ETV Bharat / state

Assam International trade fair : মহানগৰীত ৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব অসম ইণ্টাৰনেশ্যনেল ট্রেড ফেয়াৰ

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 7:55 AM IST

স্বেচ্ছাসেৱী অনুষ্ঠান 'সদিচ্ছা'ৰ উদ্যোগত 5 নৱেম্বৰৰ পৰা 14 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব "অসম ইন্টাৰনেশ্যনেল ট্রেড ফেয়াৰ 2023" । এই বাণিজ্য মেলাত উপলব্ধ হ’ব কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ সামগ্ৰী ।

Assam International trade fair
মহানগৰীত ৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব অসম ইণ্টাৰনেশ্যনেল ট্রেড ফেয়াৰ

গুৱাহাটী, 20 অক্টোবৰ : সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান 'সদিচ্ছা'ৰ উদ্যোগত অহা 5 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈকে গুৱাহাটীৰ চান্দমাৰীৰ অসম ইঞ্জিনীয়াৰিং ইনষ্টিটিউটৰ খেলপথাৰত অনুষ্ঠিত হ'ব "অসম ইন্টাৰনেচনেল ট্রেড ফেয়াৰ 2023" । এই ট্রেড ফেয়াৰৰ যোগেদি গ্রাহকসকলে বিদেশত বজাৰ কৰাৰ দৰেই অভিজ্ঞতা লাভ কৰাৰ এক মঞ্চ প্ৰদান কৰা হ'ব ।

15 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই ট্ৰেড ফেয়াৰত অংশগ্রহণ কৰিব বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বহু ঠাইৰ ব্যৱসায়িক প্রতিষ্ঠানে ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে সদিচ্ছাৰ সভাপতি মনালিছা বৰুৱা আৰু সাধাৰণ সম্পাদক ময়ুৰী দত্তই ৷

ট্ৰেড ফেয়াৰত অংশগ্ৰহণ কৰিবলগীয়া বিদেশী ৰাষ্ট্ৰকেইখন হৈছে আফগানিস্তান, থাইলেণ্ড, বাংলাদেশ আৰু শ্রীলংকা। আফগানিস্তানৰ বিপণীত উপলব্ধ হ'ব-ড্রাই ফুডছ, ছিড়ছ, আলমণ্ড, ছাহি জিৰা আৰু আছাফেটিদা । আনহাতে থাইলেণ্ডৰ বিপণীত উপলদ্ধ হ'ব নকল ফুল, সুন্দৰ অলংকাৰ খেলাৰ সামগ্ৰী কাপোৰ বেগ জৈৱিক ঔষধ আৰু থাই স্পা ।

শ্রীলংকাৰ বিপনিত থাকিব সূক্ষ্ম কাৰুকাৰ্য খচিত পাথৰ, ৰত্ন, মছলা, চাহপাত, মুকুতা, জেমছ আৰু বিভিন্ন পাথৰ । বাংলাদেশৰ বিপণীত উপলব্ধ হ'ব ঢাকাই জামদানি শাৰীৰ লগতে তাঁতৰ শাৰী, মেলামাইনৰ সামগ্ৰী, বিছনা চাদৰ, বেগ, কুশন কভাৰ আৰু গাৰু ক'ভাৰ । লগতে উক্ত মেলাত বিভিন্ন হস্তশিল্পজাত সামগ্ৰীৰো বিপণি থাকিব এই ট্রেড় ফেয়াৰত ।
উল্লেখ্য যে, জনকল্যাণমূলক বিভিন্ন কৰ্মৰাজিৰে সমাজত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা "সদিচ্ছা'ৰ জন্ম হৈছিল গুৱাহাটীৰ কেইগৰাকীমান সমাজ সচেতন মহিলাৰ আশাসুধীয়া প্ৰচেষ্টাত। সংগঠনটোৱে কৰ্মৰাজিত যাতে অর্থনৈতিক দিশটো হেঙাৰ হৈ থিয় দিব নোৱাৰে, তাৰ বাবে এই অসম ইন্টাৰনেশ্যনেল ট্রেড ফেয়াৰ 2023 আয়োজন কৰিছে বুলি সদৰী কৰে ।

ইয়াৰোপৰি, পোন প্ৰথমবাৰৰ বাবে সদিচ্ছাৰ উদ্যোগত আয়োজন কৰা এই ট্রেড ফেয়াৰত দিহানাম আৰু পৰম্পৰাগত জাতীয় সাজপাৰৰ এক প্রতিযোগিতাও অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে আয়োজকসকলে ৷

লগতে পঢ়ক: Golaghat Triple Murder Case : 87 দিনৰ অন্তত গোলাঘাট ত্ৰিপল্ মাৰ্ডাৰৰ 28 পৃষ্ঠাজোৰা শ্বাৰ্জশ্বীট দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.