ETV Bharat / state

AJB Fellowship Award : বিশিষ্ট পৰিচালক পুলক গগৈলৈ অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ সন্মান - অসম জাতীয় বিদ্যালয় সন্মান

ঘোষণা কৰা হ’ল ২২-২৩ বৰ্ষৰ অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ সন্মান প্ৰাপকৰ নাম (Assam Jatiya Bidyalay Fellowship Award for 2022-23 Announced)৷ ২২-২৩ বৰ্ষৰ অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ সন্মান আগবঢ়োৱা হৈছে বিশিষ্ট চিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা পুলক গগৈলৈ ৷ লগতে ঘোষণা কৰা হৈছে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা অসম জাতীয় বিদ্যালয় সন্মান । তেওঁলোক হ’ল প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি, গীতিকাৰ তথা শিশু সাহিত্যক পদ্মশ্ৰী এলি আহমেদ, বিশিষ্ট গীতিকাৰ-সংগীত শিল্পী ড৹ লক্ষ্যহীৰা দাস, গৱেষক তথা অধ্যাপক ড৹ বীৰেন্দ্ৰ নাথ দত্ত আৰু বিশিষ্ট শিক্ষাবিদ ফণী চেতিয়া ৷

AJB Fellowship Award
বিশিষ্ট পৰিচালক পুলক গগৈলৈ অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ সন্মান
author img

By

Published : Oct 14, 2022, 6:18 PM IST

গুৱাহাটী,১৪ অক্টোবৰ : বিশিষ্ট চিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা পুলক গগৈলৈ আগবঢ়োৱাৰ হৈছে ২২-২৩ বৰ্ষৰ অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ সন্মান (Assam Jatiya Bidyalay Fellowship Award for 2022-23 Announced) । অহা ৩০ অক্টোবৰত অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসে বিশিষ্ট শিল্পীগৰাকীলৈ আগবঢ়াব এই বিশেষ সন্মান । শুকুৰবাৰে সংবাদমেল যোগে এই কথা সদৰী কৰে অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ সচিব ডাঃ নাৰায়ন শৰ্মাই ।

বিশিষ্ট পৰিচালক পুলক গগৈলৈ অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ সন্মান

তেওঁ কয় যে, ৰাষ্ট্ৰীয় তথা আন্তঃৰ্জাতিক পৰ্যায়ত যিকেইজন মুষ্টিমেয় অসমীয়া নিজস্ব কৰ্মৰাজিৰে উজলি উঠিছে তাৰে ভিতৰত চিত্ৰশিল্পী, চলচিত্ৰ নিৰ্মাতা,পৰিচালক পুলক গগৈ অন্যতম । অসমৰ সাংস্কৃতিক জগতত বৰেণ্য শিল্পীগৰাকীয়ে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই ন্যাসে এই সিদ্ধান্ত গ্ৰহণ কৰে । অসম জাতীয় বিদ্যালয়ৰ এই ফেল’শ্বিপত থাকিব স্মাৰক, সম্বৰ্ধনা, অংগবস্ত্ৰ, কিতাপৰ টোপোলা, জাতীয় বিদ্যালয়ৰ প্ৰতীক সম্বলিত গামোচা আৰু দুবছৰৰ বাবে প্ৰতিমাহে ৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান ।

২০০৮ চনৰ পৰা অসম জাতীয় বিদ্যালয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছে ৷ অৱশ্যে ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে যোৱা দুটা বৰ্ষত অসম জাতীয় বিদ্যালয় ন্যাসে প্ৰদান কৰিব পৰা নাছিল জাতীয় বিদ্যালৰ ফেল’শ্বিপ সন্মান । ইফালে অসম জাতীয় বিদ্যালয়ৰ ফেল’শ্বিপৰ উপৰিও সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে অসম জাতীয় বিদ্যালয় সন্মান ।

লগতে পঢ়ক : Agricultural revolution in Jonai: জোনাইত এজন যুৱকৰ কৃষি বিপ্লৱ

২০২২ বৰ্ষৰ বাবে এই সন্মান লাভ কৰিছে প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি, গীতিকাৰ তথা শিশু সাহিত্যক পদ্মশ্ৰী এলি আহমেদ, বিশিষ্ট গীতিকাৰ-সংগীত শিল্পী ড৹ লক্ষ্যহীৰা দাস, গৱেষক তথা অধ্যাপক ড৹ বীৰেন্দ্ৰ নাথ দত্ত আৰু বিশিষ্ট শিক্ষাবিদ ফণী চেতিয়া । অসম জাতীয় বিদ্যালয় সন্মান লাভ কৰা পাঁচগৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ২৫ হাজাৰ টকাকৈ আগবঢ়াব ন্যাসে ।

অহা ৩০ অক্টোবৰত অসম জাতীয় বিদ্যালয় প্ৰেক্ষাগৃহত বিয়লি ভাগত অনুষ্ঠিত হ’ব লগা বিশেষ অনুষ্ঠানত আয়োজন কৰা বিশেষ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ন্যাসৰ সচিব ডাঃ নাৰায়ন শৰ্মাই । ইফালে অহা ২৯ অক্টোবৰত হ’বলগীয়া অসম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ‘‘গীত মাতৰ গধূলি’’ত উপস্থিত থাকিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো ।

উল্লেখ্য যে, শুকুৰবাৰে আয়োজিত এই সংবাদমেলত অসম জাতীয় বিদ্যালয়ৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধাৰী, অধ্যক্ষ ঘনশ্যাম মেধি, উপাধ্যক্ষ ৰবীন্দ্ৰ বৰ্মণ, জ্যেষ্ঠ শিক্ষক অসীম কৃষ্ণ বৰুৱা উপস্থিত থাকে ।

লগতে পঢ়ক : অগপ শক্তিশালী হ’লেহে আঞ্চলিকতাবাদ শক্তিশালী হ’ব: অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.