ETV Bharat / state

বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত অসমে সফলতা লাভ কৰিছে : ড৹ হিমন্ত বিশ্ব শৰ্মা - ড৹ হিমন্ত বিশ্ব শৰ্মা

বহনক্ষম উন্নয়ন(Sustainable Development)ৰ ক্ষেত্ৰত আজিও পিছ পৰি‌ থকা নাই অসম । নিটি আয়োগৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য । এই‌ প্ৰতিবেদনে ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙোৱাৰ পিছত গা লৰিছে অসম চৰকাৰৰ।‌

Assam has achieved success in sustainable development.
বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত অসমে সফলতা লাভ কৰিছে
author img

By

Published : Jun 18, 2021, 8:09 PM IST

গুৱাহাটী ১৮ জুন: 'বহনক্ষম উন্নয়ন(Sustainable Development)ৰ ক্ষেত্ৰত অসমে শেহতীয়া সময়ছোৱাত পূৰ্বতকৈ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে । ২০১৮ চনত অসমৰ স্থান আছিল 'এছপাইৰেন্ট' শাখাত । কিন্তু এইবাৰ আগুৱাই নিটি আয়োগৰ প্ৰতিবেদনত অসমে বহনক্ষম উন্নয়ন(Sustainable Development)ৰ ক্ষেত্ৰত 'পাৰফৰমাৰ' ৰাজ্যৰ স্থান লাভ কৰিছে। গতিকে বহুতে কোৱাৰ দৰে অসম পিছ পৰি থকা নাই ।'

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বহনক্ষম উন্নয়ন বিষয়ক এক কৰ্মশালাৰ শেষত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ৷ লগতে পৰৱৰ্তী সময়ত চৰকাৰে আন আন মাপক সমূহক আগবঢ়াই আনিবলৈ সক্ষম হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

সংবাদ মেলত মুখ্যমন্ত্ৰী শৰ্মাই দাঙি ধৰা তথ্য অনুসৰি সামগ্ৰিকভাবে এছ ডি জি(SDG) মাপকত সৰ্বভাৰতীয় হাৰতকৈ তলত থাকিলেও অসমে এছ ডি জি - 7 অৰ্থাৎ 'এফৰডেব'ল এন্ড ক্লীন এনাৰ্জী' ৰ ক্ষেত্ৰত ৯৮ নম্বৰেৰে প্ৰথম স্থানত আছে ।‌‌ দ্বিতীয়তে, এছ ডি জি - ১০ আৰু এছ ডি জি ১২ ক্ৰমে অসমানতা হ্ৰাস আৰু বহনক্ষম ব্য়য় আৰু উৎপাদনৰ ক্ষেত্ৰতো অসমে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল ।‌

বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত অসমে সফলতা লাভ কৰিছে

একেদৰে এছ ডি জি -১৫ হিচাপে চিহ্নিত 'লাইফ অন লেণ্ড' ৰ ক্ষেত্ৰতো অসম আন ৰাজ্যৰ তুলনাত ধাৰাবাহিকভাবে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঙুলিয়াই দিছে ।‌‌ কিন্তু অতি আশ্বৰ্যজনকভাৱে এক বৃহৎ পৰিমানৰ ৰাজহুৱা পুঁজি খৰচ কৰাৰ পিছতো অসম মান পূৰ্ণ শিক্ষা, লিংগ বৈষম্য, ভোকৰ পৰা মুক্তি, ঔদ্যোগিক বিকাশ, উদ্ভাৱনীমূলক প্ৰকল্প আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত পিছ পৰি আছে অসম ।

নিটি আয়োগৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতেই অসম চৰকাৰ বহনক্ষম উন্নয়নৰ মাপক সমূহক গুৰুত্ব দিয়া টো লক্ষণীয় বুলি বিবেচিত হৈছে । পূৰ্বৰ চৰকাৰৰ সময়তো বহনক্ষম উন্নয়ন সমিতি গঠন কৰা হৈছিল যদিও সেয়া আছিল কাৰ্যতঃ অস্তিত্বহীন ।‌‌‌ উল্লেখযোগ্য যে মাইক্ৰফাইনেঞ্চ(Microfinance) সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰা এই সংবাদ মেলত উপস্থিত থাকে কেবিনেট মন্ত্ৰী অশোক সিংঘাল আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা ।‌

লগতে পঢ়ক: বিৰোধীৰ বিশ্বাস ভঙাত পাৰ্গত নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.