ETV Bharat / state

কাৰাগাৰৰ ভিতৰত 5000 জাতীয় পতাকা প্ৰস্তুত কাৰাবন্দীৰ

author img

By

Published : Aug 13, 2022, 10:15 PM IST

প্ৰথমবাৰৰ বাবে ৰাজ্যৰ কাৰাগাৰসমূহৰ ভিতৰত প্ৰস্তুত কৰা হৈছে জাতীয় পতাকা ৷ আগন্তুক 2023 চনৰ গণতন্ত্ৰ দিৱসক লক্ষ্য কৰি ৰাজ্যৰ প্ৰত্যেকখন কাৰাগাৰতে 5000 জাতীয় পতাকা চিলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কয়দীসকলে (Assam jail inmates to stich 5000 tricolours)৷

Assam jail inmates to stich 5000 tricolours for 2023 Republic Day celebrations
কাৰাগাৰৰ ভিতৰত 5000 জাতীয় পতাকা প্ৰস্তুৰ কাৰাবন্দীৰ

গুৱাহাটী, 13 আগষ্ট: স্বাধীনতা দিৱস সমাগত ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাক্ৰমে সমগ্ৰ দেশৰ লগতে অসমতো 13 আগষ্টৰ পৰা 15 আগষ্টলৈ 75 সংখ্যক স্বাধীনতা দিৱস উলহে-মালহে আয়োজন কৰা হৈছে ৷ ৰাজ্যৰ কাৰাগাৰসমূহো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ৷

স্বাধীনতা দিৱসৰ উপলক্ষে ৰাজ্যৰ কাৰাগাৰসমূহত ব্যাপক প্ৰস্তুতি চলিছে ৷ কিয়নো এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ কাৰাগাৰসমূহৰ ভিতৰত প্ৰস্তুত কৰা হৈছে জাতীয় পতাকা ৷ আগন্তুক 2023 চনৰ গণতন্ত্ৰ দিৱসক লক্ষ্য কৰি ৰাজ্যৰ প্ৰত্যেকখন কাৰাগাৰতে 5000 জাতীয় পতাকা চিলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কয়দীসকলে (Assam jail inmates to stich 5000 tricolours)৷ ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপত অসম কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই(Assam Inspector General of Prisons) কয় যে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে কাৰাগাৰৰ বন্দীসকলে কাৰাগাৰৰ ভিতৰত জাতীয় পতাকা প্ৰস্তুত কৰিছে (Jail inmates to stich 5000 tricolours for 2023 Republic Day celebrations)৷

"হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশস্বৰূপে কাৰাগাৰসমূহৰ ভিতৰত জাতীয় পতাকা চিলাই কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে ৷ এইবাৰ কাৰাগাৰৰসমূহৰ ভিতৰতো কাৰাবন্দীসকলে প্ৰস্তুত কৰা জাতীয় পতাকা উত্তোলন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই ৷ কেৱল এয়াই নহয় কাৰাবন্দীসকলে প্ৰস্তুত কৰা জাতীয় পতাকাসমূহ বিপনীযোগে বিক্ৰী কৰাও হ’ব ৷ ইয়াৰ বাবে এক বিশেষ বিপনীৰ ব্যৱস্থা কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই ৷

ইয়াৰোপৰি আজাদী কা অমৃত মহোৎসৱৰ(Azadi Ka Amrit Mahotsav) প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন কাৰাগাৰৰ পৰা 18 গৰাকী কাৰাবন্দীক মুকলি কৰাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ ভিতৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অতি কমেই চাৰিগৰাকী কাৰাবন্দীক মুকলি কৰি দিয়া হ’ব ৷ তাৰ পিছতে যোৰহাট আৰু ডিব্ৰুগড়ৰৰ কেন্দ্ৰীয় কাৰাগাৰপৰা চাৰি গৰাকীকৈ কাৰাবন্দী, কেন্দ্ৰীয় কাৰাগাৰ নগাঁৱৰ দুগৰাকী কাৰাবন্দী, অভয়াপুৰী জিলা কাৰাগাৰৰ পৰা এগৰাকী কাৰাবন্দী আৰু নগাঁও বিশেষ কাৰাগাৰৰ পৰা তিনিগৰাকী কাৰাবন্দীক মুকলি কৰি দিয়া হ’ব ৷

আনহাতে চলিত বৰ্ষৰ জুন মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহক কিছু শ্ৰেণীৰ কাৰাবন্দীক ৰেহাই দিবলৈ আৰু তেওঁলোকক তিনিটা পৰ্যায়ত মুকলি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল কাৰাগাৰ কৰ্তৃপক্ষসমূহক ৷ ইয়াৰ অধীনত 15 আগষ্ট, 2022 (ভাৰতৰ স্বাধীনতাৰ 75 বছৰ), 26 জানুৱাৰী 2023 (গণতন্ত্ৰ দিৱস) আৰু পুনৰ 15 আগষ্ট (2023)ত তিনিটা পৰ্যায়ত কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ব ৷

এই বিশেষ ৰেহাই প্ৰচেষ্টাৰ অধীনত 50 বছৰ বা তাতকৈ উৰ্ধ্বৰ কাৰাবন্দী মহিলা, যিসকলে কাৰাবন্দীয়ে মুঠ শাস্তিৰ ম্যাদৰ 50 শতাংশ সম্পূৰ্ণ কৰিছে, 50 বছৰ বা তাতকৈ উৰ্ধ্বৰ কাৰাবন্দী ট্ৰেন্সজেণ্ডাৰ, যিসকল কাৰাবন্দীয়ে মুঠ শাস্তিৰ ম্যাদৰ 50 শতাংশ সম্পূৰ্ণ কৰিছে, 50 বছৰ বা তাতকৈ উৰ্ধ্বৰ কাৰাবন্দী পুৰুষ, 70 শতাংশ বিকলাংগ লোক আৰু 18-21 বছৰৰ ভিতৰত কম বয়সত অপৰাধ কৰা কাৰাবন্দী আৰু কোনো অপৰাধত জড়িত নোহোৱা কাৰাবন্দীসকলে বিশেষ ৰেহাই লাভ কৰিব ৷

লগতে পঢ়ক: Azadi Ka Amrit Mahotsav, স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ কণ্ঠ আজিও উচ্চাৰিত হয় দিল্লীৰ ঐতিহাসিক জামা মছজিদত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.