গুৱাহাটী, ৪ জুলাই: ১৯৮৫ চনৰ ১০ মে'ত শিলপুখুৰীত সংঘটিত এটা পুৰণি হত্যাকাণ্ডৰ গোচৰত হেৰুওৱা কেছ ডায়েৰীক লৈ হাহাকাৰ লাগিছে গৃহ বিভাগত । ৩৮ বছৰ পূৰ্বে হেৰুওৱা এই গোচৰটোৰ সোমবাৰে কেছ ডায়েৰী বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰীৰ আদালতে গৃহ বিভাগৰ যুটীয়া সচিবক কেছ ডায়েৰী হেৰুওৱা বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে কেছ ডায়েৰীৰ প্ৰতিলিপি হ'লেও ন্যায়ালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।
উল্লেখযোগ্য যে ১৯৮৫ চনৰ ১০ মে'ত শিলপুখুৰীৰ ঘটনাটোৰ সংক্ৰান্তত ২০১৯ চনত দাখিল কৰা এখন লেখ আবেদন (৪৭০/১৯)ৰ শুনানিৰ সময়ত অলপতে এই নিৰ্দেশ দিয়ে আদালতে । শিলপুখুৰীৰ ইউনাইটেড কমাৰ্চিয়েল বেংকত দিন-দুপৰতে সংঘটিত হৈছিল এটা ভয়ংকৰ ডকাইতি কাণ্ড । ৫জনীয়া এটা দুর্বৃত্তৰ দল বেংকটোত প্ৰৱেশ কৰি প্ৰথমে নিৰাপত্তাৰক্ষীৰ অস্ত্র-শস্ত্ৰ কাঢ়ি লয় ।
ইয়াৰ পাচতে দলটোৰ এজন সদস্যই বেংকৰ মেনেজাৰ গিৰীশ গোস্বামীৰ মূৰলৈ লক্ষ্য কৰি গুলীচালনা কৰে । ঘটনাত থিতাতে নিহত হয় বেংকৰ মেনেজাৰ গিৰীশ গোস্বামী । ইয়াৰ পাচতে বেংকৰ সমষ্ট ধন লুট কৰি এখন গাড়ীৰে পলায়ন কৰে ৫ জনীয়া দুর্বৃত্তৰ দলটোৱে ।
উল্লেখ্য যে এই ঘটনাত নিহত গিৰীশ গোস্বামী আছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্রী গোস্বামী মহন্তৰ ভাতৃ । ঘটনাটো সংঘটিত হোৱাৰ পাচতে সেই সময়ত সমগ্র ৰাজ্য তোলপাৰ লাগিছিল । পৰৱৰ্তী সময়ত চানমাৰি আৰক্ষীয়ে গোচৰৰ অভিযোগনামা আদালতত দাখিল কৰে ।
অভিযোগনামাত এই ঘটনাত আলফা জড়িত থকাৰ কথা উল্লেখ কৰা হয় । লগতে মুঠ ১৩জন লোক এই ঘটনাত জড়িত থকাৰ কথা আৰক্ষীয়ে উল্লেখ কৰিছিল । ইয়াৰে ১০জনক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হয় ।
আনহাতে, আলফা নেতা পৰেশ বৰুৱা, নৱ কুমাৰ আৰু হীৰকজ্যোতি মহন্তক পলাতক ঘোষণা কৰে আৰক্ষীয়ে । বিগত ৩৮ বছৰৰ পূর্বে সংঘটিত হোৱা এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া আজিও আৰম্ভ নহ'ল । কাৰণ বিচাৰ প্ৰক্ৰিয়া চলাবলৈ আদালতত কেছ ডায়েৰীখন বিচাৰি পোৱা নগ'ল ।
কেছ ডায়েৰী বিচাৰি তথা গোচৰৰ শুনানি সম্পূর্ণ কৰিবৰ বাবে গিৰীশ গোস্বামীৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত পূর্বে কেইবাখনো আবেদন দাখিল কৰিছিল । আবেদনৰ শুনানিৰ সময়ত চানমাৰি আৰক্ষীয়ে আদালতক অৱগত কৰে যে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত কেছ ডায়েৰী দাখিল কৰা হৈছিল ।
লগতে পঢ়ক: Meteorological Centre issues orange alert: সাৱধান ৰাজ্যবাসী, আকৌ আহি আছে বৰষুণ