৱডৰ ১৩টাকৈ দল। প্ৰতিটো ফ্লাইং স্কুৱডৰ দলত তিনিজকৈ বিষয়া নিয়োজিত হৈ থাকিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.