গুৱাহাটী, 12 মেঃ 23 মে'ত প্ৰতিষ্ঠা কৰা হ'ব উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ । বিগ্ৰহ স্থাপনৰ এই শুভ দিনটো দুদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ কৰা হব৷
975 বছৰ পুৰণি গ্ৰহটো দেৱালয়ৰ পৰা চোৰ হোৱাৰ ফলতে শুভ ক্ষণ নিৰ্ণয় কৰি 23 তাৰিখ বৃহস্পতিবাৰে অৰ্থাৎ বিগ্ৰহ চোৰ হোৱা বাৰতেই স্থাপন কৰিব বুলি দেওবাৰে এখন সংবাদ মেলৰ জৰিয়তে মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে । দেৱালয়খনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই কয় যে উক্ত দিনটোত পুৰণি বিগ্ৰহৰ লগতে নতুন বিগ্ৰহকো একেলগে স্থাপন কৰা হব ৷
উল্লেখ্য যে 22 মে ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উগ্ৰতাৰা মহোৎসৱ আয়োজন কৰা হৈছে । 23 মে ত পুৱা 9 বজাত নান্নী মুখ শ্ৰাদ্ধ , 11 বজাত ব্ৰহ্মপুত্ৰৰ পৰা জলযাত্ৰা আৰু 12 বজাৰ পৰা মূৰ্তি প্ৰতিষ্ঠাৰ কাম কাজ আৰম্ভ হব । লগতে 12 বজাৰ পৰাই মূলপূজা , দেৱতাৰ স্নান ,প্ৰতিষ্ঠাৰ হোম চণ্ডীপাঠ তাৰা পূজা সকলো শুভ কাৰ্য অনুষ্ঠিত হব।